ETV Bharat / state

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ জোৰদাৰ প্ৰচাৰ: দিল্লীত ৩৭ খনৰো অধিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত, বাণিজ্য প্ৰতিনিধিক সাক্ষাৎ মুখ্যমন্ত্রীৰ - ADVANTAGE ASSAM SUMMIT

অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজন কৰা হৈছে এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ ।

ADVANTAGE ASSAM 2
এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ জোৰদাৰ প্ৰচাৰ (X@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : 22 hours ago

গুৱাহাটী: মুম্বাইৰ পাছত দিল্লীত বাহৰ পাতি মঙলবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে ৩৭ খনৰো অধিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আৰু বাণিজ্য প্ৰতিনিধিক । অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজন কৰা হৈছে এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ । বিনিয়োগকাৰীক আকৰ্ষণৰ লক্ষ্যৰেই দেশৰ ভিন্ন প্ৰান্তৰ উদ্যোগী তথা বিদেশৰ প্ৰতিনিধিক সাক্ষৎ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে শনিবাৰে বিয়লি মুম্বাইলৈ যোৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই তিনিদিনত মুম্বাইত দেশৰ আগশাৰীৰ উদ্যোগপতিক সাক্ষাৎ কৰি এডভাণ্টেজ আছাম ২.০ৰ বাবে আমন্ত্রণ জনায় । আজি দিল্লীত মুখ্যমন্ত্রীয়ে ৩৭খনৰো অধিক দেশৰ ৰাষ্ট্ৰদূত আৰু বাণিজ্য প্ৰতিনিধিৰে আলোচনাত মিলিত হৈ এডভাণ্টেজ আছাম ২.০ৰ বাবে আমন্ত্রণ জনায় ।

দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে অসম হৈছে ভাৰতৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ অংশ ৷ নতুন দিল্লীত মুখ্যমন্ত্রীয়ে ৰাষ্ট্ৰদূত আৰু বাণিজ্য প্ৰতিনিধিসকলক সাক্ষাৎ কৰি নতুন যুগীয় খণ্ডসমূহত ৰাজ্যত এক মুক্ত নীতি ব্যৱস্থাৰ সৈতে বিশাল বিনিয়োগৰ সম্ভাৱনাৰ দিশত আলোকপাত কৰে ।

দিল্লীত ৩৭খন দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ সৈতে বৈঠকত মিলিত হোৱাৰ উপৰি মুখ্যমন্ত্ৰীয়ে ফেডাৰেচন অব ইউৰোপিয়ান বিজনেছ ইন ইণ্ডিয়া আৰু ইউৰোপিয়ান ইউনিয়নৰ সৈতেও বৈঠকত মিলিত হয় । এই সন্দৰ্ভত আজি মুখ্যমন্ত্রীয়ে দিল্লীত এখন সংবাদমেল সম্বোধন কৰে । মুখ্যমন্ত্রীয়ে সদৰী কৰা অনুসৰি এডভাণ্টেজ আছামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অংশ গ্ৰহণ কৰিব ।

মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে অসমৰ অৰ্থনৈতিক সম্ভাৱনাক বহু দেশে স্বীকাৰ কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "এডভাণ্টেজ আছাম ২.০ৰ যোগেদি অসমৰ ঔদ্যোগীকৰণৰ নতুন দিনৰ সূচনা হ’ব । মোৰ প্ৰথম লক্ষ্য হৈছে মানুহ যাতে অসমলৈ আহে । অসমলৈ অহা উদ্যোগক গ্ৰীণ পাৱাৰ দিয়া হ’ব । চাবোনৰ পৰা তেললৈ, পানীৰ পৰা উৰাজাহাজলৈ, যি উদ্যোগ আহে সকলোকে আদৰণি জনাম । অসমত ডিফেঞ্চ কৰিড’ৰ স্থাপন কৰা হ’ব । ডিফেঞ্চ কৰিড’ৰ হোৱা তৃতীয়খন ৰাজ্য হ’ব অসম । অসমত পানী আৰু খনিজ পদাৰ্থৰ অপাৰ সম্ভাৱনা আছে ।"

লক্ষণীয় বিষয় যে দেশৰ লগতে বিদেশৰ প্ৰতিনিধি আৰু উদ্যোগীসকলক মুখ্যমন্ত্ৰীয়ে এডভাণ্টেজ আছাম ২.০লৈ আমন্ত্রণ জনায় । মুখ্যমন্ত্রীয়ে ভূটান ভ্ৰমণৰ পৰাই এডভাণ্টেজ আছাম ২.০ৰ প্ৰচাৰ আৰম্ভ কৰি তিনিদিন মুম্বাইত বাহৰ পাতি দেশৰ প্ৰতিষ্ঠিত আৰু আগশাৰীৰ উদ্যোগপতিসকলক সাক্ষাৎ কৰি দাঙি ধৰিলে অসমৰ অৰ্থনৈতিক উন্নয়নৰ খতিয়ান । দেশৰ উদ্যোগপতিসকলক আকৰ্ষণৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে নতুন অসমৰ পৰিচয় । অসমৰ জিডিপি হাৰ বৃদ্ধি, অসমৰ নিৰ্মাণখণ্ডৰ দ্ৰুত উন্নয়ন, স্থল পথৰ লগতে জলপথ আৰু বিমান পৰিৱহণৰ সুচলতা বৃদ্ধি, জাগীৰোডত টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পই সূচনা কৰা অৰ্থনৈতিক উন্নয়নৰ নতুন নতুন সম্ভাৱনাৰ বিষয়ে মুখ্যমন্ত্রীয়ে সদৰী কৰে ।

অসমলৈ ঘূৰি অহা শান্তিয়ে শেহতীয়াকৈ অসমত বিনিয়োগৰ এক পৰিবেশ সৃষ্টি কৰিছে । এনেধৰণৰ তথ্যসমৃদ্ধ প্ৰদৰ্শনীৰে মুখ্যমন্ত্রীয়ে বিনিয়োগকাৰীক মুখ্যমন্ত্ৰীয়ে নতুন অসমৰ পৰিচয় দিছে । এডভাণ্টেজ আছাম ২.০লৈ মুখ্যমন্ত্ৰীয়ে আমন্ত্ৰণ জনোৱা অধিকাংশ উদ্যোগপতিয়েই সঁহাৰি জনাইছে । এই বিনিয়োগ সন্মিলনে অসমক দেশৰ নতুন বিনিয়োগৰ ডেষ্টিনেশ্যন কৰিব বুলি আশা কৰা হৈছে । লক্ষণীয় বিষয় যে এক্ট-ইষ্ট পলিচীয়ে অসমলৈ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাত সহায় কৰিছে ।

এক্ট-ইষ্ট পলিচীৰ সহায়ত এছিয়া-পেচিফিক অঞ্চলৰ দেশসমূহৰ সৈতে অৰ্থনৈতিক সহযোগিতা, সাংস্কৃতিক সম্পৰ্ক বৃদ্ধি আৰু কৌশলগত সম্পৰ্ক গঢ়ি তোলাৰ পদক্ষেপৰ ফলত লাহে-লাহে অসম তথা উত্তৰ-পূবত বিনিয়োগৰ সম্ভাৱনা বাঢ়িছে । সেইবাবেই দক্ষিণ-পূব এছিয়াৰ দুৱাৰদলিত অৱস্থান কৰা অসমে বাংলাদেশ, ভূটান আৰু নেপালৰ লগতে ইণ্ডোনেছিয়া, ভিয়েটনাম, লাওছ, ব্ৰুনাই, থাইলেণ্ড, ম্যানমাৰ, ফিলিপাইনছ, কম্বোদিয়া, ছিংগাপুৰ আৰু মালয়েছিয়াৰ বজাৰ দখলৰ সম্ভাৱনীয়তাৰ ব্যাখ্যাৰে বিনিয়োগকাৰীক আকৰ্ষণৰ চেষ্টা চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

চাহ আৰু পেট্ৰ’লিয়ামৰ পাছত শেহতীয়াকৈ কৃষি, খাদ্য সংশাধন, পৰ্যটন, হস্তশিল্প আৰু তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত অসম আগবাঢ়ি যোৱাৰ তথ্য বিনিয়োগকাৰীক দিলে মুখ্যমন্ত্ৰীয়ে । প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিবলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণে অসমৰ উন্নয়নৰ ৰূপৰেখা সলনি কৰাৰ সম্ভাৱনা প্ৰৱল । বিশেষকৈ এই বিনিয়োগ সন্মিলনৰ ফলত অসমত বহুকেইটা প্ৰতিষ্ঠানে আন্তঃগাঁথনি, যোগাযোগ, শক্তিখণ্ড, তথ্য-প্ৰযুক্তি, প্ৰতিৰক্ষা, এ’ৰ’স্পেছ, যান-বাহনৰ নিৰ্মাণ, স্বাস্থ্যসেৱা, কৃষিজনিত উদ্যোগ, পৰ্যটনখণ্ডত বুজন পৰিমানৰ বিনিয়োগ কৰাৰ সম্ভাৱনা আছে ।

জানিব পৰা মতে মুম্বাই আৰু দিল্লীৰ পাছত কলকাতা, বেংগালুৰু, হায়দৰাবাদ আৰু আহমেদাবাদতো উদ্যোগী আৰু বিনিয়োগকাৰীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আনহাতে আজি সন্ধিয়া দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই আজি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ উপস্থিতিত নতুন দিল্লীত এডভাণ্টেজ আছাম ২.০ৰ প্ৰচাৰ শৃংখলাৰ অংশ হিচাপে অনুষ্ঠিত বিনিয়োগকাৰী ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানটোৱে অসমক আৰ্থিক বিকাশ আৰু উন্নয়নৰ কেন্দ্ৰ হিচাপে উন্নীত কৰাৰ উদ্দেশ্যে বিনিয়োগৰ সুযোগ আকৰ্ষণ কৰাত সহায়কৰ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: এডভাণ্টেজ অসম ২ : কংগ্ৰেছৰ বিৰোধিতাৰ মাজতে মুম্বাইত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.