ETV Bharat / state

শীতৰ সময়ত কৃষকসকলৰ প্ৰতি চিকিৎসকৰ বিশেষ পৰামৰ্শ - DHEMAJI FREE HEALTH CAMPS

স্বাস্থ্যৰ প্ৰতি সজাগ-সচেতন নোহোৱাৰ বাবেই প্ৰচণ্ড শীতৰ সময়ত বিভিন্ন সমস্যাত পৰে কৃষকসকল ।

Free health camps
শীতৰ সময়ত কৃষকসকলৰ প্ৰতি চিকিৎসকৰ বিশেষ পৰামৰ্শ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 6, 2025, 10:23 AM IST

ধেমাজি : প্ৰচণ্ড শীত হওঁক বা অসহ্যকৰ গৰমেই হওঁক, কৃষকসকলে পথাৰত অহৰহ কঠোৰ পৰিশ্ৰম কৰি পৰিয়াল ভৰণ-পোষণৰ দায়িত্ব লয় । এনে পৰিস্থিতিত তেওঁলোকে নিজৰ স্বাস্থ্যৰ যত্ন ল'বলৈ আহৰি নাপায় ৷

বিশেষকৈ ভিতৰুৱা অঞ্চলৰ নিৰক্ষৰ কৃষকসকলে স্বাস্থ্যৰ প্ৰতি সজাগ-সচেতন নোহোৱাৰ বাবেই বিভিন্ন সমস্যাত পৰে । সম্প্ৰতি প্ৰচণ্ড শীতৰ কৱলত পৰিছে ৰাজ্য । এই শীতৰ মাজতো পথাৰত ব্যস্ত হৈ পৰিছে কৃষকসকল । ফলস্বৰূপে শীতৰ সময়ছোৱাত সচৰাচৰ হোৱা ৰোগত আক্ৰান্ত হৈছে কৃষকসকল । দেহত নতুন নতুন উপসৰ্গই দেখা দিছে । সেয়ে কৃষকসকলক উদ্দেশ্যি চিকিৎসকে বিশেষ পৰামৰ্শ আগবঢ়াইছে ।

শীতৰ সময়ত কৃষকসকলৰ প্ৰতি চিকিৎসকৰ বিশেষ পৰামৰ্শ (ETV Bharat Assam)

কৃষকৰ কিয় হৈছে কঁকালৰ বিষ, পেটৰ বিষ ?

জানুৱাৰীৰ পহিলা সপ্তাহৰ প্ৰচণ্ড শীতৰ আগমনত ধেমাজি জিলাৰ পাহাৰৰ সীমান্তৱৰ্তী আওহতীয়া অঞ্চলৰ নিলখ মিছামাৰী চাপৰি অঞ্চলৰ সকলো চহা গাওঁবাসীয়ে 'বিষ' জাতীয় বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভুগিছে । এতিয়া পুহমহীয়া জাৰত অঞ্চলটোৰ সৰহ সংখ্যক কৃষকে কঁকালৰ বিষ আৰু পেটৰ অসুখত ভুগিছে ৷ ইফালে অঞ্চলটোৰ পৰা ধেমাজি সদৰৰ চিকিৎসালয়লৈ দূৰত্ব প্ৰায় ৩০ কিলোমিটাৰ ৷ সেয়ে চিকিৎসাৰ পৰ্যাপ্ত সুবিধাৰ পৰা বঞ্চিত হৈছে লোকসকল । যাৰ বাবে স্থানীয় নৱজ্যোতি যুৱ সংঘই সাধাৰণ কৃষক তথা তেওঁলোকৰ পৰিয়ালৰ বাবে বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰে । য'ত কৃষকসকলে জ্যেষ্ঠ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া চিকিৎসাৰ লগতে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, ঔষধৰ ব্যৱস্থা কৰা হয় ৷ এই শিবিৰত মিছামাৰী চাপৰি প্ৰাথমিক বিদ্যালয়ত অঞ্চলটোৰ দুশৰো অধিক লোকে স্বাস্থ্য পৰীক্ষা কৰে ।

চিকিৎসকৰ পৰামৰ্শ

স্বাস্থ্য পৰীক্ষাত উপস্থিত থকা ধেমাজিৰ বিশেষজ্ঞ চিকিৎসক দিগন্ত ভাগৱতীয়ে এই সন্দৰ্ভত কয়, "প্ৰধানতঃ বিষৰ সমস্যাত থকা ৰোগীৰ সংখ্যা বেছি পাইছো । পেটৰ ৰোগীৰ সংখ্যাও বেছি পাইছো ৷ আমি মানুহবিলাকে কোনো নীতি-নিয়ম মানি চলি কাম নকৰো ৷ আমাৰ গাঁৱৰ বেছিখিনি মানুহ খেতিয়ক আৰু তেওঁ কাম কৰিবই লাগিব ৷ পথাৰত যাবই লাগিব । সকলো ধৰণৰ গধুৰ কাম কৰিবলগীয়া হয় ৷ আমাৰ গাঁৱলীয়া অঞ্চলৰ মানুহৰ স্বাস্থ্য শিক্ষাৰ প্ৰয়োজন আছে বুলি অনুভৱ কৰো ৷ তেওঁলোকো স্বাস্থ্য়ৰ প্ৰতি সচেতন হ'ব লাগে ।"

লগতে পঢ়ক :১৮ খন গাঁৱৰ মৃদঙীয়া গায়ন-বায়নৰে মুখৰিত নামৰূপ - MRIDANGIYA GAYAN BAYAN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.