হায়দৰাবাদ : কংগনা ৰনৌত অভিনীত ৰাজনৈতিক ছবি 'ইমাৰ্জেন্সী'ৰ মুক্তিৰ তাৰিখ কাষ চাপি আহিছে । 'ইমাৰ্জেন্সী' বোলছবিখন চলিত মাহতে মুক্তি পাব । কেইবাটাও প্ৰতিবাদৰ সন্মুখীন হোৱাৰ পিছত ছবিখনে চেন্সৰ ব’ৰ্ডৰ পৰা সেউজ সংকেত লাভ কৰিছে । এতিয়া মুক্তিলৈ মাথো কেইটামান দিন বাকী থকা অৱস্থাত 'ইমাৰ্জেন্সী' চলচ্চিত্ৰখনৰ দ্বিতীয়টো ট্ৰেইলাৰ মুকলি কৰা হৈছে । কংগনা ৰনৌতে তেওঁৰ বহু প্ৰতীক্ষিত ছবি 'ইমাৰ্জেন্সী'ৰ দ্বিতীয়টো ট্ৰেইলাৰ ৬ জানুৱাৰীত মুকলি কৰিছে ।
ইয়াৰ পূৰ্বে কংগনা ৰনৌতে ২০২৪ চনত স্বাধীনতা দিৱস উপলক্ষে ছবিখনৰ প্ৰথমটো ট্ৰেইলাৰ মুকলি কৰিছিল । বহু বাধা-বিঘিনি পাৰ কৰি আহি এই বছৰৰ ১৭ জানুৱাৰীত মুক্তি পাবলৈ সাজু হৈছে ছবিখন । 6 জানুৱাৰীত মুক্তি দিয়া ইমাৰ্জেন্সীৰ ট্ৰেইলাৰে সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ পৰা যোগাত্মক প্ৰতিক্ৰিয়া লাভ কৰিছে ।
ট্ৰেইলাৰটো জয়প্ৰকাশ নাৰায়ণৰ চৰিত্ৰত অভিনয় কৰা অনুপম খেৰৰ সৈতে আৰম্ভ হয়, যিয়ে কাৰাগাৰৰ পৰা তদানীন্তন প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখি থকা দেখা গৈছে । এই দৃশ্যৰ পিছত কংগনা ৰনৌতে দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত পি এম অ'ত প্ৰৱেশ কৰে, য'ত তেওঁ কয় যে তেৱেঁই মন্ত্ৰীসভা ৷ তাৰ পিছত গুলীবৰ্ষণ, ৰাইজ আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ শব্দ আৰু ইয়াৰ পিছত ১৯৭১ চনৰ যুদ্ধ ঘোষণা কৰা হয় ৷ তাৰ পিছতে শত্ৰুৰ যুদ্ধৰ দৃশ্য আৰু ভাৰতীয় সেনাক দেখুওৱা হয় । অভিনেতা মিলিন্দ সুমনক এই দৃশ্যটোত ছেম মানেকশ্ব'ৰ চৰিত্ৰত দেখা গৈছে । ট্ৰেইলাৰৰ অন্ত পৰে ইন্দিৰা ইজ ইণ্ডিয়া সংলাপেৰে ।
উল্লেখ্য যে কংগনা ৰনৌত, অনুপম খেৰ, শ্ৰেয়াস তালপাড়ে, সতীশ কৌশিক, মিলিন্দ সুমন, মহিমা চৌধুৰী, বিশক নায়াৰক ছবিখনত গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাৰ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব । কংগনা ৰনৌতে ছবিখন নিজেই পৰিচালনা কৰিছে । ১৭ জানুৱাৰীত মুক্তি পাব ছবিখন । যোৱা ৯ টা বছৰে কংগনা ৰনৌতৰ এখন ছবিয়েও ভাল প্ৰদৰ্শন কৰিব পৰা নাই ৷ এতিয়া এই ছবিখনৰ পৰা তেওঁ বহু আশা পুহি ৰাখিছে । কংগনা ৰনৌত এতিয়া এগৰাকী ৰাজনৈতিক নেত্ৰীও । ২০২৪ চনৰ লোকসভা নিৰ্বাচনত হিমাচলৰ মাণ্ডী আসনৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে নিৰ্বাচনত জয়লাভ কৰে তেওঁ ।
ছবিখনৰ আধাৰ হ’ল ১৯৭৫ চনৰ ২৫ জুনত ভাৰতত ২১ মাহৰ বাবে জাৰি কৰা জৰুৰীকালীন অৱস্থা, যি অৱস্থা ১৯৭৭ চনৰ ২১ মাৰ্চত প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰা হৈছিল । সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী আৰু তেতিয়াৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে সংবিধানৰ ৩৫২ অনুচ্ছেদৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল ।
লগতে পঢ়ক : চেন্সৰ ব’ৰ্ড অপ্ৰয়োজনীয় সংস্থা : কংগনা ৰনৌত - Emergency movie controversy