ETV Bharat / bharat

শোকাৱহ দুৰ্ঘটনা; ২৪ ঘণ্টাত ১৪ জনৰ মৃত্যু - KARNATAKA ACCIDENT

কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাত দ' খাৱৈত বাগৰিল ট্ৰাক । ১০ জন ক্ষুদ্ৰ ব্যৱসায়ীৰ মৃত্যু । ৰায়চুৰৰ দুৰ্ঘটনাত ৩ ছাত্ৰসহ ৪ গৰাকী লোকৰ মৃত্যু ।

KARNATAKA ACCIDENT
শোকাৱহ দুৰ্ঘটনা;২৪ ঘণ্টাত ১৪ জনৰ মৃত্যু (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 22, 2025, 5:10 PM IST

কৰ্ণাটক : কৰ্ণাটকত ভয়ংকৰ পথ দুৰ্ঘটনা । যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত সংঘটিত দুটা পৃথক দুৰ্ঘটনাত ১৪ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে ।

ট্ৰাক দুৰ্ঘটনা,১০ জনৰ মৃত্যু

উত্তৰ কানাড়া জিলাত বুধবাৰে পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । বজাৰলৈ গৈ থকা অৱস্থাতে পাচলি আৰু ফল-মূল ভৰ্তি এখন ট্ৰাক দ' খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাটো আৰাৱাইল ঘাটৰ কাগেৰী পেট্ৰ'ল পাম্পৰ সমীপত সংঘটিত হয় । দুৰ্ঘটনাটোত ১০ গৰাকী লোকৰ মৃত্যু হয় । লক্ষণীয়ভাৱে নিহত আটাইকেইগৰাকী লোক হাৱেৰী জিলাৰ চাবানুৰু চহৰৰ আছিল ।

শোকাৱহ দুৰ্ঘটনা;২৪ ঘণ্টাত ১৪ জনৰ মৃত্যু (ETV Bharat)

জানিব পৰা মতে ট্ৰাকখনত পাচলি আৰু ফল-মূল লৈ প্ৰায় ৪০ গৰাকী ব্যৱসায়ী উত্তৰ কানাড়াৰ কুমতাৰ বজাৰলৈ যাত্ৰা কৰি আছিল । সেই সময়তে আৰাৱাইল ঘাটৰ ওচৰত ট্ৰাকখন দ' খাৱৈত বাগৰি পৰে । আৰক্ষীৰ মতে দুৰ্ঘটনাটোত বহু লোক গুৰুতৰভাৱে আহত হৈছে । যাৰ বাবে নিহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ।

আহতসকলৰ ভিতৰত ১৫ জনক য়াল্লাপুৰা তালুক হাস্পতালত ভৰ্তি কৰোৱা হয় । আনহাতে দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ য়াল্লাপুৰা হাস্পতাললৈ স্থানান্তৰ কৰা হয় । আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে তেওঁলোকে ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

উত্তৰ কানাড়াৰ আৰক্ষী অধীক্ষক নাৰায়ণ এময়ে দুৰ্ঘটনা সন্দৰ্ভত কয়, "পুৱতি নিশা ট্ৰাক দুৰ্ঘটনাটোত ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৫ গৰাকী লোক আহত হয় । আটাইকেইগৰাকীয়ে চাবানুৰুৰ পৰা কুমতা বজাৰলৈ পাচলি বিক্ৰী কৰিবলৈ গৈ আছিল ।

ৰায়চুৰত দুৰ্ঘটনা, ৪ জনৰ মৃত্যু

ইফালে ৰায়চুৰত আন এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । মঙলবাৰে নিশা এখন যাত্ৰীবাহী বাহন দুৰ্ঘটনাত পতিত হয় । য'ত ৪ গৰাকী লোকৰ মৃত্যু হয় । নিহতসকলৰ ভিতৰত ৩ গৰাকী ছাত্ৰ আৰু আন এজন বাহনখনৰ চালক বুলি জানিব পৰা গৈছে । এই বাহনখন মন্ত্ৰালয় সংস্কৃত বিদ্যাপীঠৰ আছিল ।

জানিব পৰা মতে বাহনখনত ১৪ গৰাকী যাত্ৰী আছিল । প্ৰত্যক্ষদৰ্শীৰ মতে তীব্ৰ গতিত অহা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে বাগৰি পৰে । জানিব পৰা মতে বাহনখন মন্ত্ৰালয়ৰ পৰা কোপ্পাল জিলাৰ নৰহৰি তীৰ্থ বৃন্দাবনলৈ যাত্ৰা কৰি আছিল । ৪ গৰাকী নিহত হোৱাৰ লগতে বাহনখনত থকা বাকী সকলো যাত্ৰীয়ে আহত বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জনোৱা মতে আহতসকলক ৰায়চুৰৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে । একেদৰে দুৰ্ঘটনা সন্দৰ্ভত সিন্ধানুৰু যান-বাহন আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক :ছত্তীশগড়-ওড়িশা সীমান্তত সংঘৰ্ষ: ১২ নক্সালবাদী নিহত - GARIABAND ENCOUNTER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.