ETV Bharat / entertainment

বলীউড কণ্ঠশিল্পী বিনোদ ৰাথোৰে জীপাল কৰিব সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া মহোৎসৱ - SINGER VINOD RATHOD IN CHARAIDEO

ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱা বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিনোদ ৰাথোৰক ফুলাম গামোচা, জাপিৰে আদৰণি অসমৰ কেইবাজনো শিল্পীৰ ৷ সোণাৰু-কাঞ্চন-কৃষ্ণচূড়াৰ পঞ্চম বর্ষপূর্তিত অংশ ল’ব শিল্পীগৰাকীয়ে ৷

bollywood singer Vinod Rathod to perform at sonaru kanchan krishnachura festival in charaideo
ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত কণ্ঠশিল্পী বিনোদ ৰাথোৰ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Jan 22, 2025, 5:08 PM IST

ডিব্ৰুগড় : ডিব্ৰুগড় বিমানবন্দৰত আজি উপস্থিত হয় বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিনোদ ৰাথোৰ । ঐতিহাসিক চৰাইদেউৰ দিচাংপানীত বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণাৰু-কাঞ্চন-কৃষ্ণচূড়াৰ পঞ্চম বর্ষপূর্তি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছে কণ্ঠশিল্পী বিনোদ ৰাথোৰ ৷ বলীউডৰ কণ্ঠশিল্পীগৰাকীক ডিব্ৰুগড় বিমানবন্দৰত আদৰণি জনাই অসমৰ কেইবাগৰাকীও শিল্পীয়ে । ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে-লগে শিল্পী তথা কলা কুশলীৰ দলটোৱে ফুলাম গামোচা, জাপি পিন্ধাই আদৰণি জনাই তেওঁক । বিপিন চাউদাং, কুমুদ কৈলাসকে ধৰি বহুকেইজন শিল্পী, কলা-কুশলী তেওঁক আদৰণি জনাবলৈ বিমানবন্দৰত উপস্থিত হয় ৷ বলীউডৰ কণ্ঠশিল্পীৰ সৈতে ফটো উঠিবলৈ ভিৰ কৰে বহু অনুৰাগীয়ে ।

উল্লেখ্য যে, প্ৰকৃতি প্ৰেমৰ বিৰল নিদৰ্শনেৰে ঐতিহাসিক চৰাইদেউৰ দিচাংপানীত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণাৰু-কাঞ্চন- কৃষ্ণচূড়াৰ পঞ্চম বর্ষপূর্তি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে । এই অনুষ্ঠানত প্ৰতিটো দিনতে অসমৰ প্ৰায় অৰ্ধ-শতাধিক জনপ্ৰিয় কণ্ঠশিল্পীয়ে অংশগ্ৰহণ কৰিছে ৷ আজি অন্তিম দিনৰ এই অনুষ্ঠানত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত বলীউডৰ কণ্ঠশিল্পী বিনোদ ৰাথোৰ আৰু চান্দনী মূখাৰ্জীয়ে গীত পৰিবেশন কৰিব । অসমলৈ আহি ভাল লগাৰ লগতে আনন্দিত হৈছো বুলি মন্তব্য কৰে বিনোদ ৰাথোৰে । অসমৰ জনপ্ৰিয় শিল্পী বিপিন চাউদাঙৰ লগতে আনসকল শিল্পীক টেলিভিশ্যনত চাই থাকো বুলিও কয় বলীউডৰ কণ্ঠশিল্পীগৰাকীয়ে ।

জনপ্ৰিয় কণ্ঠশিল্পী বিনোদ ৰাথোৰৰ ভাষ্য (ETV Bharat Assam)

কিয় অনুষ্ঠিত হৈছে সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া মহোৎসৱ :

চৰাইদেউ জিলাখনক সোণাৰু, কাঞ্চন আৰু কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীণ কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে এজন প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইয়ে । চৰাইদেউ জিলাৰ বিভিন্ন স্থানত, পথ-উপপথৰ দাঁতিত বৰ্তমানলৈকে দুই লক্ষাধিক সোণাৰু, কাঞ্চন আৰু কৃষ্ণচূড়াৰ বৃক্ষ ৰোপণ কৰি একপ্ৰকাৰৰ অভিলেখ গঢ়াৰ লগতে জনসচেতনতা সৃষ্টি কৰা জিলাখনৰ প্ৰকৃতিপ্ৰেমী অনুষ্ঠান "সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া" ই অতিক্ৰম কৰিলে পাঁচটা বছৰ ৷ প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ প্ৰচেষ্টাত জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাং, মাধৱ ৰঞ্জন, কুসুম কৈলাস, নীল আকাশকে ধৰি শিল্পী সমাজৰ সহযোগত বৰ্তমান এক বৃহৎ অনুষ্ঠানলৈ পৰিণত হোৱা "সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া" ৰ পঞ্চম বর্ষপূর্তি অনুষ্ঠান যোৱা ১৮ জানুৱাৰীৰ পৰা চৰাইদেউৰ দিচাংপানীত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ।

লগতে পঢ়ক : স্ক্ৰীপ্ট লিখাৰ ১৯ বছৰৰ পিছত ৰবি শৰ্মাই লৈ আহিছে সংস্কৃত শিৰোনামেৰে এখন অসমীয়া চিনেমা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.