নতুন দিল্লী : গো-মাংস সৰবৰাহ সম্পৰ্কীয় এক গোচৰত অসম চৰকাৰক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ । উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে অসম চৰকাৰক সমালোচনা কৰি কয় যে গো-মাংস সৰবৰাহত জড়িত লোকৰ পিছে পিছে দৌৰাৰ পৰিৱৰ্তে চৰকাৰে গঠনমূলক কিবা এটা কৰাত জড়িত হোৱা উচিত । ন্যায়াধীশ এ এছ ওকা আৰু উজ্জ্বল ভূঞাক লৈ গঠিত এখন বিচাৰপীঠে এই বিষয়টোক লৈ শুনানি গ্ৰহণ কৰিছিল ।
ন্যায়াধীশ ওকাৰ নেতৃত্বত বিচাৰপীঠে গো-মাংস সৰবৰাহৰ অভিযোগত অভিযুক্ত এজন লোকৰ বিৰুদ্ধে গোচৰৰ শুনানি গ্ৰহণ কৰে । ৰাজ্যক প্ৰতিনিধিত্ব কৰা অধিবক্তাই বিচাৰপীঠক জনাই যে মাংসৰ নমুনা পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে । অৱশ্যে বিচাৰপীঠে কয়, "এই লোকসকলৰ পিছে পিছে দৌৰাতকৈ ৰাজ্যৰ বাবে ভাল কাম কৰিব লাগে"।
অধিবক্তাই বিচাৰপীঠৰ সন্মুখত যুক্তি দি কয় যে পৰিবহণত বাধা দিয়া হৈছিল আৰু যেতিয়া প্ৰকৃত সামগ্ৰীৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল চালকজনে উত্তৰ দিব পৰা নাছিল । অধিবক্তাই কয় যে মাংসৰ নমুনা তেতিয়া ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে । অভিযুক্তৰ অধিবক্তাই দাবী কৰে যে তেওঁৰ মক্কেল এজন ৱেৰহাউচৰ গৰাকী আছিল আৰু কেৱল পেকেট কৰা কেঁচা মাংসহে পৰিবহণ কৰিছিল । বিচাৰপীঠে কয় যে কেৱল পেকেটটো চায়েই বিশেষজ্ঞৰ জ্ঞান নথকা কোনোৱে সেয়া কিহৰ মাংস নিৰ্ধাৰণ কৰাটো কঠিন ।
বিচাৰপীঠে কয়, "এজন লোকে কেনেকৈ জানিব যদি গো-মাংস বা আন কোনো মাংস থাকে ? যদি এজনে আনে তেন্তে তেওঁ কেনেকৈ চিনাক্ত কৰিব যে সেয়া কি জন্তুৰ মাংস ? খালী চকুৱে তাৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে ।"
বিচাৰপীঠে অসম গো-সুৰক্ষা আইনৰ ধাৰা ৮ ৰ কথা উল্লেখ কৰি কয় যে বিক্ৰী কৰা মাংস গো-মাংস বুলি অভিযুক্তক জনালেহে এই ব্যৱস্থা প্ৰয়োগ কৰিব পাৰি । অৱশ্যে ৰাজ্য চৰকাৰৰ অধিবক্তাই হেঁচা দিয়ে যে গুচৰীয়া মাংস পেকেজিং আৰু বিক্ৰীত জড়িত আছিল । আবেদন শুনানিৰ পিছত বিচাৰপীঠে ইয়াক স্থগিত ৰাখে । বিষয়টোক লৈ ১৬ এপ্ৰিলত পুনৰ শুনানি গ্ৰহণ কৰা হ'ব ।