ETV Bharat / bharat

প্ৰাণৰক্ষাৰ বাবে ৰে’লৰ পৰা জাঁপ, কিন্তু নিয়তিয়েহে নিদিলে লগ; নিহত 13জন - TRAIN ACCIDENT IN MAHARASHTRA

পুষ্পক এক্সপ্ৰেছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ উৰাবাতৰিৰ ফলত একাংশ যাত্ৰীয়ে জপিয়াই প্ৰাণৰক্ষাৰ চেষ্টা কৰা সময়তে বিপৰীত দিশৰ পৰা অহা কৰ্ণাটক এক্সপ্ৰেছে মহটিয়াই নিয়ে যাত্ৰীসকলক ।

TRAIN ACCIDENT IN MAHARASHTRA
মহাৰাষ্ট্ৰত ৰে’লৰ খুন্দাত ৬ জন লোক নিহত (ANI)
author img

By ETV Bharat Assamese Team

Published : Jan 22, 2025, 7:02 PM IST

Updated : Jan 22, 2025, 9:37 PM IST

জলগাঁও : মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক ভয়াৱহ ৰে’ল দুৰ্ঘটনা । পুষ্পক এক্সপ্ৰেছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ উৰাবাতৰিৰ ফলত একাংশ যাত্ৰীয়ে ৰে’লখনৰ পৰা জপিয়াই প্ৰাণৰক্ষাৰ চেষ্টা কৰে ৷ তেনে সময়তে আনটো ট্ৰেকেৰে পাৰ হৈ যোৱা কৰ্ণাটক এক্সপ্ৰেছে যাত্ৰীসকলক মহতিয়াই নিয়ে । এই ঘটনাত 13 জন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে ।

মুম্বাইৰ পৰা 400 কিলোমিটাৰ নিলগত উত্তৰ মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ পৰাণ্ডা ৰে‘ল ষ্টেচনৰ সমীপত বুধবাৰে সন্ধিয়া সংঘটিত হয় এই মৰ্মান্তিক ঘটনা । এই দুৰ্ঘটনাত 30 জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে । প্ৰথমাৱস্থাত এই ঘটনাত 11 জন লোক নিহত হৈছিল বুলি জানিব পৰা গৈছিল ৷ অৱশ্যে শেহতীয়াকৈ নিহতৰ সংখ্যা বাঢ়ি 13 জন হৈছে বুলি জানিব পৰা গৈছে ৷

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে । ইফালে আহতসকলক জলগাঁৱৰ সমীপৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।

তথ্য অনুসৰি, পুষ্পক এক্সপ্ৰেছখন লক্ষ্ণৌৰ পৰা মুম্বাইলৈ গৈছিল । একে সময়তে মনমাদৰ পৰা ভূসাৱললৈ যোৱা কৰ্ণাটক এক্সপ্ৰেছখন আনটো ট্ৰেকেৰে পাৰ হৈ গৈ আছিল ৷ সন্ধিয়া প্ৰায় 5 বজাত হঠাৎ ৰে’লখনত অগ্নিকাণ্ডৰ উৰাবাতৰি ওলোৱাত সকলো আতংকিত হৈ পৰে আৰু প্ৰাণৰক্ষাৰ বাবে ৰে’লৰ পৰা জপিয়াবলৈ ধৰে ।

কেন্দ্ৰীয় ৰে’লৱেৰ মুখ্য মুখপাত্ৰ স্বপ্নীল নীলাই এই দুৰ্ঘটনা সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰে । তেওঁ কয়, পুষ্পক এক্সপ্ৰেছৰ একাংশ যাত্ৰীয়ে নিজৰ জীৱন বচাবলৈ জপিয়াইছিল যদিও বেংগালুৰুৰ পৰা দিল্লী অভিমুখে আহি থকা কৰ্ণাটক এক্সপ্ৰেছখন তেওঁলোকৰ ওপৰেৰে পাৰ হৈ যায় ৷ ইফালে জিলাৰ এগৰাকী বিষয়াই জনোৱা মতে, এই দুৰ্ঘটনাত কমেও ৬ জন লোকৰ মৃত্যু হৈছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, চেইন টানি ৰে’লপথত নামি অহা যাত্ৰীসকলক আন এখন ৰে’লে মহতিয়াই নিয়ে । একে সময়তে ৰে’লৰ মটৰমেনে ব্ৰেক লগোৱাৰ লগে লগে চকাৰ পৰা স্ফুলিংগ ওলাবলৈ ধৰে । ইফালে ৰে’লখনত জুই লগা বুলি যাত্ৰীসকলৰ মাজত খবৰ বিয়পি পৰে । যাৰ বাবে ৰে’লখনৰ যাত্ৰীসকলৰ মাজত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় আৰু ভয় খাই যাত্ৰীসকলে দবাৰ পৰা জপিয়াই প্ৰাণৰক্ষাৰ চেষ্টা কৰে । এই ঘটনাত কিমানজন যাত্ৰীৰ মৃত্যু হৈছে সেয়া এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই ।

এই ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, জিলা আয়ুক্তকে ধৰি সংশ্লিষ্ট সকলো বিভাগৰ লোক সেই স্থানত উপস্থিত হয় । নাছিকৰ সংমণ্ডল আয়ুক্ত প্ৰবীণ গেদামে কয় যে তেওঁলোকে ডি আৰ এম আৰু ৰে’লৱেৰ বিষয়াসকলৰ সৈতে সমন্বয় সাধন কৰি আছে ।

৮ খন এম্বুলেন্স সেই স্থানত উপস্থিত হৈছে । ইয়াৰ লগতে ৰে’লৱে উদ্ধাৰ বাহিনী আৰু ৰে’লৱে এম্বুলেন্স ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে । মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি সংমণ্ডল আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: শোকাৱহ দুৰ্ঘটনা; ২৪ ঘণ্টাত ১৪ জনৰ মৃত্যু

Last Updated : Jan 22, 2025, 9:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.