গুৱাহাটী :ইংৰাজী নতুন বছৰক লৈ চৌদিশে আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে । কোনোৱে যদি বনভোজলৈ গৈছে কোনোৱে আকৌ পৰিয়ালৰ সৈতে ভাল লগা ঠাইলৈ ফুৰিবলৈ গৈছে । তাৰ মাজতে নতুন বছৰটো যেন সকলোৰে মংগলময় হয় তাৰ বাবেও সকলোৱে প্ৰাৰ্থনা কৰিছে । নতুন বৰ্ষৰ প্ৰথম দিনটোতে সুখ-সমৃদ্ধিৰ লগতে সুস্বাস্থ্য কামনাৰে ভগৱানৰ ওচৰত সকলোৱে প্রার্থনা কৰিছে । যাৰ বাবে পহিলা জানুৱাৰীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰত দৰ্শনাৰ্থীয়ে ভিৰ কৰা দেখা গৈছে । নেদেখা জনৰ আশিস বিচাৰি মঠ-মন্দিৰত ভিৰ কৰিছে ভক্তই । গুৱাহাটী মহানগৰীৰ বিভিন্ন মন্দিৰতো পুৱাৰে পৰা ভক্তৰ ভিৰ দেখা গৈছে । মহানগৰীৰ গণেশগুৰিস্থিত গণেশ মন্দিৰ, লতাশিলৰ গণেশ মন্দিৰ, কামাখ্যা, উগ্ৰতাৰা দেৱালয়, লাচিত নগৰৰ হনুমান মন্দিৰ, বশিষ্ঠ মন্দিৰ সকলোতে সেৱা লৈছে ভক্তই ।
কামাখ্যা ধাম :নৱবৰ্ষৰ প্ৰথম দিনটোত শক্তিপীঠ কামাখ্যাত ভক্তৰ ভিৰ দেখা গৈছে । নতুন বছৰটোত মনৰ আশা পূৰণ হোৱাৰ কামনাৰে ভক্তসকলে মা কামাখ্যাৰ ওচৰত আশিস লৈছে । সমগ্ৰ ভাৰততে বিস্তৃত মুঠ ৫১ খন শক্তিপীঠৰ মাজৰ অন্যতম হৈছে কামাখ্যা । নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰত প্ৰতিদিনে দেশী-বিদেশী হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় ।
উগ্ৰতাৰা দেৱালয় :একেদৰে মহানগৰীৰ মাজমজিয়াৰ উগ্ৰতাৰা দেৱালয়ত অনুৰূপ দৃশ্য দেখা গৈছে । চাকি-ধূপ, ফুল আগবঢ়াই নতুন বছৰটো যেন ভালে যায় তাৰ বাবে প্ৰাৰ্থনা জনাইছে । উগ্ৰতাৰা দেৱাল গুৱাহাটীৰ লতাশিল অঞ্চলত অৱস্থিত । এই মন্দিৰৰ পিছফালে যোৰপুখুৰী আছে ।
শক্তিপীঠসমূহৰ ভিতৰত অন্যতম উগ্ৰতাৰা দেৱালয় । লোকবিশ্বাস মতে দেৱী সতীৰ নাভি পৰিছিল এই উগ্ৰতাৰা দেৱালয়ত । উগ্ৰতাৰা দেৱালয় আহোম স্বৰ্গদেউ শিৱ সিংহই ১৭২৫ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাইছিল ।
গণেশ মন্দিৰ :পুৱাৰে পৰা লতাশিলৰ গণেশ মন্দিৰত ভক্তৰ লানি নিছিগা ভিৰ দেখা গৈছে । লতাশিলৰ গণেশ মন্দিৰটো হলিৰাম দাসে প্ৰতিষ্ঠা কৰিছিল । বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয় থকা স্থানত পূৰ্বতে আকাশবাণী গুৱাহাটী কেন্দ্ৰ আছিল ।