গোলাঘাট,১৮ আগষ্ট:গোলাঘাটৰ মক্ৰং চাহ বাগিচাত সংঘটিত হয় এক ভয়ংকৰ অঘটন । নিৰ্মীয়মাণ পকী দেৱাল খহি মৃত্যুক সাৱতিলে এটি ৮ বছৰীয়া নাবালকে । মৃত নাবালকটিৰ নাম আৰনেচ লাক্ৰা । ঘৰৰ ওচৰতে থকা এখন বিদ্যালয়ৰ কাষতে থকা এটা কালী মন্দিৰৰ নিৰ্মীয়মাণ পকী দেৱাল নাবালকটিৰ গাত হঠাৎ খহি পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্ত নাবালকটিক ততালিকে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।
স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি গোলাঘাটৰ মক্ৰং গাঁও পঞ্চায়ৰ ৫ নং ৱাৰ্ডত কালী মন্দিৰ বাউণ্ডেৰীৰ ৱাল নিৰ্মাণৰ বাবে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত অনুমোদন দিছিল কিন্তু পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে মন্দিৰ পৰিচালনা সমিতিৰ কোনো সদস্যক নিৰ্মাণ সমিতিত নলৈ নিজৰ স্বামী দীপক ৰাজখোৱাক পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত এই পকী দেৱালখন নিৰ্মাণ কৰিছিল । পিছে দেৱালখন নিৰ্মাণ কৰা এবছৰৰ ভিতৰতে খহি পৰিল ।