নিউজ ডেস্ক, ২ জুলাই: ৰাজ্যত বান পৰিস্থিতিয়ে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া পানীৰ তলত ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী-বিধায়কৰ লগতে আমোলা-বিষয়া সকলোকে নিৰ্দেশ দিছে বানৰ সময়ত ৰাইজক সহায়ৰ লগতে পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে ৷ অব্যাহত আছে উদ্ধাৰ অভিযান ৷ ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈ সমূহৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে ভিন্ন অঞ্চল ৷
গহপুৰৰ বান পৰিস্থিতি:ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ গহপুৰ বিধানসভা সমষ্টিৰ দক্ষিণ অঞ্চলৰ প্ৰায় ৫০ খনৰো অধিক গাঁও বানৰ কবলত পৰিছে । বানত প্লাৱিত হৈছে গহপুৰ ন ন অঞ্চল ৷ হাহাকাৰ পৰিস্থিতি গহপুৰ বিভিন্ন অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ মাজত ৷ বিশেষকৈ সমষ্টিটোৰ দক্ষিণ অঞ্চলৰ কলাবাৰী, মাগুনি, ৰাঙলীয়াল লাওদলনিকে ধৰি প্ৰায় ৫০ খন গাঁও এতিয়া পানীৰ তলত । নাই কোনো পথ, অধিকাংশ পথ এতিয়া পানী তলত ৷ মাত্ৰ এখন হাত নাও লৈ কোনোমতে নিৰাপদ ঠাই বিচাৰি ঢাপলি মেলা দেখা গৈছে বানাক্ৰান্ত ৰাইজক । ইফালে গহপুৰত নগৰৰ গাতে লাগি থকা চত্ৰঙ নদীৰ পানীয়ে প্লাৱিত কৰিছে মধ্য চত্ৰঙকে ধৰি বিভিন্ন অঞ্চল ৷ চত্ৰঙৰ বানে ভাবুকি কঢ়িয়াই আনিছে গহপুৰ নগৰলৈও ।
কাজিৰঙাতো ভয়াৱহ বান পৰিস্থিতি:ফেনে-ফোটোকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙাৰ বিভিন্ন এলেকা বুৰাই পেলাইছে ৷ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ বিভিন্ন বন শিবিৰ এলেকা বুৰাই পেলোৱাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বহু অঞ্চল বুৰ গৈছে বানত ৷ বাঢ়নী পানীত সম্প্ৰতি কাজিৰঙা তথা বোকাখাতৰ শতাধিক গাঁও বুৰ গৈছে ৷ বানৰ ফলত বিলাই-বিপত্তি নোহোৱা হৈছে অঞ্চলসমূহৰ ৰাইজৰ ৷ পশুধনৰ অৱস্থাও তথৈবচ ৷ খাদ্য-আশ্ৰয়ৰ অভাৱত হাহাকাৰ কৰা জনগণক সকাহ দিবলৈ সাংঘাতিক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই স্থানীয় প্ৰশাসনে ৷ ইপিনে, মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ বান বিধ্বস্ত এলেকা ভ্ৰমণ কৰি বুজ লৈছে পৰিস্থিতিৰ ৷
মৰিগাঁৱতো বানৰ তাণ্ডৱ:মৰিগাঁও জিলাৰ ভূৰাগাঁও, মায়ং আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ ১৫৬ খন গাঁও সাম্প্ৰতিক বানৰ কবলত । ইয়াৰে ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ ৫৩ খন, মায়ং ৰাজহ চক্ৰৰ সৰ্বাধিক ৭৫ খন আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনৰ ২৮ খন গাঁও বানত বানৰ কবলত পৰিছে । সাম্প্ৰতিক বানত শিশু আৰু মহিলাকে ধৰি প্ৰায় ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে । মায়ঙত ঘৰৰ ছালেৰে পানী কাটিছে । জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰয়োজনীয় ঠাইসমূহত সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে । জিলা প্ৰশাসনে সাম্প্ৰতিক বানৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জনাইছে ।
ভূৰাগাঁৱৰ শৈল্য বান্ধলৈ ভাবুকি: ভূৰাগাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে পূৰ্বতে নিৰ্মাণ কৰা শৈল্য বান্ধক লৈ শংকিত এতিয়া ভূৰাগাঁওবাসী । যিকোনো মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে খহাই নিয়াৰ উপক্ৰম হৈছে শৈল্য বান্ধটো । ইতিমধ্যে অঞ্চলটোত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় ।
জোনাইত বানৰ মাজতে মৃতদেহ উদ্ধাৰ:প্ৰলয়ংকৰী বানৰ তাণ্ডৱ চলি থকাৰ মাজতে এটা অচিনাক্ত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয় জোনাই মহকুমাৰ বৰং সাধু ঘাটত ৷ জানিব পৰা মতে চেঙাজান আৰক্ষী থানাৰ অন্তৰ্গত গালি চিকাৰীৰ বৰং অঞ্চলৰ সাধু ঘাটত মৃতদেহটো দুপৰীয়া ভাগত এগৰাকী নাৱৰীয়াই প্ৰত্যক্ষ কৰে ৷ তাৰ পিচতেই ৰাইজে আৰক্ষীক খবৰ দিয়ে । চেঙাজান আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো নিজৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে ৷ লালী নদীৰ বানত উটি অহাৰ সন্দেহ মৃতদেহটো ৷