গুৱাহাটী, ৩০ জুলাই :ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে নিশা প্ৰায় ১২ বজালৈকে হোৱা সন্মিলনৰ পাচত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া । জিলা আয়ুক্তৰে হোৱা সন্মিলনৰ পাচত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কেতবোৰ মন্তব্য কৰে ৷
- জিলা আয়ুক্তৰে সন্মিলন :
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আজি জিলা আয়ুক্তৰে সন্মিলন হৈ গ'ল । নিশা ১২ বজালৈকে প্ৰায় ১৩ ঘণ্টা সন্মিলন চলিল । আজিও নিশা ১২-১ বজালৈ সন্মিলন চলিব । ইয়াৰ মাজতে ৰাজ্যপালৰ শপত গ্ৰহণ অনুষ্ঠানত থাকিম । প্ৰতি ছয়মাহৰ অন্তৰে অন্তৰে জিলা আয়ুক্তৰ অনুষ্ঠিত কৰা হয় । চৰকাৰী আঁচনিসমূহ কিদৰে অতি ভালদৰে ৰূপায়ন কৰা সন্দৰ্ভত আলোচনা কৰা হয় ।
তেওঁ কয়, ‘‘লগতে নতুন আঁচনিসমূহ ৰূপায়ণৰ পৰিকল্পনা সম্পৰ্কেও আলোচনা কৰা হয় । এইবাৰ লখিমপুৰত কৰাৰ কথা আছিল যদিও বানপানীৰ বাবে গুৱাহাটীত অনুষ্ঠিত কৰা হৈছে ।’’
লগতে পঢ়ক :চৰকাৰী কাৰ্যসূচীত এতিয়াৰে পৰা নচলিব আমিষ খাদ্য: মুখ্যমন্ত্ৰীৰ নিৰ্দেশ - Assam Government
- খাদ্যৰ ব্যৱস্থা :
সন্মিলনত জিলা আয়ুক্তসকলক দিয়া পৰামৰ্শ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মুখ্যমন্ত্ৰী নাইবা মন্ত্ৰীসকল গ'লে জিলা আয়ুক্তসকলে ভালৰো ভাল খাদ্যৰ ব্যৱস্থা কৰে । এইটো হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী থকা দিনৰ পৰাই প্ৰত্যক্ষ কৰি আহিছো । কিন্তু মই নিজে মুখ্যমন্ত্ৰী হোৱাৰ পাচত অনুভৱ কৰিছো যে এজন ব্যক্তিৰ বাবে ইমান আয়োজনৰ প্ৰয়োজন নাই । যাৰ বাবে মই কৰোবালৈ গ'লে মোৰ খাদ্য সাধাৰণ নিৰামিষ আহাৰ হ'ব লাগে বুলি নিৰ্দেশনা দিয়া হৈছে । কিবা খাব মন গলে দলীয় কাৰ্যকৰ্তা নাইবা মন্ত্ৰীৰ ঘৰত গৈ খাই আহিম । কিন্তু চৰকাৰী ব্যৱস্থাটো সাধাৰণ নিৰামিষ হ'ব লাগে ।’’
তেওঁ কয়, ‘‘নিৰ্দেশ দিয়াৰ পাচতো জিলা আয়ুক্তসকলে কেতিয়াবা কেতিয়াবা অলপ ডাঙৰকৈ আয়োজন কৰে । আজি জিলা আয়ুক্ত সকলক কোৱা হৈছে যে মই মুখ্যমন্ত্ৰী হৈ থকা দিনলৈকে কেতিয়াও ডাঙৰকৈ খোৱাৰ ব্যৱস্থা নকৰিব । চৰকাৰী অনুষ্ঠানত নিৰামিষ খাদ্যৰ বাহিৰে আন কোনো ব্যৱস্থা নকৰিব । কেৱল বাহিৰৰ পৰা কোনোবা অতিথি আহিলে ভালদৰে আপ্যায়নৰ ব্যৱস্থা কৰিব ।’’
- মুখ্যমন্ত্ৰীৰ গাড়ীৰ সংখ্যা :
মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘আগতে একোজন মুখ্যমন্ত্ৰীৰ লগত ২৮ ৰ পৰা ৩২ খন গাড়ী গৈছিল । মই মুখ্যমন্ত্ৰী হোৱাৰ পাছত নিৰ্দেশ দিছিলো যে গুৱাহাটীত মোৰ গাড়ীৰ সংখ্যা ১২ খনৰ বেছি হ'ব নালাগে । সেই সংখ্যাও লাহে লাহে কমাই ৭-৮ খন কৰা হৈছে । অৱশ্যে মই চেষ্টা কৰিলেও কিছুমান কাম কৰিব নোৱাৰো । এখন গাড়ী কৰিব নোৱাৰো ।’’
তেওঁ কয়, ‘‘গুৱাহাটীত ঠিকে আছে যদিও জিলাসমূহলৈ গ'লে গাড়ীৰ সংখ্যা ২২ ৰ পৰা ২৫ খনলৈ বৃদ্ধি পায় । যাৰ বাবে জিলা আয়ুক্তসকলক কোৱা হৈছে যে মই য’তেই নাযাও কিয় মোৰ কনভয়ত ১০-১২ খনৰ বেছি গাড়ী যাতে নাথাকে ।’’
তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰীৰ ওচৰলৈ কোনো আহিব নোৱাৰাকৈ ডাঙৰ ডাঙৰকৈ বাঁহৰ বেৰিকেড দিয়াৰ ব্যৱস্থাটো নকৰাৰ বাবে জিলা আয়ুক্ত সকলক কোৱা হৈছে । মোৰ ভ্ৰমণৰ সময়ত যাতে কোনো ৰাস্তা বন্ধ কৰা নহয় তাৰে বাবে কোৱা হৈছে । সাধাৰণ জনতাৰ কোনো অসুবিধা হ'ব নালাগে । আমি সাধাৰণ আৰু সাত্ত্বিক জীৱন যাপনৰ প্ৰচেষ্টা কৰিব লাগে ।’’