মঙলদৈ, 22 জুলাই :জ্যেষ্ঠ অধিবক্তা লুটফুৰ ৰহমানৰ দেহাৱসান ৷ মঙলদৈ উকীল সন্থাৰ সদস্য তথাজ্যেষ্ঠ অধিবক্তা লুটফুৰ ৰহমানৰ মঙলদৈ আদালত চৌহদত থকা অৱস্থাতে দুপৰীয়া আকস্মিকভাৱে মৃত্যু হয় ৷ অধিবক্তাগৰাকীয়ে আজি মঙলদৈৰ 2 নং কনিষ্ঠ দেৱানী ন্যায়াধীশৰ আদালত কক্ষৰ ভিতৰত থকাৰ সময়তে হঠাৎ অসুস্থ হৈ ঢলি পৰে ৷ লগে লগে তেওঁক সহকৰ্মী অধিবক্তাই মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷
মৃদুভাষী, সকলোৰে প্ৰিয় অধিবক্তা লুটফুৰ ৰহমানৰ আকস্মিক মৃত্যুৰ বাতৰি পাই স্বাভাৱিকতে মঙলদৈ আদালত চৌহদৰ লগতে অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ তেখেতৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিচতে মঙলদৈ অসামৰিক চিকিৎসালয় অধিবক্তা, পৰিয়ালৰ লোক, শুভাকাংক্ষীৰে ভৰি পৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 53 বছৰ ৷ মঙলদৈ চহৰৰ 2 নং ৱাৰ্ডৰ নিবাসী লুটফুৰ ৰহমানৰ পত্নী চাবিনা ইয়াছমিনো মঙলদৈ উকীল সন্থাৰ এগৰাকী সদস্য আৰু কৰ্মৰত অধিবক্তা ৷