অসম

assam

ETV Bharat / sports

বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ দুখনকৈ আই পি এল মেচ - IPL 2024 - IPL 2024

IPL 2024: গুৱাহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে ৷ এই কথা নিশ্চিত কৰিলে ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে ৷

Etv BharatIPL 2024
বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ দুখনকৈ আইপিএল মেচ

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 7:14 PM IST

গুৱাহাটীৰ, 21 মাৰ্চ : অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ ৷ অহা মে’ মাহত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দুখনকৈ আই পি এল মেচ ৷ বৃহস্পতিবাৰে এই কথা সদৰী কৰিছে ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে ৷

উল্লেখ্য যে, 22 মাৰ্চৰ পৰা আৰম্ভ হ’ব 17 সংখ্যক আই পি এল মহাৰণ ৷ লোকসভা নিৰ্বাচনৰ প্ৰতি দৃষ্টি ৰাখি বি চি চি আয়ে ইতিমধ্যে প্ৰতিযোগিতাখনৰ প্ৰাৰম্ভিক সূচী ঘোষণা কৰিছে ৷ অহা সপ্তাহত লীগৰ পৰৱৰ্তী মেচৰ সূচী প্ৰকাশ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

ইফালে, ব’ৰ্ডৰ সচিব জয় শ্বাহে 17 সংখ্যক আই পি এলৰ সকলো মেচ ভাৰততে হ’ব বুলি ব্যক্ত কৰিছে ৷ ইয়াৰ পিচতে আজি ৰঞ্জিত বৰঠাকুৰেও ৰাজস্থান ৰয়েলছে গুৱাহাটীত দুখনকৈ মেচ খেলাৰ বিষয়ে নিশ্চিত কৰিছে ৷ সূচী প্ৰকাশ নকৰিলেও গুৱাহাটীৰ দুয়োখন মেচ মে’ত অনুষ্ঠিত হোৱাৰ বিষয়ে বৰঠাকুৰে ব্যক্ত কৰে ৷

উল্লেখ্য যে, পূৰ্বতে অহা 5 আৰু 16 মে’ত ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰাত মেচ দুখন খেলাৰ কথা আছিল ৷ কিন্তু গুৱাহাটী লোকসভা নিৰ্বাচনৰ ভোটদানৰ দিন অহা 7 মে’ত হোৱাৰ বাবে এতিয়া মে’ৰ তৃতীয়-চতুৰ্থ সপ্তাহত মেচ দুখন হ’ব বুলি সদৰী কৰিছে ৷

বৰঠাকুৰে কয়, ‘নিৰ্বাচনৰ বাবে অসমৰ ক্ৰিকেটপ্ৰেমী ৰাইজ উৎকণ্ঠিত হৈ আছে যে এইবাৰ গুৱাহাটীত আই পি এল মেচ হ’বনে নাই ৷ ৰাজস্থান ৰয়েলছ অসমৰ মৰমৰ দল ৷ আমি অসম তথা উত্তৰ-পূবৰ ক্ৰিকেটপ্ৰেমীক আই পি এল মেচৰ ৰোমাঞ্চৰ পৰা কোনো কাৰণতেই বঞ্চিত নকৰো ৷ যোৱাবাৰৰ দৰে এইবাৰো ৰাজস্থান ৰয়েলছে দুখন মেচ বৰ্ষাপাৰা ষ্টেডিয়ামত হ’ব ৷’

উল্লেখ্য যে বিশ্ব ক্ৰিকেটৰ সবাতোকৈ পেছাদাৰী লীগ আই পি এলৰ লগত যোৱা বছৰ প্ৰথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ-পূব ৷ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছে পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে দুখন ঘৰুৱা মেচ খেলিছিল ৷ যিগৰাকী অসমীয়াৰ বাবে এই গৌৰৱ অসমে লাভ কৰিছিল তেওঁ হ’ল আই পি এলৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছৰ অন্যতম স্বত্ত্বাধিকাৰী অসম সন্তান ৰঞ্জিত বৰঠাকুৰ ৷

‘আমি ধন ঘটিবলৈ অসমত আই পি এলৰ মেচ আয়োজন নকৰো ৷ যোৱা বছৰ দুখন মেচ আয়োজনৰ বাবে খৰচ যিমানখিনি হৈছিল তাতকৈ কম ধন লাভ কৰিছো ৷ তথাপি অসমীয়া হিচাপে মই প্ৰতিবছৰে গুৱাহাটীত খেল অয়োজন কৰাৰ সিদ্ধান্ত লৈছো ৷ আই পি এল দুখন দেশৰ খেল নহয় ৷ গুৱাহাটীত তিনিটা দলে খেলিব ৷ প্ৰতিটো দলতে বিশ্ব ক্ৰিকেটৰ তাৰকাসকল আছে ৷ সমগ্ৰ বিশ্বই গুৱাহাটীৰ আই পি এল উপভোগ কৰিব ৷ অৰ্থাৎ অসম আৰু গুৱাহাটীৰ নামটো পৰিধি নথকাকৈ বিশ্বত উচ্ছাৰণ হ’ব ৷ এয়া আমাৰ বাবে ইতিবাচক দিশ ৷ পৰৱৰ্তী সময়ত ইয়াৰ সুপ্ৰভাৱ সকলো ক্ষেত্ৰতে পৰিব ৷’ বৰঠাকুৰে লগতে কয় ৷

উল্লেখ্য যে, এইবাৰ ৰাজস্থান ৰয়েলছে অহা 24 মাৰ্চত জয়পুৰত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব ৷

লগতে পঢ়ক:ধোনী যুগৰ অৱসান, ৰুতুৰাজ গায়কোৱাড় চিএছকেৰ নতুন অধিনায়ক - IPL 2024

ABOUT THE AUTHOR

...view details