ETV Bharat / state

উৰুকা আৰু বিহুৰ দিনাৰ দুটাকৈ ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ - CRIME IN JORHAT

উৰুকা তথা বিহুৰ দিনাও শান্তি নাপালে আৰক্ষীয়ে । উৰুকা নিশা চলিল ড্ৰাগছ বিৰোধী অভিযান । ইফালে বিহুৰ পুৱাই উদ্ধাৰ মহিলাৰ মৃতদেহ ।

A suspicious murder case and seized of narcotics occurred in between Bhogali Bihu in Jorhat's Mariani
উৰুকা আৰু বিহুদিনাও দুটাকৈ ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 14, 2025, 8:24 PM IST

যোৰহাট: ভোগৰ উৎসৱ ভোগালী উন্মাদনাত ব্যস্ত ৰাজ্যবাসী,তাৰ মাজতে সংঘটিত হৈছে বিভিন্ন ধৰণৰ ঘটনা । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ মৰিয়নীতো সংঘটিত হৈছে দুটাকৈ চাঞ্চল্যকৰ ঘটনা । বিহুৰ পুৱাই উদ্ধাৰ শোৱাপাটীতে উদ্ধাৰ মৃতদেহ, আনহাতে উৰুকাৰ নিশা মৰিয়নী জংচনত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ এটা সৰবৰাহকাৰীক ।

লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযোগ:

মৰিয়নীৰ চেলেংহাট বাইলুং গাঁৱৰ পলাশ ফুকন ঘৰৰ শোৱাপাটীতেই উদ্ধাৰ হৈছে তেওঁ পত্নী মৃতদেহ । ঘটনা বিৱৰণি অনুসৰি দুই সন্তানৰ মাতৃ মুনুকন বৰা ফুকনক তেওঁ স্বামীয়ে অকথ্য নিৰ্যাতন চলাই আহিছিল দীৰ্ঘ দিন ধৰি আৰু উৰকাৰ নিশা স্বামী পলাশ ফুকনে তেওঁ পত্নী মুনুকন বৰা ফুকনক শোৱাপাটীতেই হত্যা কৰাৰ অভিযোগ উথাপিত হৈছে । ভোগালী বিহুৰ পুৱা শোৱাপাটীতেই মুনুকন বৰা ফুকনক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ।

উৰুকা আৰু বিহুদিনাও দুটাকৈ ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ (ETV Bharat Assam)

পত্নীক হত্যা কৰাৰ সন্দেহত তেওঁৰ স্বামী পলাশ ফুকনক ইতিমধ্যে আৰক্ষী গ্ৰেপ্তাৰ কৰে । মহিলাগৰাকীৰ শৰীৰৰ বিভিন্ন ঠাইত দেখা পোৱা আঘাতৰ চিন লক্ষ্য কৰি তেওঁক হত্যা কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে । ইতিমধ্যে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

উৰুকাৰ নিশা ৰে'লত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী অভিযান:

ৰে'লযোগে ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ মুল পথ হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে । সোমবাৰে অৰ্থাৎ উৰুকাৰ নিশা তিতাবৰ মহকুমা আৰক্ষী বিষয়া নেতৃত্বত যোৱা আৰক্ষী এটা দলে মৰিয়নী জংচনত উপস্থিত হোৱা এখন ৰে'লত অভিযান চলায় । উজনিমুৱা ০৫৬৩৮ নম্বৰৰ শিলচৰ-নাহৰলগুন এক্সপ্ৰেছযোগে শিলচৰ বদৰপুৰ পৰা উজনি অসমলৈ ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলোৱাৰ অভিযোগত সুদীপ গুহ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে ।

উক্ত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা অভিযানকাৰী আৰক্ষীয়ে ৩০.৩২ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জানিবলৈ দিয়া মতে উক্ত ড্ৰাগছখিনি বদৰপুৰৰ পৰা মৰিয়নীলৈ বিক্ৰীৰ বাবে অনা হৈছিল । জব্দ কৰা ড্ৰাগছখিনিৰ মুল্য লক্ষাধিক টকা হ'ব উল্লেখ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক: জাতি-মাটিৰ গীত গাই গায়েই গুছি যোৱা ৰাজীৱ শদিয়াক শেষ শ্ৰদ্ধা অজস্ৰজনৰ - LAST TRIBUTE TO RAJIB SADIYA

মেজি দাহ কৰি কণ্ঠশিল্পী ৰাজীৱ শদিয়া সন্দৰ্ভত এই মন্তব্য মন্ত্ৰী যোগেন মহনৰ - SINGER RAJIB SADIYA DEATH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.