ETV Bharat / state

ভোগালীক মঞ্চবিহুলৈ পৰিণত কৰা অসমৰ প্ৰথমখন ভোগালী উৎসৱৰ বিষয়ে আপুনি জানেনে ? - NAGAON BHOGALI FESTIVAL

পথাৰৰ ৰঙালী বিহু প্ৰথম মঞ্চত উঠিছিল লতাশিলত । কিন্তু ভোগালীক মঞ্চলৈ প্ৰথম কোনে আনিছিল ? ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ৱাহিদৰ এক বিশেষ প্ৰতিবেদন ।

Nagaon Bhogali festival
সদৌ নগাঁও ভোগালী উৎসৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 14, 2025, 8:17 PM IST

নগাঁও : অসমীয়া জাতিৰ মূল উৎসৱ তিনিটা বিহু । বৰ্তমান ৰাজ্যজুৰি পথাৰৰ আঁহত গছৰ তলৰ পৰা আৰম্ভ হোৱা ৰঙালী বিহুক মঞ্চবিহু হিচাপে উদযাপন কৰা হয় । কিন্তু ভোগৰ উৎসৱ ভোগালী বিহুও মঞ্চবিহু হিচাপে উদযাপন হৈ আহিছে অসমৰে এখন বিশেষ ঠাইত । বিগত এশ বছৰৰো অধিককাল ধৰি পৰম্পৰা ৰক্ষাৰ লগতে মঞ্চবিহু হিচাপেও উদযাপন হৈ আহিছে ভোগালী উৎসৱ ।

ইয়াৰে আঁত ধৰি ক্ৰমান্বয়ে এতিয়া ৰাজ্যৰ অন্যান্য প্ৰান্ততো ভোগালী উৎসৱটি মঞ্চবিহু হিচাপে উদযাপন কৰা পৰিলক্ষিত হয় । কিন্তু কেতিয়াৰ পৰা কিদৰে মঞ্চলৈ ৰূপান্তৰিত হ'ল ভোগালী বিহু ? নিশ্চয় এইকথা জানিবলৈ সকলোৰে মন যাব । তেনেহ'লে চাওক আমাৰ এই বিশেষ প্ৰতিবেদন ।

ভোগালীক মঞ্চবিহুলৈ পৰিণত কৰা অসমৰ প্ৰথমখন ভোগালী উৎসৱৰ বিষয়ে আপুনি জানেনে ? (ETV Bharat Assam)

ভোগালীক মঞ্চবিহুলৈ পৰিণত কৰাৰ বাটকটীয়া হৈছে সদৌ নগাঁও ভোগালী উৎসৱ সমিতি । সদৌ নগাঁও ভোগালী উৎসৱ সমিতিয়ে ইতিমধ্যে ১১১ টা বৰ্ষ অতিক্ৰম কৰি এইবেলি ভৰি দিছে ১১২ বছৰত । সদৌ নগাঁও ভোগালী বিহুৰ স্মৃতিগ্ৰন্থৰ পৰা লাভ কৰা তথ্য অনুসৰি, ১৯১২ চনত নগাঁৱৰ কলঙৰ বাকৰিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ভোগালী উৎসৱ । ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰাৰ লগতে মঞ্চত সেই সময়ত অসমৰ ভিতৰতেই প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল এই ভোগালী উৎসৱ ।

এই সন্দৰ্ভত বিগত ২৭ বছৰ ধৰি সদৌ নগাঁও ভোগালী উৎসৱ সমিতিৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা জয়ন্ত কুমাৰ বৰাই ইটিভি ভাৰতক জানিবলৈ দিয়া মতে, "আজিৰ পৰা এশ বছৰ পূৰ্বে নগাঁৱৰ নেহৰুবালিত ৰঙালী বিহু উদযাপন কৰিব পৰা হোৱা নাছিল । ৰঙালী বিহুৰ পেণ্ডেল প্ৰায়েই ধুমুহাই উৰুৱাই নিছিল । যাৰ ফলত নগাঁও চহৰ ৰঙালী বিহু উদযাপনৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল । উপায়ন্তৰ হৈ সেই সময়ত ভোগালী বিহুকেই মঞ্চলৈ আদৰি আনি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰি উদযাপন কৰা হৈছিল ভোগালী উৎসৱ । সেই সময়ৰ পৰাই আজি পৰ্যন্ত নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবালিত উদযাপন হৈ আহিছে ভোগালী উৎসৱ ।"

সেই সময়ৰ পৰাই নগাঁও ভোগালী উৎসৱটিত নগাঁৱৰ প্ৰায় প্ৰতিগৰাকী বিশিষ্ট ব্যক্তি জড়িত হৈ কলঙৰ বাকৰিত ভোগালী উৎসৱ অনুষ্ঠিত কৰি অহা বুলিও জানিবলৈ দিয়ে সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ বৰাই ।

নগাঁৱত কিদৰে উদযাপন কৰা হয় ভোগালী উৎসৱ ?

ভোগালী বিহুৰ পৰম্পৰাৰ লগতে কেইবাটাও বিশেষ কাৰ্যসূচী হাতত লৈ কলঙৰ বাকৰি নেহৰুবালিত এশ বছৰৰো অধিককাল ধৰি উদযাপিত হৈ আহিছে ভোগালী উৎসৱ । কলঙৰ বাকৰিতেই ভেলাঘৰ, মেজি নিৰ্মাণৰ উপৰি আত্মসহায়ক গোটৰ বিপণী, জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ বিপণী, বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাৰে অনুষ্ঠিত হোৱা নগাঁও ভোগালী উৎসৱত সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰি আহিছে নগাঁও ভোগালী উৎসৱ সমিতিয়ে ।

ইয়াৰ উপৰি বিহুৰ দিনা পুৱাই ৰাজ্যিক নাৰী আৰু শিশুগৃহত বিহুৰ জলপান বিতৰণ, নগাঁৱৰ জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনাও জ্ঞাপন কৰি আহিছে নগাঁও ভোগালী উৎসৱ সমিতিয়ে । আনকি প্ৰতিবছৰেই এক আকৰ্ষণীয় বিষয়বস্তু লৈ নগাঁৱৰ নেহৰুবালিত উদযাপন কৰি আহিছে ভোগালী উৎসৱটি ।

হাতী-মানুহৰ সংঘাত ৰোধৰ বিষয়বস্তু ভোগালী উৎসৱত

১১২ বছৰত ভৰি দিয়া নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিয়ে এইবাৰ হাতী-মানুহৰ সংঘাত ৰোধৰ এক বিষয়বস্তু লৈ নেহৰুবালিত আৰম্ভ কৰিছে ভোগালী উৎসৱ । এইবাৰৰ ভোগালী উৎসৱত ৰাজ্যত কিদৰে হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে আৰু ইয়াক কিদৰে নিৰ্মূল কৰিব পৰা য়ায় তাক প্ৰতীকী ৰূপত দেখুওৱা হৈছে । খাদ্যৰ সন্ধানত হাতীয়ে কিদৰে উপদ্ৰৱ কৰে তাকো প্ৰতীকী ৰূপত দাঙি ধৰিছে নগাঁও ভোগালী উৎসৱ সমিতিয়ে ।

১১২ সংখ্যক নগাঁও ভোগালী উৎসৱ

প্ৰতিবছৰৰ দৰে এইবাৰো নগাঁৱৰ নেহৰুবালিত উদযাপন কৰা হৈছে ১১২ সংখ্যক ভোগালী উৎসৱ । ১৩ জানুৱাৰী তথা সোমবাৰৰ পৰা সাতদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হোৱা ভোগালী উৎসৱৰ দিনা পুৱাতেই ৰাজ্যিক নাৰী আৰু শিশুগৃহত জলপান বিতৰণৰ পাছতেই ভোগালী উৎসৱৰ পতাকা উত্তোলন, স্মৃতিগ্ৰন্থ উন্মোচন হয় । তাৰ পাছত নেহৰুবালিত ভোগালীৰ পৰম্পৰা অনুসৰি মেজি প্ৰজ্বলন কৰে ভোগালী উৎসৱ সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই ।

নগাঁও ভোগালী উৎসৱ অসমৰে ভোগালী মঞ্চবিহুৰ বাটকটীয়া বুলি উল্লেখ কৰি ৰাজ্যবাসীক বিহুৰ ওলগ জনায় বিধায়ক ৰূপক শৰ্মাই । লগতে নগাঁৱৰ বহুকেইগৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জ্ঞাপন কৰে নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিয়ে ।

সম্বৰ্ধনা গ্ৰহণ কৰি জ্যেষ্ঠ নাগৰিকৰ অনুভৱ

সদৌ নগাঁও ভোগালী উৎসৱত বিহুৰ দিনা পুৱাতেই নগাঁৱৰ কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জ্ঞাপন কৰে নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিয়ে । বিহুৰ দিনা কলঙৰ বাকৰিত সম্বৰ্ধনা গ্ৰহণ কৰি চেংলাই সত্ৰৰ সত্ৰাধিকাৰ জগত চন্দ্ৰ গোস্মামীয়ে কয়, "আজিৰ এই পৱিত্ৰ ক্ষণত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি স্বৰ্গত থকাৰ দৰে অনুভৱ হৈছে । সকলোৰে মংগল হওক ।"

আনহাতে, নগাঁও ভোগালী উৎসৱত সম্বৰ্ধনা লাভ কৰি নগাঁৱৰ ৰূপহীহাটৰ ৯১ বছৰীয়া তুলসী শইকীয়াই ইটিভি ভাৰতৰ সন্মুখত ৰোমন্থন কৰিলে নগাঁও ভোগালী উৎসৱৰ সৈতে জড়িত শৈশৱৰ বহু স্মৃতি ।

নগাঁও ভোগালী উৎসৱক লৈ কি ক'লে বিশিষ্ট কণ্ঠশিল্পী কৃষ্ণমণি নাথে ?

বিভিন্ন কাৰ্যসূচীৰে নগাঁৱৰ নেহৰুবালিত আৰম্ভ হোৱা ভোগালী উৎসৱত এইবাৰ নাওখেলৰ লগতে বৰশী বোৱা প্ৰতিযোগিতাৰ নতুনকৈ সংযোজন ঘটাৰ কথাও উল্লেখ কৰি জনপ্ৰিয় বিহুশিল্পী কৃষ্ণমণি নাথে কয়, "বিধায়ক ৰূপক শৰ্মাৰ প্ৰচেষ্টাত নিৰ্মাণ হৈ থকা মৰিকলং পাৰ্কৰ কাষতে এইবাৰ ভোগালী উৎসৱ উপলক্ষে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব নাওখেল প্ৰতিযোগিতা । য'ত লক্ষাধিক লোকৰ সমাগম ঘটিব ।" লগতে প্ৰতি সন্ধিয়াই বহু শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথাও জানিবলৈ দিয়ে ভোগালী উৎসৱৰ সৈতে জড়িত শিল্পী কৃষ্ণমণি নাথে ।

উল্লেখ্য যে ১৩ জানুৱাৰীৰ পৰা নগাঁৱৰ নেহৰুবালিত আৰম্ভ হোৱা ১১২ সংখ্যক ভোগালী উৎসৱৰ অহা ১৯ জানুৱাৰীত নাওখেল প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিব ।

লগতে পঢ়ক :ভোগালীৰ উৰুকাৰ মাদকতা ল'লে ম্যুং মাও দেশৰ ছ্যুকাফাৰ বংশধৰে - SUKAPHAA DESCENDANTS VISIT MORAN
লগতে পঢ়ক :এটা হাঁহৰ বাবে.... ৰক্তাক্ত ভেলাঘৰত উৰুকা হ'ল উৰুঙা - MERAPANI BHELAGHAR INCIDENT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.