ETV Bharat / bharat

খহি পৰিল চাৰি মহলীয়া অট্টালিকা; ধ্বংসাৱশেষৰ তলত বহু লোক আৱদ্ধ হৈ থকা আশংকা - TRAGEDY IN DELHI

অথন্তৰ ! খহি পৰিল নকৈ নিৰ্মাণ কৰা চাৰি মহলীয়া এটা অট্টালিকা ৷ ধ্বংসাৱশেষৰ তলত এতিয়াও বহু লোক আৱদ্ধ হৈ থকা আশংকা কৰা হৈছে ৷

Delhi Burari incident
খহি পৰিল চাৰি মহলীয়া অট্টালিকা (PTI)
author img

By ETV Bharat Assamese Team

Published : Jan 28, 2025, 3:41 PM IST

নতুন দিল্লী : বহু সমস্যাৰে জৰ্জৰিত ৰাজধানী দিল্লীত সোমবাৰে বিয়লি সংঘটিত হয় এক অঘটন ৷ জানিব পৰা মতে, দিল্লীৰ বুৰাৰী অঞ্চলত সোমবাৰে বিয়লি খহি পৰে এটা চাৰি মহলীয়া অট্টালিকা ৷ বৰ্তমানলৈকে লাভ কৰা তথ্য মতে, অট্টালিকাটো খহি পৰাৰ ফলত দুজন লোকৰ মৃত্যু হৈছে ৷ লগতে মঙলবাৰে পুৱাৰ ভাগলৈকে ১২ জন লোকক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমানেও এই উদ্ধাৰ অভিযান চলি আছে ।

এই ঘটনাক লৈ দিল্লীৰ মুখ্যমন্ত্রী আতিশী আৰু দিল্লীৰ প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালেও শোক প্রকাশ কৰিছে ৷

ইফালে সাংসদ মনোজ তিৱাৰী আৰু বিধায়ক সঞ্জীৱ ঝাইও ঘটনাস্থলীত স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । বিজেপিৰ সাংসদ মনোজ তিৱাৰীয়ে কয়, ‘‘৪ মহলীয়া এই অট্টালিকাটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । ফিনিচিঙৰ বাবে পি অ’ পিৰ কাম চলি আছিল । ইতিমধ্য়ে ১২ জন লোকক উদ্ধাৰ কৰা হৈছে । বৰ্তমানেও এন ডি আৰ এফৰ দলটো ঘটনাস্থলীতে আছে ৷ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকক সংকটমুক্ত বুলি জানিব পৰা গৈছে ।’’

আৰক্ষী আৰু এন ডি আৰ এফে কয়, ‘‘এতিয়াও কেবাজনো লোক উক্ত স্থানত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । দুৰ্ঘটনাৰ বাবে যিয়েই দায়ী নহওক কিয়, বৰ্তমান আমাৰ প্ৰাধান্য সকলোকে উদ্ধাৰ কৰা ।’’

ডিচিপি ৰাজা বান্থিয়াই কয়, ‘‘এই ঘৰটো শেহতীয়াকৈ নিৰ্মাণ কৰা হৈছে আৰু প্ৰায় ডেৰ বছৰ আগতে ইয়াৰ নিৰ্মাণ আৰম্ভ হৈছিল । ইয়াত কোনো স্থায়ী বাসিন্দা নাছিল, কেৱল শ্ৰমিকৰ আহ-যাহ আছিল । ঘটনাৰ তদন্ত কৰি বিল্ডাৰৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।’’

তেওঁ কয়, ‘‘সোমবাৰে সন্ধিয়া প্ৰায় ৬:৫২ বজাত বুৰাৰীৰ কৌশিক এনক্লেভত এটা অট্টালিকা ভাঙি পৰা বুলি খবৰ আহিছিল ৷ এই খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল সেই স্থানত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ।’’

দিল্লীৰ মুখ্যমন্ত্ৰীয়ে শোক প্ৰকাশ :

দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ঘটনা সন্দৰ্ভ X-ত লিখিছে, "বুৰাৰীত অট্টালিকা ভাঙি পৰাৰ এই ঘটনাটো অতি দুখজনক । মই স্থানীয় প্ৰশাসনৰ সৈতে কথা পাতিছো যাতে ক্ষিপ্ৰ গতিত সাহায্য আৰু উদ্ধাৰ অভিযানৰ কাম কৰিব পাৰে ৷ ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হ'ব ।"

অৰবিন্দ কেজৰিৱালেও X-ত লিখিছে, ‘‘এই ঘটনা অতি দুখজনক । বুৰাৰীৰ পৰা আমাৰ বিধায়ক সঞ্জীৱ ঝাক ততাতৈয়াকৈ তালৈ গৈ দলীয় কৰ্মীৰ সৈতে গৈ প্ৰশাসনক সাহায্য আৰু উদ্ধাৰ কামত সহায় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । স্থানীয় ৰাইজক সম্ভৱপৰ সকলো প্ৰকাৰে সহায় কৰক ।’’

লগতে পঢ়ক : অৰুণাচলৰ পাহাৰৰ পৰা ১০০০ ফুট তলত পৰিল নুমলীগড়ৰ গাড়ী: মহিলাসহ নিহত চাৰি

লগতে পঢ়ক : মহাৰাষ্ট্ৰত অস্ত্ৰ কাৰখানাত ভয়ংকৰ বিস্ফোৰণ, নিহত ৮

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.