ETV Bharat / entertainment

বিতৰ্কৰ সন্মুখীন হোৱা ঐতিহাসিক যুগৰ বিষয়বস্তুৰে নিৰ্মিত ৫ খন ছবি - HISTORICAL FILMS IN CONTROVERSY

মুক্তিৰ দিন কাষ চাপি অহা ‘চাভা’ৰ পূৰ্বে ঐতিহাসিক যুগৰ আধাৰত নিৰ্মাণ কৰা ৫ খন ছবিয়ে বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷

Padmaavat To Ponniyin Selvan 1 these 5 historical Period films faced controversy before Chhaava
বিতৰ্কৰ মাজত সোমাই পৰা বলীউডৰ ছবি (Photo : Film Posters)
author img

By ETV Bharat Entertainment Team

Published : Jan 28, 2025, 2:18 PM IST

হায়দৰাবাদ : বিকী কৌশল, ৰশ্মিকা মান্দান্না আৰু অক্ষয় খান্না অভিনীত ‘চাভা’ ২০২৫ চনৰ ১৪ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে । পিছে এইবাৰো একেই ঘটনা ৷ বিতৰ্কত সোমাই পৰিছে চাভা ৷ ইতিহাসৰ আধাৰত নিৰ্মিত প্ৰায় প্ৰতিখন ছবিয়েই মুক্তিৰ আগতে প্ৰতিবাদৰ সন্মুখীন হয় । ‘চাভা’ৰ ট্ৰেইলাৰটো দৰ্শকে পছন্দ কৰিছে ৷ বিশেষকৈ বিকী আৰু অক্ষয় খান্নাৰ ৰূপ আৰু প্ৰদৰ্শনৰ যথেষ্ট প্ৰশংসা কৰা হৈছে । কিন্তু এতিয়া ছবিখনৰ মুক্তিত বাধা আৰোপ কৰিছে একাংশই । চাভা হৈছে ছত্ৰপতি শিৱাজীৰ পুত্ৰ ছত্ৰপতি সম্ভাজী মহাৰাজৰ কাহিনী । মহাৰাষ্ট্ৰৰ মন্ত্ৰী উদয় সামন্তই ইয়াৰ বিৰোধিতা কৰিছে । তেওঁ কৈছে যে মানুহে চাভাৰ বহু দৃশ্যত আপত্তি দৰ্শাইছে আৰু মুক্তিৰ আগতে ইয়াক বিশেষজ্ঞসকলক দেখুওৱা উচিত তাৰ পিছতহে ইয়াক ছবিগৃহত মুক্তি দিয়া উচিত ।

কিয় বিৰোধিতা কৰা হৈছে চাভাৰ ?

মন্ত্ৰী উদয় সামন্তই কয়, “সম্ভাজী মহাৰাজৰ সন্মানত আঘাত হানিলে, সেয়া সহ্য কৰা নহ’ব ৷ হয় আপত্তিজনক দৃশ্যবোৰ আঁতৰাই পেলাওক অন্যথা আমি এই ছবিখন মুক্তি পাবলৈ নিদিওঁ ।” পোষ্টটোত তেওঁ লগতে লিখিছে, “ধৰ্ম আৰু স্বাধীনতাৰ ৰক্ষক ছত্ৰপতি সম্ভাজী মহাৰাজৰ জীৱনক লৈ এখন হিন্দী ছবি নিৰ্মাণ কৰা হৈছে, এয়া সুখৰ কথা । তেওঁৰ বিষয়ে বিশ্ববাসীক জনাবলৈ কৰা এই প্ৰচেষ্টাক মই শলাগ লৈছো । অৱশ্যে ছবিখনৰ কিছুমান দৃশ্যত বহুতে আপত্তি কৰিছে আৰু মই বিশ্বাস কৰো যে ছবিখন প্ৰথমে বিশেষজ্ঞক দেখুৱাব লাগে আৰু তাৰ পিছতহে মুক্তি দিব লাগে । মহাৰাজৰ সন্মানত আঘাত কৰা যিকোনো কাম সহ্য কৰা নহ’ব ।”

পিছে এয়াই প্ৰথম ঘটনা নহয় য’ত পিৰিয়ডিক ছবি এখন বিতৰ্কৰ সন্মুখীন হৈছে । আগতেও বহুবাৰ এনেকুৱা হৈছে ৷ বিৰোধিতাৰ সন্মুখীন হোৱা ৫ খন পিৰিয়ডিক ছবিৰ বিষয়ে জানো আহক ।

১. যোধা আকবৰ (২০০৮)

২০০৮ চনত মুক্তি পোৱা যোধা আকবৰ ছবিখনত মোগল সম্ৰাট আকবৰ আৰু ৰাজপুত ৰাজকুমাৰী যোধাৰ মাজৰ প্ৰেমকাহিনী দেখুওৱা হৈছে, য'ত হৃত্বিক ৰোশন আৰু ঐশ্বৰ্য ৰায়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । চলচ্চিত্ৰখনৰ নিৰ্মাতাই ঐতিহাসিক তথ্যৰ লগত খেলিমেলি কৰিছে বুলি ছবিখন বিতৰ্কৰ মাজত সোমাই পৰিছিল । বহুলোকে আনকি কৈছিল যে যোধাবাই আকবৰৰ পত্নী নহয়, জাহাংগীৰৰহে পত্নী আছিল । ৰাজপুত সম্প্ৰদায়েও ৰাজস্থানত চলচ্চিত্ৰখন নিষিদ্ধ কৰিবলৈ প্ৰতিবাদ কৰিছিল ।

২. পদ্মাৱত (২০১৮)

চলচ্চিত্ৰখন প্ৰথমে ইয়াৰ নামৰ বাবে বিৰোধিতাৰ সন্মুখীন হৈছিল । আগতে নাম পদ্মাৱতী দিয়া হৈছিল কিন্তু কৰ্ণী সেনাৰ তীব্ৰ বিৰোধিতাৰ বাবে, নিৰ্মাতাসকলে ছবিখনৰ নাম পদ্মাৱতলৈ সলনি কৰিব লগা পৰিস্থিতি হৈছিল । প্ৰতিবাদকাৰীৰ ভাষ্য অনুসৰি ৰাণী পদ্মাৱতীক ছবিখনত ভুল ধৰণে উপস্থাপন কৰা হৈছে, কিয়নো ছবিখনত তেওঁক ঘুমৰ নৃত্য কৰা দেখুওৱা হৈছে, কিন্তু ৰাণী পদ্মাৱতীয়ে কেতিয়াও নৃত্য কৰা নাছিল ।

চলচ্চিত্ৰখনৰ ওপৰত উত্থাপিত অভিযোগ

  • জৌহৰ (মহিলাই কৰা সামূহিক আত্মদাহ) দেখুওৱা
  • আলাউদ্দিন খিলজীৰ মহিমা প্ৰকাশ
  • ঘুমৰ গান-নৃত্যৰ পোছাকে কঢ়িয়াই অনা বিতৰ্ক
  • খিলজী আৰু পদ্মিনীৰ মাজৰ ৰোমাণ্টিক দৃশ্য
  • ৰাজপুত সংস্কৃতিক আঘাত কৰা

৩. পানীপথ (২০১৯)

অৰ্জুন কাপুৰ, কৃতি সেনন আৰু সঞ্জয় দত্ত অভিনীত পানীপথ মুক্তিৰ পূৰ্বে বহু বিৰোধিতাৰ সন্মুখীন হৈছিল ৷ দৰাচলতে, জাট সম্প্ৰদায়ে ছবিখনত মহাৰাজা সুৰজমলৰ চৰিত্ৰ উপস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছিল । ৰাজস্থান, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কিছুমান অঞ্চলত তীব্ৰ প্ৰতিবাদ হৈছিল । আনকি ছবিখনৰ মুক্তিৰ ওপৰত নিষেধাজ্ঞা ৰখাৰ দাবী লোকসভাতো উপনীত হৈছিল ।

ছবিখনৰ বিৰুদ্ধে অভিযোগ

  • মহাৰাজা সুৰজমলৰ চৰিত্ৰটো ভুলকৈ দেখুওৱা হৈছিল

৪. সম্ৰাট পৃথ্বীৰাজ (২০২২)

সম্ৰাট পৃথ্বীৰাজৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনত অক্ষয় কুমাৰে অভিনয় কৰিছিল । পূৰ্বে ছবিখনৰ নাম আছিল পৃথ্বীৰাজ, যিয়ে বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । ভাৰতৰ এজন সাহসী যোদ্ধাৰ নাম এনেদৰে লোৱাটো তেওঁৰ বাবে অপমানজনক বুলি বহুতে বিৰোধিতা কৰিছিল । ইয়াৰ পিছত ছবিখনৰ নাম সম্ৰাট পৃথ্বীৰাজলৈ সলনি কৰা হয় । গুৰজাৰ সম্প্ৰদায়ে সম্ৰাট গুৰজাৰ সম্প্ৰদায়ৰ ৰজা বুলি দাবী কৰিছিল যদিও ছবিখনত তেওঁক ক্ষত্ৰীয় ৰজা হিচাপে দেখুওৱা হৈছিল । অৱশ্যে ছবিখনে ভাল প্ৰদৰ্শন কৰা নাছিল ।

৫. পন্নিয়িন ছেলভান (২০২৩)

মুক্তিৰ পূৰ্বে মণি ৰত্নমৰ পন্নিয়িন ছেলভানেও বহু বিতৰ্কৰ সন্মুখীন হৈছিল । অভিযোগ উত্থাপন হৈছিল যে ছবিখনে চোলা সাম্ৰাজ্যৰ শৈৱ স্বৰূপক আওকাণ কৰিছিল । আনকি মণিৰত্নম আৰু ছুপাৰষ্টাৰ বিক্ৰমক আদালতে জাননীও দিছিল ।

ছবিখনৰ বিৰুদ্ধে অভিযোগ

  • চোলাসকলৰ শৈৱ স্বৰূপক আওকাণ কৰা
  • আদিধা কাৰিকলনৰ হত্যাকাৰীক ব্ৰাহ্মণ বুলি দেখুওৱা হোৱা নাছিল
  • ৰাজাৰাজ চোলা হিন্দু নাছিল বুলি চলচ্চিত্ৰ নিৰ্মাতা ভেট্ৰিমৰণৰ বক্তব্য

লগতে পঢ়ক : শ্ব’বিজৰ মায়া এৰিব পৰাটো কম কথানে ? কুলকাৰ্ণীয়েই একমাত্ৰ নহয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.