হায়দৰাবাদ: তালিবান শাসনলৈ অহাৰ পিছৰে পৰা মহিলাসকলক যিকোনো ধৰণৰ খেলত অংশগ্ৰহণ কৰাৰ ওপৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা ।
যাৰ বাবে ভংগ কৰা হৈছিল আফগানিস্তান মহিলা ক্ৰিকেট দলটো ৷ পৰৱৰ্তী সময়ত আফগানিস্তানৰ মহিলা ক্ৰিকেটাৰসকলে নিজৰ দেশ ত্যাগ কৰি ঢাপলি মেলিছিল অষ্ট্ৰেলিয়ালৈ ৷
ক'ত আছে আফগানিস্তানৰ মহিলা ক্ৰিকেট দলটো ?
বৰ্তমান সময়ত দলটো মেলব’ৰ্ণ আৰু কেনবেৰাৰ দৰে অষ্ট্ৰেলিয়াৰ বিভিন্ন চহৰত আছে । বিগত কেইমাহমানত দলটোৱে যথেষ্ঠ সংগ্ৰাম কৰা পৰিলক্ষিত হৈছিল ৷ অষ্ট্ৰেলিয়াত থিতাপি লোৱাৰ পিছৰে পৰা আফগানিস্তানৰ মহিলা ক্ৰিকেটাৰসকলে মেলব’ৰ্ণত ক্লাব ক্ৰিকেট খেলি আহিছে ।
অষ্ট্ৰেলিয়াত প্ৰদৰ্শনীমূলক টি-২০ মেচত কৰিব অংশগ্ৰহণ
প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে আফগানিস্তানৰ মহিলা ক্ৰিকেট দলটোৱে অষ্ট্ৰেলিয়াত এখন প্ৰদৰ্শনীমূলক টি-২০ খেলত অংশগ্ৰহণ কৰিব ৷ এই খেলখন 'ক্ৰিকেট উইদাউট বৰ্ডাৰ'ৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব ৷ খেলখনত আফগানিস্তানক নেতৃত্ব দিব নাহিদা চপানাই ।
ক্ৰিকেট অষ্ট্ৰেলিয়াই কি কয় ?
ক্ৰিকেট অষ্ট্ৰেলিয়াৰ মুখ্য কাৰ্যবাহী নিক হকলীয়ে মেলব’ৰ্ণত অনুষ্ঠিত হ’বলগীয়া এই মেচখন আফগানিস্তান মহিলা ক্ৰিকেট দলটোৰ বাবে এক "নতুন আশাৰ ৰশ্মি" বুলি অভিহিত কৰে ।
লগতে পঢ়ক: নিষিদ্ধ ক্ৰিকেট: অন্যথা ভৰিব লাগিব 10 হাজাৰ টকাৰ জৰিমনা - BAN ON CRICKET
"এয়া প্ৰথম পদক্ষেপ, সজাগতা বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ । বৃহস্পতিবাৰে এটা অতি বিশেষ আৰু উৎসাহজনক দিন । মই আশা কৰো যে, এই খেলখনে প্ৰতি বছৰে অনুষ্ঠিত হ'বলগীয়া বহুতো ইতিবাচক আলোচনাৰ সৃষ্টি কৰিব আৰু অৱশেষত এই দলটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা সকলোৱে দেখিব" বুলি হকলীয়ে মতপ্ৰকাশ কৰে ৷
সমান্তৰালকৈ ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব'ৰ্ডে (ই চি বি) ভৱিষ্যতে আফগানিস্তানৰ মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকলক খেল আয়োজন কৰি আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা কৰা বুলি তেওঁ কয় ।
হকলীয়ে আফগান খেলুৱৈসকলে সন্মুখীন হোৱা অসুবিধাৰ বিষয়েও উল্লেখ কৰি কয় যে, তেওঁলোকৰ বাবে এখন নতুন দেশত থিতাপি লোৱা, ভাষা নজনা আৰু এনে কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাটো সহজ নহয় । কিন্তু তেওঁলোকৰ আত্মা, ক্ৰিকেটৰ প্ৰতি থকা অগাধ প্ৰেম আৰু অধ্যৱসায় প্ৰেৰণাদায়ক ৷ দলটোৰ কাহিনী আৰু তেওঁলোকৰ শক্তি বিশ্বৰ সন্মুখত প্ৰকাশ কৰাৰ বাবে এই খেলখন এক সুযোগ ৷
আফগান মহিলা ক্ৰিকেটাৰ নাহিদাৰ প্ৰতিক্ৰিয়া
আফগান মহিলা ক্ৰিকেটাৰ নাহিদাই কয়, "এই খেলখনৰ পৰা আমাৰ উচ্চ প্ৰত্যাশা আছে ৷ কিয়নো ই আফগান মহিলাসকলৰ বাবে শিক্ষা, ক্ৰীড়া আৰু ভৱিষ্যতৰ দুৱাৰ মুকলি কৰিব পাৰে । আমি এইখন আমাৰ প্ৰথম আৰু অন্তিম খেল হোৱাটো নিবিচাৰো । আমি আৰু অধিক মেচ খেলিব বিচাৰো । আমি অধিক সমৰ্থন বিচাৰো" ।
লগতে পঢ়ক: জয় শ্বাহ আই চি চিৰ অধ্যক্ষ হোৱাৰ পিছতে এইখন দেশত নিষিদ্ধ ক্ৰিকেট - BAN ON CRICKET