ETV Bharat / state

অসমৰ জালিয়ানৱালা বাগ : পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ১৩১ বছৰ; আজিও কিয় নাপালে স্বীকৃতি ? - PATHARUGHAT PEASANT UPRISING

১৮৩২-৩৩ চনত ব্ৰিটিছ চৰকাৰে নাঙলে প্ৰতি ৩ টকাকৈ খাজনা নিৰ্ধাৰণ কৰিছিল । ১৮৯২-৯৩ চনত পুনৰ ৫ টকালৈ বৃদ্ধিৰ প্ৰতিবাদত এই বিদ্ৰোহৰ সূচনা হয় ।

PATHARUGHAT PEASANT UPRISING
পথৰুঘাটৰ শ্বহীদ স্তম্ভ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 28, 2025, 2:10 PM IST

Updated : Jan 28, 2025, 8:51 PM IST

গুৱাহাটী : দেশৰ ইতিহাসে চিপাহী বিদ্ৰোহ আৰু জালিয়ানৱালা বাগৰ গণ বিদ্ৰোহক ৰাষ্ট্ৰীয় স্তৰত এক অন্যতম ব্ৰিটিছবিৰোধী সংগ্ৰাম হিচাপে স্বীকৃতি প্ৰদান কৰিছে । ইংৰাজৰ কুখ্যাত ৰাওলাট আইনৰ বিৰুদ্ধে ১৯১৯ চনত হোৱা প্ৰতিবাদত জেনেৰেল ডায়াৰে চলোৱা নৰসংহাৰত ৪ শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰাণ বিসৰ্জন দিয়াৰ লগতে ২ হাজাৰতকৈ অধিক লোক আহত হয় । কিন্তু জালিয়ানৱালা বাগৰ হত্যাকাণ্ডতকৈ ২৫ বছৰ আগতেই এই অসম মুলুকতে ব্ৰিটিছৰ বিৰুদ্ধে সাধাৰণ জনতাৰ ক্ষোভৰ উদ্গীৰণ ঘটিছিল ।

সেয়া আছিল ১৮৯৪ চনৰ ২৮ জানুৱাৰী । দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পথৰুঘাটত সংঘটিত হৈছিল ব্ৰিটিছৰ বিৰুদ্ধে বৃহৎ সংগঠিত কৃষক বিদ্ৰোহ । এই বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল হাজাৰ হাজাৰ জনতাই । ইয়াক পথৰুঘাটৰ কৃষক বিদ্ৰোহ নামে জনা যায় । এই ঐতিহাসিক কৃষক বিদ্ৰোহত সাত কুৰি কৃষকে নিজৰ কেঁচা তেজেৰে জননী জন্মভূমি ৰক্তৰে ৰঞ্জিত কৰিছিল, ব্ৰিটিছৰ কৃষকবিৰোধী সিদ্ধান্তৰ প্ৰতিবাদ কৰিবলৈ গৈ । এই ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহে আজি ১৩১ বছৰত ভৰি দিলে । কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত আজিও পথৰুঘাটৰ কৃষক বিদ্ৰোহে লাভ কৰা নাই প্ৰয়োজনীয় স্বীকৃতি, লাভ কৰা নাই প্ৰচাৰ ।

পথৰুঘাটৰ শ্বহীদ স্তম্ভ (ETV Bharat Assam)

পথৰুঘাটৰ কৃষক বিদ্ৰোহ কি

২৮ জানুৱাৰী- কৃষক শ্বহীদ দিৱস ৷ অসমৰ ইতিহাসৰ এক অন্যতম উল্লেখনীয় দিন । 1894 চনৰ এই দিনটোতে বৰ্ধিত খাজনাৰ প্ৰতিবাদ কৰিবলৈ গৈ ব্ৰিটিছৰ গুলীত শ্বহীদ হৈছিল ১৪০ গৰাকী কৃষক । সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি অঞ্চলটোৰ হাজাৰ হাজাৰ জনতাই একত্ৰিতভাৱে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল । পৰৱৰ্তী সময়ত শ্বহীদবৰণ কৰা ১৪০ গৰাকী সাধাৰণ কৃষকক উক্ত ঘটনাস্থলীতে একেলগে সমাধিস্থ কৰা হৈছিল ৷

কৃষক শ্বহীদ দিৱস

ইয়াৰ পিছত সময় বাগৰিল, কিন্তু পথৰৰুঘাটৰ ৰণে লাভ নকৰিলে প্ৰয়োজনীয় প্ৰচাৰ তথা স্বীকৃতি । প্ৰজাঘৰে অৱশ্যে পথৰুঘাটৰ কৃষক বিদ্ৰোহক স্মৰণ কৰি অহাৰ বিপৰীতে চৰকাৰীভাৱে সাতকুৰি শ্বহীদৰ ত্যাগক মূল্য দিয়াৰ কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল ।

পথৰুঘাটৰ ৰণৰ ইতিবৃত্ত

ঐতিহাসিক পথৰুঘাটৰ ৰণক পাথৌঘাটৰ ধেৱা বুলিও স্থানীয়ভাৱে জনা যায় । ই হৈছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে ভাৰতত সংঘটিত বিভিন্ন বিদ্ৰোহৰ ভিতৰত এক ঐতিহাসিক কৃষক বিদ্ৰোহ। দৰং জিলাৰ সদৰ মঙলদৈৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমে অৱস্থিত পথৰুঘাট বৰ্তমান পাথৰিঘাটৰূপে পৰিচিত । ইয়াতেই ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে স্থানীয় কৃষকসকলে একত্ৰিতভাৱে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰিছিল । কিন্তু এই প্ৰতিবাদী কৃষকসকলৰ ওপৰত ব্ৰিটিছ কৰ্তৃপক্ষই নিৰ্বিচাৰে গুলীচালনা কৰে । ফলত এই পথৰুঘাটৰ ৰণত ১৪০ গৰাকী কৃষক শ্বহীদ হয় ।

ব্ৰিটিছৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদ

১৮৩২-৩৩ চনত ব্ৰিটিছ চৰকাৰে দৰঙত প্ৰতিখন নাঙলৰ বিপৰীতে ৩ টকাকৈ খাজনা নিৰ্ধাৰণ কৰি প্ৰজাৰ পৰা জিলাখনত মুঠ ৪১,৫০৬ টকা খাজনা সংগ্ৰহ কৰিছিল । আনহাতে, ১৮৪২-৪৩ চনত মাটিৰ পিয়ল কৰি তিনিটা ভাগত বিভক্ত কৰিছিল । সেয়া হৈছে বস্তি মাটি অৰ্থাৎ ঘৰ-বাৰী কৰাৰ উপযুক্ত মাটি, ৰুপিত মাটি অৰ্থাৎ দ আৰু খেতিৰ উপযোগী মাটি আৰু ফৰিঙতী মাটি বা বাম খেতিৰ উপযুক্ত মাটি । এই তিনিটা ভাগত মাটি বিভক্ত কৰি খাজনা বৃদ্ধিৰ সিদ্ধান্ত লয় ব্ৰিটিছ চৰকাৰে । সেই অনুসৰি ১৮৪২-৪৩ চনত ১ লাখ ৩৫ হাজাৰ ৪৫৮ টকা, ১৮৫২-৫৩ চনত ১ লাখ ৫৭ হাজাৰ ৭৫৯ টকা আৰু ১৮৬২-৬৩ চনত ৭ লাখ ৪৩ হাজাৰ ৪৮৯ টকা খাজনা সংগ্ৰহ কৰে ব্ৰিটিছ কৰ্তৃপক্ষই । কিন্তু সিমানতে ক্ষান্ত নাথাকি ১৮৯২-৯৩ চনত পুনৰ ভূমি পিয়ল কৰি ৫ টকাৰ হাৰত খাজনা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

বৰ্ধিত খাজনাৰ বিৰুদ্ধে ৰাইজমেল

কিন্তু ব্ৰিটিছ চৰকাৰে এনেধৰণে খাজনা বৃদ্ধি কৰাৰ ফলত সাধাৰণ ৰাইজ জুৰুলা হৈ পৰে । আনহাতে, খাজনা বৃদ্ধিত অতিষ্ঠ কৃষক ৰাইজে পথৰুঘাটত এক ৰাইজমেল পাতে আৰু এই ৰাইজমেলত ব্ৰিটিছৰ বৰ্ধিত খাজনা আদায় নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । লগতে খাজনা নকমালে ৰাইজে বিদ্ৰোহ কৰিব বুলিও ব্ৰিটিছক সকীয়াই দিয়ে । কিন্তু ব্ৰিটিছ চৰকাৰে ৰাইজৰ এই আহ্বানৰ প্ৰতি সঁহাৰি নিদিয়াত ১৮৯৪ চনৰ ২৮ জানুৱাৰীত বৃহত্তৰ অঞ্চলটোৰ জাতি-ধৰ্ম নিৰ্বিশেষে অগণন ৰাইজ একত্ৰিত হৈ খাজনা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

১৮৯৪ চনৰ ২৮ জানুৱাৰীত কি ঘটিছিল

১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ দিনা পথৰুঘাট অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা হাজাৰ হাজাৰ লোক ওলাই আহি তহচিলদাৰৰ বাংলোৰ সন্মুখত সমবেত হৈ ৰাইজমেল অনুষ্ঠিত কৰে লগতে ব্ৰিটিছবিৰোধী শ্লোগান দি খাজনা কমাবলৈ দাবী উত্থাপন কৰে। ইফালে ৰাইজৰ এই বৃহৎ প্ৰতিবাদৰ খবৰ তহচিলদাৰে দৰং জিলাৰ তদানীন্তন জিলাধিপতি মিঃ এণ্ডাৰচন, আৰক্ষী অধীক্ষক জে আৰ বেৰিংটন আৰু মঙলদৈৰ মহকুমাধিপতি মিঃ ৰেমিংটনে সশস্ত্ৰ বাহিনী লৈ প্ৰতিবাদস্থলীত উপস্থিত হয় । লগতে তেওঁলোকে খাজনা বৃদ্ধি উঠাই লোৱা নহ'ব বুলি স্পষ্ট ভাষাৰে জনাই দিয়ে ।

ইয়াৰ পিছতে ৰাইজ উত্তেজিত হৈ পৰে আৰু দুয়োপক্ষৰ মাজত প্ৰথমে তৰ্ক-বিতৰ্ক আৰু তাৰ পিছত পৰিস্থিতি ক্ৰমে উত্তেজনাপূৰ্ণ হৈ পৰে । তাৰ মাজতে বেৰিংটনে চৰকাৰী বাহিনীক দিয়া আদেশমৰ্মে সাধাৰণ জনতাৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰা হয় । ৰাইজেও বিভিন্ন প্ৰকাৰে প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰে যদিও চৰকাৰী বাহিনীৰ বন্দুক-বাৰুদৰ ওচৰত তিষ্ঠিব নোৱাৰিলে আৰু মুঠ ১৪০ জন লোক ঘটনাস্থলীতে নিহত হোৱাৰ উপৰি আন প্ৰায় ১৫০ লোক আহত হয় ।

পথৰুঘাটৰ স্মৃতি

উল্লেখ্য যে ২০০০ চনৰপৰা প্ৰতিবছৰে ২৮ জানুৱাৰীত ভাৰতীয় সেনাৰ তৰফৰ পৰা পথৰুঘাটৰ কৃষক শ্বহীদসকললৈ আনুষ্ঠানিকভাৱে সন্মান জনাই আহিছে আৰু সামৰিকভাৱে তেওঁলোকৰ সন্মানত অনুষ্ঠান আয়োজন কৰি আহিছে । আনহাতে, ভাৰতীয় সেনাই পথৰুঘাটৰ শ্বহীদসকলৰ সন্মানাৰ্থে এটা শ্বহীদ স্তম্ভও স্থাপন কৰে ।

লগতে পঢ়ক :আজিও অৱহেলিত প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱা - PHULAGURI FARMER REVOLUTION
লগতে পঢ়ক :Phulaguri dhewa : ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱা দিৱস পালন - প্ৰদ্যুৎ বৰদলৈ

Last Updated : Jan 28, 2025, 8:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.