ETV Bharat / sports

যুৱৰাজ সিঙৰ পিতৃয়ে কিয় গুলীয়াবলৈ গৈছিল কপিল দেৱক ! - YOGRAJ SINGH SHOCKING STATEMENT

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যোগৰাজ সিঙৰ বিস্ফোৰক মন্তব্য । দলৰ পৰা বাহিৰ কৰাৰ বাবে কপিল দেৱক হত্যা কৰিবলৈ গৈছিল তেওঁ !

Kapil Dev
কপিল দেৱক গুলী মাৰিবলৈ গৈছিল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে... (Getty image)
author img

By ETV Bharat Assamese Team

Published : Jan 13, 2025, 8:29 AM IST

Updated : Jan 13, 2025, 9:43 AM IST

হায়দৰাবাদ : ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ যুৱৰাজ সিঙৰ পিতৃ তথা প্ৰাক্তন ক্ৰিকেটাৰ যোগৰাজ সিঙে পুনৰ এবাৰ এক আচৰিত মন্তব্য কৰিছে । য'ত তেওঁ প্ৰকাশ কৰিছে যে যেতিয়া তেওঁক দলৰ পৰা বাদ দিয়া হৈছিল, তেতিয়া তেওঁ প্ৰাক্তন ভাৰতীয় অধিনায়ক কপিল দেৱৰ মূৰত গুলী মাৰিবলৈ তেওঁৰ ঘৰত উপস্থিত হৈছিল । কিন্তু যোগৰাজ সিঙে তেওঁক হত্যা কৰিব নোৱাৰিলে কাৰণ কপিল দেৱ তেওঁৰ মাতৃৰ সৈতে ঘৰৰ পৰা ওলাই আহিছিল ।

যোগৰাজ সিঙে কপিল দেৱক কিয় গুলী মাৰিব বিচাৰিছিল ?

সমদীশ ভাটিয়াৰ ইউটিউব চেনেল 'আনফিল্টাৰড উইথ সমদীশ'ত দিয়া সাক্ষাৎকাৰত যোগৰাজে কয়, "যেতিয়া কপিল দেৱ হাৰিয়ানাৰ অধিনায়ক হৈছিল, তেতিয়া তেওঁ কোনো কাৰণ নোহোৱাকৈ মোক দলৰ পৰা বাদ দিছিল, সেই সময়ত মোৰ পত্নীয়ে বিচাৰিছিল যে মই কপিলক প্ৰশ্ন সুধিব লাগে, তাৰ পিছত মই তেওঁক কৈছিলো যে মই এই লোকজনক এটা শিক্ষা দিম । মই মোৰ পিষ্টল লৈ কপিলৰ ঘৰত উপস্থিত হৈছিলো কিন্তু তেওঁ মাতৃৰ সৈতে ঘৰৰ পৰা ওলাই আহিছিল, মই তেওঁক বহুত গালি দিছিলো । মই তেওঁক কৈছিলো যে আপোনাৰ কাৰণে মই এজন বন্ধু হেৰুৱাইছো আৰু আপুনি যি কৰিছে তাৰ মূল্য পৰিশোধ কৰিব লাগিব ।"

যোগৰাজ সিঙে কিয় গুলীচালনা কৰা নাছিল ?

যোগৰাজ সিঙে কয়,"মই তেওঁক (কপিল দেৱ) কৈছিলো, মই আপোনাৰ মূৰত গুলী মাৰিব বিচাৰো, কিন্তু মই এনে কৰিব নোৱাৰো কাৰণ আপোনাৰ মা আছে, যি ইয়াত থিয় হৈ আছে । তাৰ পিছত মই মোৰ পত্নী শবনমক ক’লো, 'আহা আমি যাও'।"

যোগৰাজ সিঙে খেলিবলৈ কিয় বাদ দিছিল ?

যোগৰাজে এইটোও প্ৰকাশ কৰে যে কপিল দেৱ আৰু বিষাণ সিং বেদীৰ ৰাজনীতিৰ বাবে তেওঁক নৰ্থ জ'নৰ পৰা বাহিৰ কৰি দিয়াৰ পিছত তেওঁ ক্ৰিকেট খেলা বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল । যোগৰাজে কয় যে তেওঁক জ্যেষ্ঠ খেলুৱৈসকলে বাহিৰ কৰি দিছিল কাৰণ তেওঁৰ সুনীল গাভাস্কাৰৰ সৈতে ভাল বন্ধুত্ব আছিল । সেই মুহূৰ্তত তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ ক্ৰিকেট নেখেলে আৰু এতিয়া যুৱীয়ে খেলিব ।

সুনীল গাভাস্কৰৰ বন্ধু আছিল বাবেই দলৰ পৰা বাহিৰ কৰিছিল

যোগৰাজ সিঙে স্বৰ্গীয় বিষাণ সিং বেদী সন্দৰ্ভতো তীব্ৰ মন্তব্য কৰি কয়,"বিষাণ সিং বেদীকে ধৰি এই লোকসকলে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল । মই কেতিয়াও বিষাণ সিং বেদীক ক্ষমা কৰা নাই । মানুহজন বিচনাতে মৃত্যুমুখত পৰিছে । যেতিয়া মোক দলৰ পৰা বাদ দিয়া হৈছিল, মই এজন নিৰ্বাচক ৰবীন্দ্ৰ চাড্ডাৰ সৈতে কথা পাতিছিলো, যিয়ে মোক কৈছিল যে বিষাণ সিং বেদীয়ে (মুখ্য নিৰ্বাচক) মোক বাছনি কৰিব নিবিচাৰে কাৰণ তেওঁ ভাবিছিল যে মই সুনীল গাভাস্কাৰৰ মানুহ ।"

'মই কপিল দেৱলৈ পেপাৰ কাটিং পঠিয়াইছিলো'

যোগৰাজে লগতে প্ৰকাশ কৰে যে ২০১১ চনত ভাৰতৰ এদিনীয়া বিশ্বকাপ জয়ৰ পিছত তেওঁ কপিল দেৱক সমালোচনা কৰি কৈছিল যে 'তেওঁৰ পুত্ৰ' বিশ্বকাপ বিজয়ী আছিল । "২০১১ চনত যেতিয়া ভাৰতে বিশ্বকাপ জয়ী হৈছিল, মাত্ৰ এজন ব্যক্তিয়ে কান্দি আছিল আৰু সেয়া আছিল কপিল দেৱ । মই তেওঁলৈ পেপাৰ কাটিং পঠিয়াইছিলো যিটো মোৰ পুত্ৰই বিশ্বকাপত আপোনাতকৈ ভাল কৰিছে ।"

লগতে পঢ়ক :চেম্পিয়নছ ট্ৰফী ২০২৫; নিউজীলেণ্ড আৰু বাংলাদেশৰ দল ঘোষণা - CHAMPIONS TROPHY 2025

Last Updated : Jan 13, 2025, 9:43 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.