ডিব্ৰুগড় : আজি মাঘ বিহুৰ উৰুকা । উৰুকাত ৰাজ্যবাসীয়ে লগে ভাগে এসাঁজ খোৱাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে । ইফালে আকৰ্ষণীয় হৈ পৰিছে উৰুকাৰ বজাৰ । দৈ, চিৰাৰ পৰা আৰম্ভ কৰি মাছ-মাংস উভৈনদী হৈছে বজাৰত । এইবাৰ উৰুকাত নিজৰ বিলৰ থলুৱা মাছ ৰাইজক খুৱাব খোৱাঙৰ বিজেপি বিধায়ক চক্ৰধৰ গগৈয়ে । আনতকৈ কম দামতে বজাৰলৈ উলিয়াই দিছে ৰৌ,বৰালি, চিতল আদি ।
মৰাণ আৰু খোৱাঙৰ বজাৰত উপলব্ধ বিধায়কগৰাকীৰ বিলৰ মাছ । ডাঙৰ বৰালি প্ৰতি কেজিত ৫০০ টকা, চিতল ৬০০ টকাতে বিক্ৰী কৰাৰ পৰিকল্পনা বিধায়কগৰাকীৰ । ৰৌ, বাহু, শাল আদি মাছো কম দামতে মৰাণ-খোৱাঙৰ বজাৰত ৰাইজে পাব । উৰুকাৰ বাবে প্ৰায় দুই কুইণ্টল মাছ গাড়ীত লৈ বজাৰলৈ ওলাল বিধায়কগৰাকী ।
বজাৰত খোৱাং ৰংমিলি বহুমুখী সমবায় সমিতিৰ মাছ
উল্লেখ্য যে বিধায়ক চক্ৰধৰ গগৈৰ নেতৃত্বত খোৱাং ৰংমিলি বহুমুখী সমবায় সমিতিয়ে খোৱাং বৰবিলত মৎস্য পালন কৰি আহিছে । বিলখন ৭ বছৰৰ বাবে ৩৭ লাখ টকাত লীজত লৈ ২০ কুইণ্টল মাছৰ পোনা মেলি দিয়া হৈছিল । দুই বছৰ ধৰি মৎস্য পালন কৰি এই বিলৰ পৰা বৰ্তমানলৈকে প্ৰায় দুই টন মাছ বিক্ৰী কৰিছে সমবায় সমিতিখনে । সমবায় সমিতিৰ নেতৃত্ব লৈ এনেদৰে উৰুকাৰ বজাৰত মাছ উলিয়াই দি আনন্দিত হৈ পৰিছে বিধায়কগৰাকী ।
স্বাৱলম্বী বহু যুৱক-যুৱতী
ইফালে ৰংমিলি বহুমুখী সমবায় সমিতিয়ে বহু পৰিয়ালক দিছে স্বাৱলম্বিতাৰ পথ । ৰাজ্য চৰকাৰে যুৱক-যুৱতীসকলক স্বাৱলম্বী হ'বলৈ জনাই অহা আহ্বানক ৰংমিলি বহুমুখী সমবায় সমিতিৰ জৰিয়তে সঁহাৰি জনাইছে খোৱাঙৰ বহু যুৱক-যুৱতীয়ে । খোৱাঙৰ ঐতিহাসিক বৰবিলখন পৰিষ্কাৰ কৰি মাছ পালনৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে খোদ খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে । খোৱাং অঞ্চলৰ ৫০ জন লোকক লগত লৈ ৰংমিলি বহুমুখী সমবায় সমিতি গঠন কৰি বৰবিলত মৎস্য পালন আৰম্ভ কৰিছিল তেওঁ । বিধায়কগৰাকীয়ে জানিবলৈ দিয়া মতে বিগত বানৰ সময়ত বহু মাছ ওলাই গৈছিল যদিও যিবোৰ থাকিল এতিয়া সেইবোৰ বজাৰলৈ উলিয়াই দিব পৰা হৈছে । খোৱাং, মৰাণ, ডিব্ৰুগড়ৰ ৰাইজে যাতে থলুৱা মাছ খাবলৈ পাই তাৰ বাবেই বিহুত ভ্ৰাম্যমান মাছ বিক্ৰীৰ ব্যৱস্থা কৰিছে সমবায় সমিতিয়ে ।
বিধায়কগৰাকীয়ে এই সন্দৰ্ভত কয়,"ৰংমিলি বহুমুখী সমবায় সমিতিয়ে যোৱা ২ বছৰৰ কঠোৰ পৰিশ্ৰমৰ পিছত সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে । আজি আমি চিতল, বাহু, বৰালি, ৰৌ, শাল আদি বজাৰলৈ লৈছো । মাছকেইটা উলিয়াই আজি মই কিমান গৌৰৱ অনুভৱ কৰিছো নিজে বুজিব পৰা নাই । কাৰণ থলুৱা মাছেৰে বজাৰ দখল কৰাটো আমাৰ একমাত্ৰ লক্ষ্য আছিল ।"
লগতে পঢ়ক :মন পছন্দৰ মাছ বিচাৰি মাজনিশাৰে পৰা বজাৰত ভিৰ - BHOGALI FISH MARKET