আগৰতলা: ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত দেওবাৰে আৰক্ষীয়ে এখন চিমেণ্ট ভৰ্তি ট্ৰাক আটক কৰি প্ৰায় এক কোটি টকাৰ ইয়াবা টেবলেট জব্দ কৰে । ঘটনাৰ লগত জড়িত থকা সন্দেহত আৰক্ষীয়ে দুজন ব্যক্তিকো আটক কৰিছে । আটকাধীন দুজন চালক জামাল হোছেন (৪৩) আৰু হেণ্ডিমেন মিন্টু বৰ্মন (৩৩) বুলি চিনাক্ত কৰা হৈছে । দুয়োজনেই ছেপাহিজালা জিলাৰ বিশালগড়ৰ বাসিন্দা বুলি জানিব আৰক্ষী সূত্ৰে জানিব পৰা হৈছে ৷
পশ্চিম ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষক কিৰণ কুমাৰে জনোৱা মতে, দেওবাৰে পুৱা প্ৰায় ৬ বজাত লাভ কৰা এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত পশ্চিম আৰু পূব আগৰতলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাণা চেটাৰ্জী আৰু পৰিতোষ দাসে সদৰ মহকুমা আৰক্ষী বিষয়া দেবপ্ৰসাদ ৰয়ৰ সহযোগত যৌথভাৱে এই অভিযান চলায় ।
"১২ চকীয়া ট্ৰাকখনে মেঘালয়ৰ পৰা চিমেণ্ট লৈ ছেপাহিজালা জিলাৰ সোণমুৰা অভিমুখে গৈ থকা সময়তে অভিযানকাৰী দলটোৱে ট্ৰাকখন ৰখায় । প্ৰাথমিক তালাচীৰ সময়ত আমি গাড়ীখনত লুকুৱাই ৰখা ১,২০,০০০ টা ইয়াবা টেবলেট জব্দ কৰোঁ । টেবলেটসমূহৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১ কোটি টকা ।" আৰক্ষী অধীক্ষক কিৰণ কুমাৰে কয় ৷
সম্প্ৰতি আৰক্ষীয়ে দুয়োকে নিজৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীয়ে গোচৰৰ অধিক তদন্তৰ সুবিধাৰ বাবে আদালতৰ পৰা তেওঁলোকৰ ৰিমাণ্ড বিচাৰিব বুলি আৰক্ষী অধীক্ষক কিৰণ কুমাৰে জানিবলৈ দিয়ে । উল্লেখ্য যে, ত্ৰিপুৰা গাঞ্জাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎপাদক আৰু অতি নিচাযুক্ত মেথামফেটামাইন টেবলেটকে ধৰি কৃত্ৰিম ড্ৰাগছৰ কৰিড’ৰ হৈ পৰিছে ৷