নলবাৰী : যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক'লবাৰ্ণ গগৈৰ নাগৰিকত্ব আৰু আইএছআইৰ সৈতে সম্পৰ্ক সন্দৰ্ভত ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে । অসমৰ মুখ্যমন্ত্ৰীয়েও সামাজিক মাধ্যমত নাম প্ৰকাশ নকৰালৈ গৌৰৱ গগৈৰ পত্নীক টাৰ্গেট কৰা দেখা গৈছে । এনে বিতৰ্কৰ মাজতে মুখ খুলিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে । গৌৰৱ গগৈয়ে কয়, "মোৰ পত্নী যদি পাকিস্তানী এজেণ্ট, তেন্তে মই ভাৰতীয় এজেণ্ট আৰু ইণ্ডিয়াই জিকিব । যদি তেওঁ আইএছআই, মই ৰ' ।"
গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া
উল্লেখ্য যে পত্নীক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "নিৰ্বাচন আহিলেই মোৰ পত্নীৰ কথা ওলাই । এইবাৰ নিৰ্বাচনলৈ এবছৰ আছে যদিও এতিয়াই ওলাইছে । গাদী যোৱাৰ ভয়ত বিজেপিয়ে এনেধৰণৰ কথা উলিয়াই থাকে । বিজেপিয়ে ভয় খাই এইবোৰ কথা উলিয়াইছে । আমি সকলো ৰাইজৰ বিবেকৰ ওপৰত এৰি দিছো ।"
বিজেপি আৰু মুখ্যমন্ত্ৰীক লক্ষ্য কৰি তেওঁ কয়, "মই ভাবিছো ক'ৰবাত মুখ্যমন্ত্ৰীও অলপ শংকিত হৈছে নেকি । যেতিয়াৰ পৰা তেওঁলোকৰ দলৰ নতুন সভাপতি আহিছে তেওঁ নিজৰ গাদীৰ প্ৰতি অলপ শংকিত হৈছে নেকি ? নহ'লে আমি দেখিছো বিজেপিত অন্তিম মুহূৰ্তত কাক মুখ্যমন্ত্ৰী বনাই দিয়ে কোনেও ধৰিব নোৱাৰে, অসম বিজেপিৰ দিলীপ শইকীয়া এতিয়া ভাবী মুখ্যমন্ত্ৰী প্ৰাৰ্থী নেকি ? সেইটোক লৈ মুখ্যমন্ত্ৰী শংকিত হৈছে । তেওঁৰ মাটি সম্পৰ্ক, মানহানি গোচৰ এইবোৰ সকলো দিল্লীৰ কাণত পৰি আছে । সেয়ে শংকিত হৈ ছিংগাপুৰৰ পৰা টুইট কৰি আছে ।" বুধবাৰে নলবাৰী জিলাৰ মুকালমুৱাত উপস্থিত হৈ এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ।
মঙলবাৰে নলবাৰী কাপলাবড়ীত বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনৰ বাসগৃহত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ । অসম সন্মিলিত মৰ্চাই কংগ্ৰেছক ২০২৬ৰ বাবে আসন নিৰ্ধাৰিত কৰিবলৈ ৬০ দিন সময় বান্ধি দিয়া সন্দৰ্ভত তেওঁ কয় যে এই বিষয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইতিমধ্যে সকলো কৈছে । যিকোনো পৰীক্ষাৰ ক্ষেত্ৰত ভালদৰে পৰিকল্পনা কৰি আগুৱাব লাগে তেতিয়াহে সফলতা পোৱা যায় । বৰ বেছি খৰখেদা কৰোটো ভাল নহয় ।" গৌৰৱ গগৈয়ে উল্লেখ কৰা মতে তেওঁ দলৰ কৰ্মীৰ সৈতে মত বিনিময় কৰাৰ উদ্দেশ্যে তাত উপস্থিত হৈছে । ইফালে আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কেও দলীয় কৰ্মীৰ সৈতে মত-বিনিময় কৰে ।