ETV Bharat / state

সংগঠকৰ সমন্বয়হীনতাৰ বাবে ক্ষতি সাধন হৈছে অসম সাহিত্য সভাৰ: নৱ-নিৰ্বাচিত প্ৰধান সম্পাদকৰ ক্ষোভ - ASAM SAHITYA SABHA FELICITATION

গোলাঘাটত অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত প্ৰধান সম্পাদকক সম্বৰ্ধনা । সম্বৰ্ধনা গ্ৰহণ কৰি নৱ-নিৰ্বাচিত প্ৰধান সম্পাদকগৰাকীয়ে ক'লে সভাৰ সংস্কাৰৰ কথা ।

Newly elected general secretary of Asam Sahitya Sabha felicitated
অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত প্ৰধান সম্পাদকক সম্বৰ্ধনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 13, 2025, 9:25 AM IST

গোলাঘাট : অসম সাহিত্য সভাত বোকা ছটিওৱা ৰাজনীতি কোনে বন্ধ কৰিব ? ইয়াৰ বাবে সাহিত্য় সভাৰ মজিয়াত কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব সেই সম্পৰ্কে ব্য়াখ্য়া কৰিলে অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাই । অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত প্ৰধান সম্পাদকগৰাকীয়ে এই সম্পৰ্কে ব্য়াখ্য়া কৰিলে এই সম্বৰ্ধনা সভাত ।

গোলাঘাট জিলা সাহিত্য সভা ভৱনত দেওবাৰে নৱ-নিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাক আদৰণি জনোৱা হয় । গোলাঘাট জিলা সাহিত্য সভাৰ উদ্যোগত দেওবাৰে আয়োজিত অভিনন্দন অনুষ্ঠানত গোলাঘাট জিলা সাহিত্য সভা আৰু জিলাখনৰ শাখা সাহিত্য সভাসমূহে নৱ-নিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে ।

অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত প্ৰধান সম্পাদকক সম্বৰ্ধনা (ETV Bharat Assam)

সম্বৰ্ধনা গ্ৰহণ কৰি নৱ-নিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয় ," অসম সাহিত্য সভাত সাংগঠনিকভাৱে বহু কৰণীয় আছে । সভাখন শৃংখলাবদ্ধ উত্তৰণ আৰু ঐক্যবদ্ধ কৰি ৰখাৰ স্বাৰ্থত সংগঠকসকলৰ মাজত সমন্বয় আৰু সদভাৱ প্ৰতিষ্ঠা কৰাৰ সময় আহি পৰিছে । আমি এই মূহুৰ্তত মৰ্মে মৰ্মে উপলব্ধি কৰিছো যে সংগঠকসকলৰ মাজত সদভাৱ সৃষ্টি কৰাটো প্ৰথম কাম হ'ব অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সমিতিৰ । কাৰণ বাস্তৱত দেখা পাইছো যে সংগঠকসকলৰ সমন্বয়হীনতাৰ বাবে সভাত বিস্তৰ ক্ষতি সাধন হৈছে । যাৰ বাবে আগন্তুক দিনত সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাত এই সমস্যাৰ সমাধান হ'ব ।"

তেওঁ পুনৰ কয়," অসম সাহিত্য় সভাত বোকা ছটিওৱা ৰাজনীতি আমি নিৰ্মূল কৰিব লাগিব । সাহিত্য সভা কৰিবলৈ যিসমূহ সংগঠক আহে তেওঁলোকে এটা নিৰ্দিষ্ট পৰিয়ালক প্ৰতিনিধিত্ব কৰি আহে । গতিকে পৰিয়ালৰ সন্মান ৰক্ষাৰ স্বাৰ্থত সাহিত্য সভাৰ কৰ্ণধাৰ আৰু কাৰ্যনিৰ্বাহ সদস্যসকলে সকলোৱে সকলোক সুৰক্ষিত কৰিব লাগিব তেওঁলোকৰ পৰিয়ালৰ সন্মানৰ স্বাৰ্থত । পৰিয়ালৰ সুৰক্ষিত হৈ থাকিলে সাহিত্য সভাত কাম কৰিবলৈ আগবাঢ়ি আহিব আৰু সেয়া যদি কৰিব পৰা নাযায় তেনেহ'লে কোনোৱে সাহিত্য সভাত কাম কৰিবলৈ আগবাঢ়ি নাহে ।"

Newly elected general secretary of Asam Sahitya Sabha felicitated
অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত প্ৰধান সম্পাদকক সম্বৰ্ধনা (ETV Bharat Assam)

নৱ-নিৰ্বাচিত প্ৰধান সম্পাদকগৰাকীয়ে কয়," অসম সাহিত্য সভাৰ কাম অসম সাহিত্য সভাক কৰিবলৈ দিব লাগে আৰু জিলা সাহিত্য সভাৰ কাম জিলা সভাই কৰিব লাগে । নিজৰ নিজৰ কাম ভগাই ভগাই কৰিলে বহু কাম হৈ যায় । গতিকে মই সকলোকে অনুৰোধ জনালো যে নিজৰ নিজৰ কামত অগ্ৰসৰ হওঁক ।"

গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ আঁতধৰে জিলা সাহিত্য সভাৰ সম্পাদক দুলাল দাসে । এই অনুষ্ঠানটোত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, অসম সাহিত্য সভাৰ কুঁহি উপ-সমিতিৰ আহ্বায়ক শংখুসিদ্ধ নাথ, সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া নুৰুল চুলতান,নৰেন শইকীয়া,যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্ঞপ্ৰাণ বৰদলৈ, যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক উত্তম কুমাৰ হাজৰিকা, গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিত্ৰয় পৱিত্ৰ বৰবৰা,সুৰেন্দ্ৰ মোহন হাজৰিকা,তফজুল হক বৰবৰা,গোলাঘাট জিলা সাহিত্য সভাৰ উপ-সভাপতি মুহিৰাম লুইং আদি উপস্থিত থাকি নৱ-নিৰ্বাচিত প্ৰধান সম্পাদকক সম্বৰ্ধনা জ্ঞাপন কৰে ।

লগতে পঢ়ক: উৰুকাৰ বজাৰ; বিধায়কেও বিক্ৰী কৰিছে মাছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.