প্ৰয়াগৰাজ : উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰম্ভ মহাকুম্ভ মেলা । অহা ডেৰ মাহত প্ৰায় ৩৫ কোটি লোকৰ অংশগ্ৰহণৰ সাক্ষী হ'ব এই মহা কুম্ভ ২০২৫ । পুহ মাহৰ পূৰ্ণিমা উপলক্ষে প্ৰথম পবিত্ৰ স্নানৰ সৈতে এই মহাকুম্ভ মেলা আৰম্ভ হ'ব ।
গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থল ত্ৰিবেণী সংগমৰ সমীপত বিশ্ব বিখ্যাত মহাকুম্ভ মেলা অনুষ্ঠিত হৈছে । সোমবাৰে পুৱা প্ৰয়াগৰাজত পবিত্ৰ স্নানৰ লগে লগে মহাকুম্ভ আৰম্ভ হয় । ফলত সংগমস্থলীত ভক্তসকলৰ এক বৃহৎ সমাৱেশ দেখা গৈছে ।
লক্ষণীয়ভাৱে শনিবাৰৰ পৰা কমেও ৮৫ লাখ লোকে সংগমস্থলত স্নান কৰিছে । তাৰ ভিতৰত কেৱল শনিবাৰে ৩৫ লাখ লোকে স্নান কৰে আৰু দেওবাৰৰ দিনটোত পবিত্ৰ স্নান কৰা লোকৰ সংখ্যা আছিল ৫০ লাখ ।
পুহ পূৰ্ণিমা ২০২৫ : সময়
ড্ৰিক পাঞ্চাঙৰ মতে পুহ মাহৰ পূৰ্ণিমা শুক্ল পক্ষ ১৩ জানুৱাৰীৰ পুৱা ৫:০৩ বজাত আৰম্ভ হয় আৰু ১৪ জানুৱাৰীত পুৱা ৩:৫৬ বজাত সমাপ্ত হ'ব ।
ৰবি যোগ : পুৱা ০৭:১৫ বজাৰ পৰা ১০:৩৮ বজালৈ
ব্ৰহ্মা মুহূৰ্ত : পুৱা ০৫:২৭ বজাৰ পৰা পুৱা ০৬:২১ বজালৈ
অভিজিত: দুপৰীয়া ১২:০৯ বজাৰ পৰা ১২:৫১ বজালৈ
বিজয়া মুহূৰ্ত : আবেলি ০২:১৫ বজাৰ পৰা ০২:৫৭ বজালৈ
গধুলি মুহূৰ্ত : সন্ধিয়া ০৫:৪২ বজাৰ পৰা সন্ধিয়া ০৬:০৯ বজালৈ
চায়াহনা সন্ধ্যা : সন্ধিয়া ০৫:৪৫ বজাৰ পৰা সন্ধিয়া ০৭:০৬ বজালৈ
প্ৰাত: সন্ধ্যা : পুৱা ০৫:৫৪ বজাৰ পৰা পুৱা ০৭:১৫ বজালৈ
নিশিতা মুহূৰ্ত : ১৪ জানুৱাৰীৰ পুৱা ১২:০৩ বজাৰ পৰা ১২:৫৭ বজালৈ
সোমবাৰে পুৱতি নিশা ত্ৰিবেণী সংগমৰ পাৰত বহু সংখ্যক ভক্ত উপস্থিত হোৱা দেখা গৈছে । ভক্তসকলে পবিত্ৰ ৰীতি-নীতিৰে স্নান কৰে ।
এগৰাকী ভক্ত বিজয় কুমাৰে কয়,"ইয়াত ব্যৱস্থাবোৰ বহুত ভাল । সকলোবোৰৰ বাবে এক ব্যৱস্থা আছে-খাদ্য আৰু থকাৰ সুবিধা আছে...ৰাস্তাবোৰো ভাল ।" আন এগৰাকী ভক্তই কয়,"য'তেই আয়োজন কৰা হয় আমি কুম্ভ মেলালৈ যাওঁ । মই এটা সৰু মন্দিৰত থাকো-মই ভাৰতৰ প্ৰতিটো তীৰ্থস্থানলৈ যাওঁ...।"
ৰাজস্থানৰ জয়পুৰৰ এজন ভক্ত চুন্নী লালে কয়,"...মই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জনাইছো; আমাৰ সকলোৰে ইয়াত উপস্থিত হৈ ভাল লাগিছে । চৰকাৰে ভাল ব্যৱস্থা কৰিছে । মই সংবাদ মাধ্যমৰ ওচৰতো কৃতজ্ঞ...আমি পবিত্ৰ স্নানৰ বাবে আহিছো ।"
ইফালে ভক্তসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ এনডিআৰএফ আৰু উত্তৰ প্ৰদেশ আৰক্ষীৰ দল মোতায়েন কৰা হৈছে । এই বছৰ মহাকুম্ভ বিশেষ, কিয়নো মহাকাশীয় এক বিৰল মুহূৰ্তত এইবাৰ মহাকুম্ভ অনুষ্ঠিত হৈছে । যিটো ১৪৪ বছৰত কেৱল এবাৰহে হৈছে ।
যান-বাহন আৰক্ষীয়ে বিস্তৃত ব্যৱস্থা কৰিছে আৰু মহাকুম্ভ মেলালৈ অহা ভক্তসকলৰ বাবে যান-বাহনৰ চলাচল আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এক বিতং পৰিকল্পনা ৰূপায়ণ কৰিছে ।
মহাকুম্ভ মেলা ২০২৫ৰ বাজেট
উত্তৰ প্ৰদেশৰ মুখ্য সচিব মনোজ কুমাৰ সিঙে দেওবাৰে কয় যে মৌনী অমাৱস্যাৰ সময়ছোৱাত (২৫ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ) আনুমানিক ৪ পৰা ৫ কোটি ভক্ত পবিত্ৰ চহৰত উপস্থিত হৈ উৎসৱত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।
৪৫ দিন ধৰি চলিবলগীয়া এই বৃহৎ অনুষ্ঠানটোৰ ৰাজ্যিক বাজেট প্ৰায় ৭,০০০ কোটি টকা বুলি সিঙে কয় । তেওঁ কয়,"২০১৯ চনত কুম্ভ মেলা হৈছিল । এয়া হৈছে মহাকুম্ভ । যোৱা কুম্ভত আমি ২৪ কোটি তীৰ্থযাত্ৰী দেখিছিলো আৰু এইবাৰ আমি ৩৫ কোটিতকৈও অধিক তীৰ্থযাত্ৰী আশা কৰিছো । তেনেধৰণৰ ব্যৱস্থাও কৰা হৈছে । মেলাৰ এলেকা প্ৰায় ২৫ শতাংশ বৃদ্ধি পাইছে । এইবাৰ ইয়াক প্ৰায় ৪,০০০ হেক্টৰ ভূমিত স্থাপন কৰা হৈছে ।"
তেওঁ উল্লেখ কৰা মতে ৬ টা নিৰ্দিষ্ট দিন আছে যিকেইটা পবিত্ৰ স্নানৰ বাবে গুৰুত্বপূৰ্ণ । সেয়েহে সেই দিনবোৰত প্ৰশাসনে অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব । সেই দিনকেইটাত ভিআইপি, ভিভিআইপিৰ সুকীয়া ব্যৱস্থা নাথাকিব ।
লগতে পঢ়ক :ভাৰতীয় চহৰসমূহত সম্পত্তি কৰ কেনেকৈ অধিক কাৰ্যকৰী কৰিব পাৰি? - PROPERTY TAX