চৌদিশে এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আকৰ্ষণীয় ভেলাঘৰ নিৰ্মাণ কৰি ভোগালী বিহু উদযাপন কৰিবলৈ ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া ৷ পিঠা-পনা তথা বিভিন্ন খাদ্য সম্ভাৰেৰে ভৰি পৰিছে বজাৰ ৷ গাঁৱৰ ঘৰে ঘৰে ঢেকীৰ শব্দ, পিঠাৰ গোন্ধ ৷
মুঠৰ ওপৰত মাঘ বিহুৰ বতৰত এতিয়া চৌদিশ উখল-মাখল ৷ অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহুত ইজনে আনজনক শুভেচ্ছা দিয়াটো পৰম্পৰা ৷ সেয়ে আপুনিও এই বিশেষ দিনটোত আপোনাৰ আপোনজনক এনেদৰে পঠিয়াওক মাঘ বিহুৰ শুভেচ্ছা বাৰ্তা-
- নিয়ৰ সৰা গধূলি.. মাঘ মাহৰ জাননী.. মেজিৰ তলৰ ধেমালি.. চোৱা আহি পালে ভোগালী.. ভোগালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ জনাইছো ৷
- আপোনাক তথা আপোনাৰ পৰিয়ালৰ সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো ৷
- সমূহ অসমবাসী ৰাইজক চেনেহৰ ভোগালী বিহুৰ ওলগ জনাইছো ৷
- মাঘ বিহুৰ শুভেচ্ছা / ভোগালী বিহুৰ শুভেচ্ছা ভোগালীৰ ওলগ জনালো ৷ মেজিৰ জুইয়ে যেন সকলো অমংগল,হিংসা-বিদ্বেষ পুৰি শেষ কৰে ৷তাৰেই কামনা কৰিছো ৷
- সকলোকে আগতিয়াকৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো ৷
- মোৰ সমূহ বন্ধু, বান্ধৱীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছো ৷
- মেজিৰ পবিত্র জুইয়ে সকলোৰে হৃদয় উমাল কৰি তোলক ৷তাৰেই কামনা কৰিছো ৷
- এই মেজিৰ জুইত নিপাত যাওঁক সকলোৰে অসূয়া-অপ্রীতি ৷ মাঘ বিহুৰ আন্তৰিক শুভকামনা ৷
- ভোগালীৰ ওলগ জনালো ৷ এই বিহুয়ে প্রতিজন অসমীয়াৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা ৷
- ভোগৰ উৎসৱ ভোগালীয়ে সকলোৰে মনবোৰ সমৃদ্ধ কৰি তোলক ৷
- এই ভোগালীয়ে কঢ়িয়াই আনক সকলোৰে জীৱনলৈ আনন্দ আৰু উল্লাস ৷ ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছো ৷
- তোমালৈ মাঘ বিহুৰ হিয়াভৰা শুভকামনা জনালো ৷ পিঠা-পনা খাই জীৱনটো উপভোগ কৰা ৷
- আপোনাৰ লগতে আপোনৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো ৷ আগন্তুক দিনবোৰে যাতে আপোনালৈ সুখ-শান্তি কঢিয়াই আনক ৷ তাৰেই কামনা কৰিলো ৷
- অনাগত দিনবোৰ ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনা ৷
- ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালো ৷ ভোগালীৰ ভোগে জীপাল কৰক অসমবাসীৰ মন ৷
- প্ৰীতিৰ ভোজে সুদৃঢ় কৰক সম্প্ৰীতিৰ এনাজৰী ৷ভোগালী বিহুৰ আন্তৰিক শুভকামনা ৷
- ভোগালীয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক একতা, শান্তি আৰু ভাতৃত্ববোধ, তাৰে কামনা কৰিলো ৷
- আমাৰ বাপতি সাহোন ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷
- উৰুকাৰ এই ক্ষণত সকলোকে ভোগালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷ লগে-ভাগে এসাঁজ খোৱাৰ এই সাতামপুৰুষীয়া পৰম্পৰা অটুট ৰাখি উলহ মালহেৰে পাৰ হওঁক ভোগালীৰ উৰুকা ৷
- ভোগালী বিহুৱে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক ৷ ভাতৃত্ববোধৰ এনাজৰী ডাল আৰু অধিক সুদৃঢ় কৰক ৷
লগতে পঢ়ক