ETV Bharat / state

ভোগালীৰ উচাহত একাত্ম হ'ল অসম আৰক্ষীৰ ন-পুৰণি বিষয়াসকল - ASSAM POLICE

গোলাঘাটত অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিষয়ববীয়াৰ প্ৰীতি সন্মিলন । জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবাশতাধিক প্ৰাক্তন আৰক্ষীৰ অংশগ্ৰহণ । বিহু নাচত মতলীয়া সকলো ।

Get Together of Retired Assam Police Officers at Golaghat
ভোগালীতে একলগ হ'ল ন-পুৰণি অসম আৰক্ষী বিষয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 14, 2025, 5:40 PM IST

গোলাঘাট: মাঘ বিহু উপলক্ষে আজি গোলাঘাটৰ বগৰিজেংস্থিত আৰক্ষী নিৱেশ খেলপথাৰত জিলা আৰক্ষী প্ৰশাসনৰ দ্বাৰা অনুষ্ঠিত কৰা হয় অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়ববীয়াসকলৰ সৈতে গোলাঘাট আৰক্ষীৰ প্ৰীতি সন্মিলন । অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়ববীয়াসকলৰ বিভিন্ন সমস্যা আৰু সেই সমস্যাসমূহ সমাধানৰ বাট মুকলি কৰাৰ উদ্দেশ্যে আগত ৰাখি এই প্ৰীতি সন্মিলনৰ আয়োজন কৰা হয় ।

জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় তিনি শতাধিক অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়ববীয়াৰ উপস্থিত হোৱা উক্ত সন্মিলনত তেওঁলোকৰ অভাৱ অভিযোগ বুজ ল'লে অসম আৰক্ষীৰ বিশেষ ডি আই জি চৰণ প্ৰীত, গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু জিলা আয়ুক্ত পুলক মহন্তই । ইয়াৰ উপৰিও বিহু নাচত মতলীয়া হয় সকলোৱে । তাৰ পাছতে সকলোৱে মাঘ বিহুৰ জলপান গ্ৰহণ কৰে ।

ভোগালীতে একলগ হ'ল ন-পুৰণি অসম আৰক্ষী বিষয়া (ETV Bharat Assam)

উক্ত সন্মিলনত অংশগ্ৰহণ কৰি জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয়,"অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিংৰ নিৰ্দেশ মৰ্মে মঙলবাৰে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়ববীয়াসকলৰ এটা সন্মিলন অনুষ্ঠিত কৰিছোঁ । ভোগালী বিহু উপলক্ষে সকলো একলগ হৈ বিহুৰ পিঠা-পনা আৰু জলপান খাম । আমাৰ জিলাত প্ৰায় ৫০০ শতাধিক অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়ববীয়া আছে তাৰে বহুতেই স্বাস্থ্যজনিত কাৰণত আহিব পৰা নাই যদিও প্ৰায় তিনি শতাধিক অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়ববীয়া আজি একগোট হৈছোঁ ।"

লগতে তেওঁ কয়,"তেওঁলোক অভিজ্ঞ আৰু আমাৰ পৰামৰ্শদাতা । তেওঁলোকৰ বহু অভাৱ অভিযোগ আছে সেইখিনি কেনেদৰে নিৰ্মূল কৰিব পাৰোঁ ইয়াৰ বাবে যিদৰে প্ৰাক্তন সৈনিকসকলৰ জিলা পৰ্যায়ত বোৰ্ড থাকে তেনেদৰে অসম আৰক্ষীৰো জিলা পৰ্যায়ত বোৰ্ড গঠন কৰাৰ চিন্তা-চৰ্চা কৰিছোঁ জিলা আয়ুক্তই আমাক এইক্ষেত্ৰত সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰিছে যাৰ দ্বাৰা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়ববীয়াৰসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । ইয়াৰ উপৰিও অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ যি প্ৰচেষ্টা তাত আমি সফল হ'ব পাৰিম ।"

এই সন্মিলনত অংশ গ্ৰহণ কৰা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া আলসাজ চহিদুৰ ৰহমানে কয়,"মই ১৯৮০ চনত অসম আৰক্ষীত যোগদান কৰি ২০১৫ চনত গোলাঘাট জিলাৰ বগীজান আৰক্ষী থানাৰ পৰা অৱসৰ গ্ৰহণ কৰিছোঁ । চাকৰি জীৱনত বহুতো ঘাত-প্ৰতিঘাত পাইছোঁ যদিও সকলো সুকলমে পাৰ হৈছিল । কিন্তু ২০১৪ চনত অসম নাগালেণ্ড সীমান্তত নগাৰ সৈতে হোৱা সংঘাত সময়ত অলপ কষ্ট অনুভৱ কৰিছিলোঁ কিন্তু অসম আৰক্ষীৰ সাহসৰ বাবে নগাক উফৰাই পঠিয়াইছিলোঁ ।"

লগতে তেওঁ কয়,"ইয়াৰ উপৰিও আৰক্ষী প্ৰশাসনে এই অনুষ্ঠান আয়োজন কৰাৰ বাবে আনন্দিত হৈছোঁ আৰু ভবিষ্যতৰ দিনতো এই পৰম্পৰা চলি থাকক । আমি অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়ববীয়াসকলে ইয়াত একলগ হলোঁ আৰু কৰ্মৰত আৰক্ষী বিষয়াসকলক সতৰ্কতাৰে নিজৰ কৰ্ম সম্পাদন কৰিবৰ আহ্বান জনালোঁ ।"

লগতে পঢ়ক: ভোগালীৰ উৰুকাৰ মাদকতা ল'লে ম্যুং মাও দেশৰ ছ্যুকাফাৰ বংশধৰে - SUKAPHAA DESCENDANTS VISIT MORAN

ভোগৰ উৎসৱ ভোগালী: পুৱাই গায়ন-বায়ন সহিতে খোল-তাল বজাই দাহ কৰা হ’ল মেজি - BHOGALI BIHU 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.