সৰুপথাৰ: বৰ্তমানো অব্যাহত শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাইপাৰ মাজৰ যুঁজ । টাইপাৰ বিৰুদ্ধে শংকৰদেৱ সংঘৰ বিভিন্ন জিলা শাখাই পৃথকে পৃথকে দাখিল কৰিছে এজাহাৰ ।
শেহতীয়াকৈ গহপুৰৰ চন্দ্ৰ বৰুৱাই ৩১ জানুৱাৰীত মে-ডাম-মে-ফিত অংশ লৈ উক্ত অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰাৰ বাবে শংকৰদেৱ সংঘৰ ককিলাগুৰি প্ৰাথমিক শাখাই চন্দ্ৰ বৰুৱালৈ পত্ৰ প্ৰেৰণ কৰি এঘৰীয়া কৰাৰ লগতে জৰিমনা বিহে ।
এই খবৰ ৰাজহুৱা হোৱাত আহোম জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনে শংকৰ সংঘৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে । এই ঘটনাৰ পাছতে শংকৰদেৱ সংঘক আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনাইছিল টাইপাই । লগতে চৰাইদেউৰ সোণাৰিত মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল টাই আহোম যুৱ পৰিষদে ।
ইয়াতে ক্ষুব্ধ হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন শাখা আৰু জিলা সমিতিয়ে পৃথকে পৃথকে টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । বুধবাৰে টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ ধনশিৰি জিলা শাখাই । সৰুপথাৰ সম জিলাৰ ৬ খন আঞ্চলিক শাখাৰ প্ৰায় ৪ শতাধিক লোকৰ উপস্থিতিত সৰুপথাৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ।
এজাহাৰ দাখিল কৰি শংকৰদেৱ সংঘৰ ধনশিৰি জিলা শাখাৰ বিষয়ববীয়াই কয়,"আপোনালোক সকলোৱে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই ১৯৩০ চনতে জন্মগ্ৰহণ কৰা এটা ধৰ্মীয়, সামাজিক-সাংস্কৃতিক, অৰাজনৈতিক অনুষ্ঠান । আমাৰ এখন সংবিধান আছে, লগতে প্ৰতীক আছে । এই সংবিধান আৰু প্ৰতীকক আমি প্ৰতিগৰাকী সংগীয়ে পৱিত্ৰ জ্ঞান কৰোঁ । তেনে এখন পৱিত্ৰ সংবিধান আৰু প্ৰতীক যোৱা ১৭ ফেব্ৰুৱাৰী তাৰিখত সোণাৰি নগৰৰ মাজমজিয়াত টাইপাৰ কৰ্মকৰ্তা উদ্দীপ্ত গগৈ সহিতে কেইজনমান কৰ্মকৰ্তাই দাহ কৰিছে । ইয়াক লৈ সমগ্ৰ অসমৰ ভকত-বৈষ্ণৱে আঘাত পাইছে ।"
তেওঁ লগতে কয়,"উক্ত ঘটনা কিয় হ'বলৈ পালে তাক লৈ আমি প্ৰতিবাদ কৰিছোঁ । এটা সদ উত্তৰ পাবৰ কাৰণে আমি সৰুপথাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছোঁ ।"