ছিডনী : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পঞ্চম তথা নিৰ্ণায়ক মেচ ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে । শনিবাৰে টেষ্ট মেচৰ দ্বিতীয় দিনা মধ্যাহ্ন ভোজন বিৰতিৰ সময়ত ভাৰতৰ নিয়মীয়া টেষ্ট অধিনায়ক ৰোহিত শৰ্মাই এক ডাঙৰ ঘোষণা কৰে । মেচখনত মূল একাদশত অন্তৰ্ভুক্ত নোহোৱা আৰু তেওঁৰ টেষ্টৰ পৰা অৱসৰ লোৱাৰ সন্দৰ্ভত যি চৰ্চা চলি আছে সেই বিষয়ে ৰোহিতে নীৰৱতা ভংগ কৰি পোনপটীয়া সম্প্ৰচাৰত এক ডাঙৰ ঘোষণা কৰে ।
মধ্যাহ্নভোজন বিৰতিৰ সময়ত ৰোহিত শৰ্মাই ষ্টাৰ স্প'ৰ্টছৰ সৈতে এক বিশেষ বাৰ্তালাপ কৰে । তাত বিগত কেইবাদিনো ধৰি তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ বাতৰি ব্যাপকভাৱে বিয়পি পৰাৰ খবৰ অস্বীকাৰ কৰি কয় যে তেওঁ এতিয়াই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ নলয় । তেওঁ কয়, "মই অৱসৰ ল'বলৈ যোৱা নাই, কেৱল দলটোৰ প্ৰয়োজনীয়তাৰ বাবেহে মই দলৰ বাহিৰত বহি আছো ।"
- ছিডনী টেষ্টৰ পৰা নিজে আঁতৰি থকাৰ সিদ্ধান্ত ৰোহিতৰ