ETV Bharat / sports

১২ টা দলৰ অংশগ্ৰহণৰে আৰম্ভ কেপ্টেইন জিণ্টু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতা - JINTU GOGOI FOOTBALL TOURNAMENT

২০ সংখ্যক কেপ্টেইন জিণ্টু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী খেলত অইল ইণ্ডিয়া ফুটবল ক্লাৱৰ জয়লাভ ।

Jintu Gogoi Football Tournament
২০ সংখ্যক কেপ্তেইন জিণ্টু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 7, 2025, 10:22 AM IST

মৰাণ : কেপ্টেইন জিণ্টু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতা আৰম্ভ । শ্বহীদগৰাকীক অমৰ কৰি ৰখাৰ লক্ষ্যৰে ভাৰতীয় সেনা বাহিনীয়ে অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত বিগত ১ বছৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে । বিগত বৰ্ষসমূহৰ দৰে এইবাৰ দুলীয়াজানৰ নেহৰু ময়দানত শুভ আৰম্ভণি হ'ল শ্বহীদ জিণ্টু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ ।

সোমবাৰে দুলীয়াজানৰ নেহৰু ষ্টেডিয়ামত আৰম্ভ হয় ২০ সংখ্যক কেপ্টেইন জিণ্টু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতা । ছয়দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হোৱা ফুটবল প্ৰতিযোগিতাখনি ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বিভিন্ন খেলপথাৰত অনুষ্ঠিত হ'ব । দুলীয়াজানৰ নেহৰু ময়দান অনুষ্ঠিত উদ্বোধনী খেলখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দুলীয়াজান অইল ইণ্ডিয়া বিভাগৰ মুখ্য আৱাসিক বিষয়া ৰূপজ্যোতি ফুকনৰ লগতে সেনা জোৱানৰ ব্ৰিগেডিয়াৰ অভনীশ শ্যামল । এই উদ্বোধনী খেলখনত অংশগ্ৰহণ কৰে অইল ইণ্ডিয়া ফুটবল ক্লাৱ আৰু উজনি অসম ফুটবল ক্লাৱে ।

২০ সংখ্যক কেপ্তেইন জিণ্টু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতা (ETV Bharat Assam)

উদ্বোধনী খেলত জয়লাভ অইল ইণ্ডিয়া ফুটবল ক্লাৱৰ :

প্ৰতিযোগিতাৰ উদ্বোধনী খেল অনুষ্ঠিত হয় অইল ইণ্ডিয়া ফুটবল ক্লাৱ আৰু উজনি অসম ফুটবল ক্লাৱৰ মাজত । এই খেলখনত ৫-০ গ'লৰ ব্যৱধানত উজনি অসম ফুটবল ক্লাৱক পৰাজিত কৰে অইল ইণ্ডিয়া ফুটবল ক্লাৱে । অইল ইণ্ডিয়া ফুটবল ক্লাৱৰ হৈ অকৰং নাৰ্জাৰীয়ে ৩টা গ'ল দিয়াৰ লগত চেমচন শইকীয়া আৰু জয়দীপ গগৈয়ে এটাকৈ গ'ল কৰি দলটোক অগ্ৰগতি দিয়ে ।

কোন কোন দলে অংশগ্ৰহণ কৰিছে ?

এইবাৰৰ ফুটবল প্ৰতিযোগিতখনিত ৰাজ্যখনৰ ১২ টা আগশৰীৰ দলে অংশ কৰিছে । হিমল ফুটবল ক্লাৱ, কাকপথাৰ ফুটবল ক্লাৱ, লক্ষীপথাৰ স্প'ৰ্টচ ক্লাৱ, অইল ইণ্ডিয়া ফুটবল ক্লাৱ, ৰাজাহাৰি ফুটবল একাডেমী, উজনি অসম ফুটবল ক্লাৱ, আছাম ৰাইফলছ ট্ৰেইনিং চেন্টাৰ, তিনিচুকীয়া ৰেলুৱৈ ডিভিজন স্প'ৰ্টচ ক্লাৱ, হেড হান্তাৰ ফুটবল ক্লাৱ, দুলীয়াজান ফুটবল একাডেমী, টিংৰাই ফুটবল ক্লাৱ, বাৰেকুৰি ফুটবল ক্লাৱ আদি দলে অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক:কাৰ্গিল শ্বহীদ বীৰ জিণ্টু গগৈ: আজিও অৱহেলিত শ্বহীদ পৰিয়াল - 25th anniversary of Kargil War - 25TH ANNIVERSARY OF KARGIL WAR

স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণি সৰ্বভাৰতীয় আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ - FOOTBALL TOURNAMENT IN DIBRUGARH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.