টীয়ক : বুকুত হাজাৰ সপোন লৈ আৰ্থিক বাধা নেওচি মেখেলা চাদৰ এৰি হাফ পেণ্ট টি চাৰ্ট পিন্ধি খেলপথাৰত নামিল এগৰাকী বোৱাৰী । নাম দীপামণি ভূঞা । টীয়ক হাস্পতাল তিনিআলিত পৰিয়াল পোহ পালনৰ বাবে পদপথতে এখন পাণ-তামোলৰ দোকান দিয়া সাধাৰণ মহিলাগৰাকীৰ প্ৰতিভা এতিয়া সৰ্বত্ৰে জিলিকি উঠিছে । ২০১৮ চনৰ পৰা কোনো পেচাগত প্ৰশিক্ষণ নোহোৱাকৈয়ে কেৱল মনৰ হেঁপাহক সাহস হিচাপে লৈ ক্ৰীড়াক্ষেত্ৰত যাত্ৰা আৰম্ভ কৰিছে দীপামণিয়ে ।
পাণ-তামোলৰ দোকানীৰ সফলতা
টীয়ক হাইস্কুলৰ খেলপথাৰত দৌৰি দৌৰি যোৰহাট জিলা ভিত্তিক মাষ্টাৰছ এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণ আৰু ৰূপৰ পদক লাভ কৰি শেহতীয়াকৈ কোকৰাঝাৰত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ মাষ্টাৰছ এথলেটিকছ চেম্পিয়নশ্বিপত ক্ৰমে ৫০০০, ১৫০০ আৰু ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি যোৰহাট তথা টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে দীপামণিয়ে । লগতে অহা মাৰ্চ মাহত সুদূৰ বেংগালুৰুত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় মাষ্টাৰছ এথলেটিকছ চেম্পিয়নশ্বিপৰ বাবেও অসমক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাইছে তেওঁ ।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি
সেয়ে এতিয়া পাৰিবাৰিক, ব্যৱসায়িক ব্যস্ততাৰ মাজতে নিতৌ অনুশীলনত ব্যস্ত হৈ পৰিছে তেওঁ । অৱশ্যে কোনোধৰণৰ চৰকাৰী সুবিধা নোপোৱাৰ বাবে মাজে মাজে হতাশ হ'বলগীয়া হৈছে খেলুৱৈগৰাকী । চৰকাৰে গ্ৰামাঞ্চলৰ ক্ৰীড়াৰ প্ৰতিভাসমূহ বিকাশৰ উদ্দেশ্যে যিদৰে খেল মহাৰণ অনুষ্ঠিত কৰিছে সেই একেদৰে মাষ্টাৰছ এথলেটিকসকলকো কিঞ্চিত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে আদৰ্শবান খেলুৱৈ দীপামণিয়ে ।
চৰকাৰে দিয়া নাই কোনো সুবিধা
উল্লেখ্য যে দুটি সন্তানৰ মাতৃ দীপামণিয়ে ইয়াৰ পূৰ্বেও ৰাজ্যিক পৰ্যায়ত কেইবাটাও সোণ আৰু ৰূপৰ পদক অৰ্জন কৰি নিজৰ একাগ্ৰতাৰ পৰিচয় দিছে । ইটিভি ভাৰতক তেওঁ কয়, "টীয়ক খেলপথাৰখনৰ অৱস্থা ভাল নহয় । অলপ যদি ভাল কৰি দিয়ে চৰকাৰে । এই দোকানখনেৰেই এনেদৰে চলি আছো । এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল আছে খেলিব লাগিব । কিন্তু চৰকাৰে যদি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি অলপ সহায় কৰে ভাল লাগিব ।" তেওঁ উল্লেখ কৰা মতে জোতাকে ধৰি খেলৰ কোনো ধৰণৰ সামগ্ৰী আজিলৈ তেওঁ চৰকাৰৰ পৰা পোৱা নাই । এদিন এনেদৰে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ কিছু আৰ্থিক সাহায্য লাভ কৰি পৰিয়ালটোক যাতে সকাহ দিব পাৰে তাৰ আশাৰে দীপামণিয়ে দৌৰি আছে আৰু দৌৰি থাকিব বুলিও আশা প্ৰকাশ কৰিছে ।
লগতে পঢ়ক :দুই বিশিষ্ট ব্যক্তিলৈ ২০২৩-২০২৪ বৰ্ষৰ সন্মানীয় ‘ৰূপকাৰ বঁটা’ - ROOPKAR AWARD 2023 2024