স্পৰ্টছ ডেস্ক, ৬ আগষ্ট :ভাৰতৰ তাৰকা মল্লযোদ্ধা বিনেশ ফোগাটে চলিত পেৰিছ অলিম্পিকত মহিলাৰ ৫০ কিলোগ্ৰাম ফ্ৰীষ্টাইল কুস্তিৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । কোৱাৰ্টাৰ ফাইনেলত বিনেশে ইউক্ৰেইনৰ ওকছানা লিৱাচক ৭-৫ ব্যৱধানত পৰাস্ত কৰে ।
ছেমি ফাইনেলত প্ৰৱেশ বিনেশ ফোগাট
ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাটে ছেমি ফাইনেলত প্ৰৱেশ কৰে । কোৱাৰ্টাৰ ফাইনেলত ফোগাটে ইউক্ৰেইনৰ ওকছানা লিৱাচক পৰাস্ত কৰে । সমগ্ৰ মেচখনত কেইটামান ত্ৰুটিৰ বাহিৰে বিনেশে প্ৰাক্তন বিশ্ব চেম্পিয়নৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় আৰু কোৱাৰ্টাৰ ফাইনেলত 7-5 ব্যৱধানত জয়ী হৈ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে ।
নিশা ১০,২৫ বজাত ছেমি ফাইনেল
ভাৰতৰ তাৰকা মল্লযোদ্ধা বিনেশ ফোগাটৰ মহিলাৰ ৫০ কিলোগ্ৰাম ফ্ৰীষ্টাইল কুস্তিৰ ছেমি ফাইনেল মেচখন ভাৰতীয় সময় মতে মঙলবাৰে নিশা ১০.২৫ বজাত অনুষ্ঠিত হ'ব । মেচখনত তেওঁ পেন আমেৰিকান গেমছৰ বৰ্তমানৰ চেম্পিয়ন কিউবাৰ ইউছনেলিছ গুজমান লোপেজৰ মুখামুখি হ'ব ।
পদক লাভৰ পৰা মাত্ৰ এখোজ দূৰৈত বিনেশ ফোগাট
তাৰকা মল্লযোদ্ধা বিনেশ ফোগাট এতিয়া পেৰিছত অনুষ্ঠিত নিজৰ তৃতীয় অলিম্পিকত পদক জয়ৰ পৰা মাত্ৰ এটা জয়ৰ দূৰৈত আছে । তেওঁৰ পৰা ১৪০ কোটি ভাৰতীয়ই পেৰিছ অলিম্পিকত পদক জয়ৰ বাবে আশা কৰি আছে । বিনেশে মঙলবাৰে নিশা অনুষ্ঠিত হ'বলগীয়া ছেমি ফাইনেলত কিউবাৰ ইউচনেলিছ গুজমান লোপেজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । লোপেজক পৰাস্ত কৰিব পাৰিলে তেওঁ ভাৰতৰ হৈ অন্তত এটা ব্ৰঞ্জৰ পদকৰ দাবীদাৰ হ'ব ।
ইয়াৰ পূৰ্বে ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাটে ৰাউণ্ড অব ১৬ মেচত টকিঅ' অলিম্পিক ২০২০ৰ চেম্পিয়ন য়ুই চুচাকিক ৩-২ ব্যৱধানত পৰাস্ত কৰে । এই বিজয় এই কাৰণেই বিশেষ আছিল যে জাপানৰ য়ুই চুচাকি কেৱল বৰ্তমানৰ অলিম্পিক চেম্পিয়নেই নহয়, তেওঁ এই শাখাত তিনিবাৰৰ বিশ্ব চেম্পিয়ন আৰু বৰ্তমানৰ এছিয়ান চেম্পিয়ন ।