হায়দৰাবাদ : খেলপথাৰত দৰ্শকক মনোৰঞ্জন দিবলৈ বিশ্ব ক্ৰিকেটত সদায় কিবা নহয় কিবা নতুনত্ব অনা হয় । আন্তৰ্জাতিক ক্ৰিকেট টেষ্ট মেচৰ সৈতে আৰম্ভ হৈছিল আৰু বিগত কেইবছৰমানত কিছু পৰিৱৰ্তনৰ পিছত ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেট টি-20 ক্ৰিকেটৰ আটাইতকৈ জনপ্ৰিয় ফৰ্মেট হৈ পৰিছে ।
কিন্তু সীমিত অ'ভাৰৰ ক্ৰিকেটৰ বৰ্ধিত জনপ্ৰিয়তাৰ বিপৰীতে টেষ্টৰ জনপ্ৰিয়তা যথেষ্ট হ্ৰাস পাবলৈ লৈছিল । যাৰ ফলত আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আই চি চি) ক্ৰিকেটৰ এই দীৰ্ঘতম ফৰ্মেটটোক পুনৰ জনপ্ৰিয় কৰিবলৈ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) প্ৰৱৰ্তন কৰে ।
সাধাৰণতে এখন টেষ্ট মেচ পাঁচদিনীয়া হয় । সেয়েহে যিকোনো টেষ্ট মেচৰ তিনিটা ফলাফল অৱধাৰিত । হয় এটা দলে মেচখন জিকিব আৰু এটা দলে পৰাজয়ৰ সন্মুখীন হ'ব বা মেচখন ড্ৰ হ'ব । এই তিনিটা ফলাফল অবিহনে টেষ্ট মেচত চতুৰ্থ ফলাফল পোৱাটো অসম্ভৱ বুলি গণ্য কৰা হৈছিল ।
কিন্তু টেষ্ট ক্ৰিকেটৰ ১৪৮ বছৰীয়া ইতিহাসত চতুৰ্থ ফলাফলটো মাত্ৰ দুখন মেচতহে দেখা গৈছিল, সেয়া হৈছে টাইৰ ৰূপত । যিটো এক বিৰল উদাহৰণ । ক্ৰিকেটত দুয়োটা দলৰ ৰাণ সংখ্যা সমান হ'লে মেচখন টাই বা সমান সমানত সমাপ্ত হয় । ১৯৬০ চনৰ ৯ ডিচেম্বৰত অষ্ট্ৰেলিয়া বনাম ৱেষ্ট ইণ্ডিজ আৰু ১৯৮৬ চনৰ ১৮ ছেপ্টেম্বৰত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ মেচ দুখনত এনে এক অনন্য ফলাফল আহিছিল ।
- অষ্ট্ৰেলিয়া বনাম ৱেষ্ট ইণ্ডিজ (ডিচেম্বৰ ৯, ১৯৬০)
টেষ্ট ক্ৰিকেটৰ প্ৰথমখন মেচ টাই হৈছিল ১৯৬০ চনত । ৯ ডিচেম্বৰত আৰম্ভ হোৱা মেচখনত অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজ মুখামুখি হৈছিল । দুয়োখন দেশৰ মাজত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টেষ্টত ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । গেৰী ছোবাৰ্ছ (১৩২), ফ্ৰেংক ৱ'ৰেল (৬৫) আৰু জো চলোমনৰ (৬৫) ৰাণৰ অৱদানত কেৰিবিয়ান দলটোৱে প্ৰথম ইনিংছত ৪৫৩ ৰাণ সংগ্ৰহ কৰে । আনহাতে, এলেন ডেভিডচনে প্ৰথম ইনিংছত পাঁচটা উইকেট দখল কৰে ।
ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই নৰ্ম অ'নিলৰ (১৮১) শতক আৰু বব ছিম্পছনৰ (৯২) অৰ্ধশতকৰ সৌজন্যত ৫০৫ ৰাণ সংগ্ৰহ কৰে । প্ৰথম ইনিংছত ৫২ ৰাণত পিছপৰি থকাৰ পিছত ৱেষ্ট ইণ্ডিজে তেওঁলোকৰ দ্বিতীয় ইনিংছত ২৮৪ ৰাণ সংগ্ৰহ কৰে আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২৩৩ ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ।
এই লক্ষ্য অনুসৰণ কৰি অষ্ট্ৰেলিয়ান দলটোৱে ২৩২ ৰাণ সংগ্ৰহ কৰে । যাৰ বাবে মেচখন টাইত সমাপ্ত হয় । ৱেষ্ট ইণ্ডিজৰ ৱেছ হলে পাঁচটা উইকেট দখল কৰে ।
- ভাৰত বনাম অষ্ট্ৰেলিয়া (ছেপ্টেম্বৰ ১৮, ১৯৮৬)
টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ দ্বিতীয়খন টাই মেচ ১৯৮৬ চনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত খেলা হৈছিল । সমগ্ৰ মেচখনত অষ্ট্ৰেলিয়াই নিজৰ আধিপত্য বজাই ৰাখিছিল । কিন্তু ভাৰতীয় বেটছমেনসকলে চতুৰ্থ ইনিংছত তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰি মেচখন টাই কৰিছিল । প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াৰ দলটোৱে ৭ উইকেটত ৫৭৪ ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে ।
ইয়াৰ পিছত অষ্ট্ৰেলিয়াই ৫ উইকেটত ১৭০ ৰাণ সংগ্ৰহ কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে আৰু ভাৰতীয় দলটোক ৩৪৮ ৰাণৰ বিজয় লক্ষ্য বান্ধি দিয়ে । ইয়াৰ পিছত ভাৰতীয় দলটোৱে সুন্দৰ খেল প্ৰদৰ্শন কৰে আৰু মেচখন টাই কৰিবলৈ সক্ষম হয় । সুনীল গাভাস্কাৰে ভাৰতীয় দলৰ হৈ সৰ্বাধিক 90 ৰাণ সংগ্ৰহ কৰে । আনহাতে, মহিন্দৰ অমৰনাথে 51 ৰাণ সংগ্ৰহ কৰে । গ্ৰেগ মেথিউছ আৰু ৰে ব্ৰাইটে পাঁচটাকৈ উইকেট দখল কৰে ।