ETV Bharat / lifestyle

চতুৰ্থ স্থানত অসম: নৱবৰ্ষত ভ্ৰমণৰ বাবে শ্ৰেষ্ঠ স্থানৰ তালিকাত স্থান লাভ - ASSAM IN NEW YORK TIMES LISTS

নিউয়ৰ্ক টাইম ট্ৰেভেলে ২০২৫ চনত ভ্ৰমণ কৰিবলগীয়া ৫২টা স্থানৰ তালিকা প্ৰস্তুত কৰিছে আৰু এই তালিকাৰ অসমে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে-

Beginners Travel Guide To Assam
চতুৰ্থ স্থানত অসম: নৱবৰ্ষত ভ্ৰমণৰ বাবে শ্ৰেষ্ঠ স্থানৰ তালিকাত স্থান লাভ (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : 4 hours ago

শেহতীয়াকৈ নিউয়ৰ্ক টাইম ট্ৰেভেলে ২০২৫ চনত ভ্ৰমণ কৰিবলগীয়া ৫২টা স্থানৰ তালিকা প্ৰস্তুত কৰিছে । উল্লেখযোগ্য যে ৫২ টা গন্তব্যস্থানৰ তালিকাত অসমে চতুৰ্থ স্থান দখল কৰে । সেয়ে আজি এই প্ৰতিবেদনৰ দ্বাৰা অসমৰ এনে কিছুমান স্থানৰ বিষয়ে জানো আহক যিসমূহ ভ্ৰমণৰ বাবে উত্তম তথা এই ঠাইসমূহৰ বিশেষত্ব কি-

চৰাইদেউ মৈদাম

অসমৰ আহোম বংশৰ ৭০০ বছৰীয়া সমাধিৰ টিলা চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত ৰখা হৈছে । ইহঁতক ‘অসমৰ পিৰামিড’ বুলিও কোৱা হয় ।

কামাখ্যা মন্দিৰ

অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ প্ৰাচীন মন্দিৰ কামাখ্যা মন্দিৰ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এটি জনপ্ৰিয় স্থান ৷ বহুকেইটা মন্দিৰৰ লগতে নীলাচল পাহাৰৰ সৌন্দৰ্যতা সঁচাকৈ আচৰিত ৷ পাহাৰৰ পৰা পৰিলক্ষিত হোৱা ব্ৰহ্মপুত্ৰ তথা প্ৰাকৃতিক সৌন্দযৰ্তাই প্ৰতিগৰাকী দৰ্শনাৰ্থীৰে মন-প্ৰাণ হৰি নিয়ে ৷

ময়ূৰ দ্বীপ, উমানন্দ

উমানন্দ হৈছে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ ৷ ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত এই স্থান প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰপূৰ ৷ ব্ৰিটিছসকলে উমানন্দ ময়ূৰ আকৃতিৰ হোৱাৰ বাবে ইয়াক পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ নাম দিছিল । শিৱ-পাৰ্বতীৰ মন্দিৰৰ লগতে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যতা সঁচাকৈ আচৰিত ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

এশিঙিয়া গড়ৰ বাবে খ্যাত কাজিৰঙাত আপুনি জুৰাছিক পাৰ্কৰ দৰে এক অভিজ্ঞতা লাভ কৰিব ৷ এই স্থানৰ সৌন্দৰ্য উপভোগ কৰিবলৈ দেশী-বিদেশী পৰ্যটক ইয়াত ভিৰ কৰেহি আৰু শেহতীয়াকৈ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে আন এক সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । বিভিন্ন প্ৰজাতিৰ পখিলাৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দেশৰ ভিতৰত এক অন্যতম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে । দেশৰ সৰ্বাধিক পখিলা প্ৰজাতি থকা অৰুণাচল প্ৰদেশৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যানৰ পিছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

শিৱসাগৰ

ঐতিহাসিক সমলেৰে ভৰপূৰ শিৱসাগৰক Historical gem of Assam বুলিও কোৱা হয় ৷ শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউসকলৰ দিনত খন্দা ডাঙৰ ডাঙৰ পুখুৰী আৰু তাৰ কাষত নিৰ্মাণ কৰা দৌল দেৱালয়ৰে ভৰপূৰ এখন ঐতিহাসিক চহৰ । যদি আপুনি এই স্থানলৈ এতিয়াও ভ্ৰমণ কৰিবলৈ যোৱা নাই তেন্তে তলাতল ঘৰ, ৰংঘৰ, জয়দৌল, শিৱদৌল, কাৰেং ঘৰ, জয়সাগৰ পুখুৰীলৈকে এই আটাইবোৰে স্থান এবাৰ হ’লেও চাবলৈ যাব পাৰে ৷

সোণাপুৰ

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিগাৰু নদীৰ কাষতে অৱস্থিত এই স্থান প্ৰাকৃতি সৌন্দৰ্যৰে ভৰপূৰ ৷ বৰ্তমান এসময়ত সোণাপুৰৰ আশে-পাশে দেখিবলৈ পোৱা প্ৰাকৃতিক দৃশ্য আৰু সৰিয়হৰ খেতিৰ সৌন্দৰ্যতা সঁচাকৈ অতুলনীয় ৷ ইয়াৰ সমীপত থকা বহুকেইটা জলপ্ৰপাত খুবেই ধুনীয়া ৷

বগামাটি

বনভোজকাৰী দলবোৰৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰই হৈছে বগামাটি ৷ কেৱল মনোমোহা সৌন্দৰ্যই নহয়, বৰনদীৰ নিৰ্মল জলধাৰাত চলা দুঃসাহসিক অভিযান তথা ৰাফটিঙেও বনভোজকাৰী দলক বগামাটিলৈ আকৰ্ষণ কৰে ৷ ইয়াৰ পাহাৰত ট্ৰেকিং তথা পৰ্বতাৰোহণৰ সুবিধা ভ্ৰমণকাৰীসকলৰ বাবে অন্যতম আকৰ্ষণ ৷ অসমৰ ভূ-স্বৰ্গ বগামাটি, হিমালয়ৰ ক’লা ভালুকৰ লগতে বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু তথা সৰীসৃপ, বৃক্ষ-গুল্ম-লতা জাতীয় মূল্যৱান গছ-গছনিৰে পৰিৱেষ্টিত এই স্থান কোনো স্বৰ্গতকৈ কম নহয় ৷

চানডুবি বিল

চানডুবি বিল হৈছে অসমৰ কামৰূপ জিলাৰ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই বিলৰ দুইপাৰে বনভোজৰ বাবে স্থান আছে । সৰু নাৱত উঠি এই বিল পৰিভ্ৰমণ কৰিব পাৰি । পৰ্যটকৰ বাবে বিলত মাছ মৰাৰো সুবিধা কৰি দিয়া হয় । প্ৰতিবছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত চানডুবি উৎসৱ অনুষ্ঠিত হয় । এই উৎসৱত স্থানীয় লোকসকলে পৰম্পৰাগত নৃত্য আৰু খাদ্য পৰিবেশন কৰে ৷

লগতে পঢ়ক

  1. ভ্ৰমণ কৰাৰ কিমান উপকাৰিতা আছে জানেনে ?
  2. শীতকালত প্ৰদূষণমুক্ত তথা ভ্ৰমণৰ বাবে উত্তম উত্তৰ-পূবৰ এইসমূহ ঠাই...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.