আগৰতলা : ত্ৰিপুৰাত শুল্ক বিভাগসহ আৰক্ষীৰ বৃহৎ অভিযান । অভিযানত অস্ত্ৰ-শস্ত্ৰসহ এজন লোকক গ্ৰেপ্তাৰ । শুল্ক বিভাগকে ধৰি নিৰাপত্তা বাহিনীয়ে দেওবাৰে সন্ধিয়া অভিযান চলাই মণিপুৰৰ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । সূত্ৰৰ মতে মণিপুৰৰ লোকজনে খোৱাই জিলাৰ শিঞ্জিচেৰাত বাংলাদেশলৈ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ চোৰাংকৈ সৰবৰাহৰ চেষ্টা কৰি আছিল । ত্ৰিপুৰা আৰক্ষীৰ সূত্ৰ অনুসৰি আগৰতলাৰ শুল্ক বিভাগৰ বিষয়াসকলে খবৰ পাইছিল যে মণিপুৰৰ লোকজন অস্ত্ৰ আৰু নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত আছিল । লোকজনে লামডিঙৰ পৰা আগৰতলালৈ অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ লৈ গুৱাহাটী-আগৰতলা বিশেষ ৰে'লত যাত্ৰা কৰি আছিল ।
অস্ত্ৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান
সেই খবৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছিল । কিন্তু অস্ত্ৰবোৰৰ সঠিক তথ্য আৰক্ষীৰ হাতত নাছিল । আগৰতলাৰ শুল্ক বিভাগৰ বিষয়াসকলে সন্দেহজনক লোকজনৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল । বিশেষ সূত্ৰই কয়, "কেইবা ঘণ্টা ধৰি চলা এক বিস্তৃত অভিযানৰ অন্তত শুল্ক বিভাগৰ উপ-আয়ুক্তৰ নেতৃত্বত তেলিয়ামুৰা শুল্ক প্ৰতিৰোধী বাহিনী আৰু বিভাগীয় প্ৰতিৰোধী বাহিনী, আগৰতলাৰ বিষয়াসকলে খোৱাইৰ ইণ্ডো-বাংলাদেশ সীমান্তৰ মাজেৰে বাংলাদেশলৈ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে সফলতাৰে লোকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।"
অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ
অভিযানৰ সময়ত সন্দেহজনক লোকজনৰ পৰা ৰাছিয়া, আমেৰিকা আৰু ভাৰতত নিৰ্মিত চাৰিটা পিষ্টল (.৩১ এমএম) উদ্ধাৰ কৰে । লগতে ১৫০ ৰাউণ্ড গুলী আৰু ৫ টা মেগজিন উদ্ধাৰ কৰে । সূত্ৰটোৱে জনাইছে, "শুল্ক আইন, ১৯৬২-ৰ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে । অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু খোৱাইৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হৈছে । আদালতে অভিযুক্তজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।"