ETV Bharat / international

দেশজুৰি চলা যুটীয়া বাহিনীৰ অভিযানত বাংলাদেশত হাজাৰোধিক লোকক গ্ৰেপ্তাৰ - OPERATION DEVIL HUNT

সকলো চয়তানক বশ নকৰালৈকে এই অভিযান অব্যাহত থাকিব বুলি গৃহ পৰিক্ৰমা উপদেষ্টা লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) জাহাংগীৰ আলম চৌধুৰীয়ে কয় ।

Operation Devil Hunt
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By PTI

Published : Feb 10, 2025, 4:11 PM IST

ঢাকা/নতুন দিল্লী : বাংলাদেশৰ নিৰাপত্তা বাহিনীয়ে দেশখনত আৰম্ভ কৰিছে 'অপাৰেচন ডেভিল হাণ্ট' । এই অভিযানৰ অধীনত এতিয়ালৈকে ১,৩০৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । নিশাটোৰ ভিতৰতে আৰম্ভ কৰা এই অভিযান বিগত চাৰিদিন ধৰি দেশজুৰি চলোৱা তাণ্ডৱ আৰু ধ্বংসলীলা সৃষ্টিকাৰীসকলৰ বিৰুদ্ধে চলোৱা হৈছে । আনহাতে, দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰে 'সকলো চয়তান' উৎখাত নোহোৱালৈকে এই অভিযান অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰিছে ।

মুখ্য উপদেষ্টা মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে শনিবাৰে ঢাকাৰ উপকণ্ঠত এজন আৱামী লীগ নেতাৰ ঘৰত ধ্বংসলীলা চলোৱাৰ সময়ত ছাত্ৰ কৰ্মীসকল আহত হোৱাৰ পিছত এই 'অপাৰেচন ডেভিল হাণ্ট'ৰ নিৰ্দেশ দিয়ে ।

ডেইলী ষ্টাৰকে ধৰি মুখ্য সংবাদ মাধ্যমসমূহে দেওবাৰে প্ৰকাশ কৰিছে যে সেনাবাহিনী, আৰক্ষী আৰু তেওঁলোকৰ বিশেষ গোটসমূহক লৈ গঠিত যুটীয়া বাহিনীয়ে এই অভিযান আৰম্ভ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত মুখ্যত মহানগৰ আৰু চহৰসমূহত ২৭৪ জন আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আন লোকসকলক গ্ৰেপ্তাৰ কৰে ।

"এই অভিযানে দেশখনক অস্থিৰ কৰি তুলিবলৈ চেষ্টা কৰাসকলক লক্ষ্য কৰি লৈছে ... এই অভিযান তেতিয়ালৈকে অব্যাহত থাকিব, যেতিয়ালৈকে সকলো চয়তানক বশ কৰা নহ'ব ।" গৃহ পৰিক্ৰমা উপদেষ্টা লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) জাহাংগীৰ আলম চৌধুৰীয়ে কয় ।

মূলসুঁতিৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামী লীগৰ ৮১ জন কৰ্মীক সংঘৰ্ষৰ সূত্ৰপাত হোৱা ঢাকাৰ উপকণ্ঠৰ গাজীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । এই সংঘৰ্ষৰ পিছতে কৰ্তৃপক্ষই অপাৰেচন ডেভিল হাণ্টৰ নিৰ্দেশ দিবলৈ বাধ্য হয় ।

আনহাতে, শুকুৰবাৰে নিশা গাজীপুৰ চহৰৰ দক্ষিণখান অঞ্চলত আক্ৰমণৰ সন্মুখীন হোৱাৰ ফলত অতি কমেও ১৪ জন ব্যক্তি আহত হয় । তেওঁলোক গণ উন্মাদনাৰ সৈতে জড়িত আছিল আৰু ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামী লীগ দলৰ সকলো চিহ্ন ধ্বংস কৰিবলৈ ওলাই আহিছিল । প্ৰাক্তন মুক্তিযুদ্ধ পৰিক্ৰমা মন্ত্ৰী মোজামেল হকৰ বাসগৃহত আক্ৰমণৰ সময়ত এই হিংসাত্মক ঘটনা সংঘটিত হৈছিল ।

হক হৈছে ছাত্ৰ মঞ্চৰ নেতৃত্বত সংঘটিত গণ বিদ্ৰোহত হাছিনাৰ চৰকাৰক উৎখাত কৰাৰ পিছত দেশ-বিদেশত পলাই থকা আৰু গ্ৰেপ্তাৰ কৰাবৰণ কৰা আৱামী লীগৰ বহু জ্যেষ্ঠ মন্ত্ৰী আৰু নেতাৰ মাজৰ এজন ।

উল্লেখ্য যে হাছিনা আৰু তেওঁৰ চৰকাৰৰ বেছিভাগ জ্যেষ্ঠ সহকৰ্মীৰ ওপৰতে জুলাইৰ গণ বিদ্ৰোহ দমন কৰিবলৈ চলোৱা নিৰ্মম অভিযানৰ দ্বাৰা মানৱতাৰ বিৰুদ্ধে অপৰাধকে ধৰি অসংখ্য অভিযোগৰ অধীনত অভিযুক্ত কৰা হৈছে ।

লগতে পঢ়ক :হাছিনাৰ ভাষণে জ্বলালে জুই: 'বংগবন্ধু' মুজিবুৰ ৰহমানৰ ঘৰ জ্বলাই দিলে বিক্ষোভকাৰীয়ে - SHEIKH MUJIBUR RAHMAN
লগতে পঢ়ক :নিহত অসামৰিক কৰ্মচাৰীৰ পৰিয়ালৰ লোকে নাপায় চাকৰি; পাকিস্তান চৰকাৰৰ নতুন নিয়ম - PAKISTAN JOB RULE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.