ETV Bharat / state

২৩টা বছৰ পূৰ্বে বি টি চি চুক্তিৰ জৰিয়তে বড়োভূমিলৈ ঘুৰি আহিছিল শান্তি - 23RD BTC ACCORD DAY

কোকৰাঝাৰত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু ২২৬৪ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি ৷ এন ডি এফ বিৰ গোচৰ নিষ্পত্তিত গুৰুত্ব হাগ্ৰামা মহিলাৰীৰ ।

23RD BTC ACCORD DAY
কোকৰাঝাৰত বি পি এফৰ বি টি চি চুক্তি দিৱস পালন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 10, 2025, 3:58 PM IST

Updated : Feb 10, 2025, 5:22 PM IST

কোকৰাঝাৰ: ৰাজ্যৰ অন্যতম ভূমিপুত্ৰ বড়োসকলে বড়োভূমিত নিজে নিজক শাসন কৰাৰ পৰিষদীয় ক্ষমতা লাভৰ সোমবাৰে ২৩ বছৰ পূৰ্ণ হ’ল ৷ ২০০৩ চনৰ এই দিনটোতে অৰ্থাৎ ১০ ফেব্ৰুৱাৰীত অধিক বিত্তীয় ক্ষমতা আৰু আন কেতবোৰ ক্ষমতা প্ৰদানেৰে সম্পন্ন হৈছিল ঐতিহাসিক বি টি চি চুক্তি । ভাৰত চৰকাৰৰ তদানীন্তন উপ প্ৰধানমন্ত্ৰী এল কে আদৱানি, অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ হৈছিল কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বি এল টিৰ মাজত ৷

বি এল টিৰ হৈ এই শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল সংগঠনটোৰ অধ্যক্ষ হাগ্ৰামা মহিলাৰীয়ে ৷ তাৰ পিছৰখিনি ইতিহাস । অশান্ত জৰ্জৰ বড়োভূমিৰ বুকুত প্ৰতিষ্ঠা হ’ল শান্তি । সন্ত্ৰাসৰ বিপৰীতে অন্বেষণ হ’ল গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ।

কোকৰাঝাৰত বি পি এফৰ বি টি চি চুক্তি দিৱস পালন (ETV Bharat Assam)

বি টি চি চুক্তি দিৱস পালন:

বিটিচি চুক্তিৰ ২৩ বছৰ পূৰ্ণ হোৱা উপলক্ষে সোমবাৰে কোকৰাঝাৰত বি পি এফৰ উদ্যোগত উদযাপন কৰা হয় ২৩ সংখ্যক বি টি চি চুক্তি দিৱস ৷ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে প্ৰতিবছৰে ১০ ফেব্ৰুৱাৰী দিনটো বড়োলেণ্ড চুক্তি দিৱস বা বি টি চি চুক্তি দিৱস হিচাপে উদযাপন কৰি আহিছে । বি টি চি চুক্তি দিৱসৰ কাৰ্যসূচী অনুসৰি সোমবাৰে পুৱা বি টি চি সচিবালয় প্ৰাংগনত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলী তৰ্পণ কৰে বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ।

23RD BTC ACCORD DAY
কোকৰাঝাৰত বি পি এফৰ বি টি চি চুক্তি দিৱস পালন (ETV Bharat Assam)

মহিলাৰীয়ে কয়, “বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নীতি আৰু আদৰ্শৰ বাবেই আমি বি টি চি পাবলৈ সক্ষম হৈছিলো । আজি তেখেতক জাতিৰ হৈ শ্ৰদ্ধাৰে সোঁৱৰিছো । আমাৰ ২২৬৪ গৰাকী শ্বহীদ আছে ৷ তেওঁলোকলৈ শ্ৰদ্ধা জনাইছো ৷ কেৱল বড়োসকলেই নহয়, সকলো জাতি-জনগোষ্ঠীৰ অৱদান আছে বড়োভূমিলৈ । আজিৰ দিনটো আমাৰ বাবে সদায়েই ঐতিহাসিক হৈ ৰ’ব ।”

বি টি চি সচিবালয় প্ৰাংগনত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে হাগ্ৰামা মহিলাৰী সদলবলে দেবৰগাঁওস্থিত বড়োলেণ্ড শ্বহীদ সমাধিক্ষেত্ৰত উপস্থিত হয় আৰু ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ।

এন ডি এফ বিৰ গোচৰ নিষ্পত্তিত গুৰুত্ব হাগ্ৰামাৰ:

“বি টি আৰ শান্তি চুক্তিত যিহেতু এন ডি এফ বি জড়িত হৈ আছে, সেয়ে এন ডি এফ বি নেতা বা কেডাৰসকল জে’লৰ পৰা ওলাব লাগিছিল । তেওঁলোকৰ গোচৰসমূহ শেষ হ’ব লাগিছিল ।” বি টি চি দিৱসত ভাগ লৈ এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ । বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কাৰাৰুদ্ধ এন ডি এফ বি নেতা-কেডাৰৰ মুক্তিৰ লগতে গোচৰ প্ৰত্যাহাৰৰ পোষকতা হাগ্ৰামা বসুমতাৰীৰ ৷

দেবৰগাঁওস্থিত বড়োলেণ্ড শ্বহীদ সমাধিক্ষেত্ৰতে থকা শ্বহীদ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হাগ্ৰামা মহিলাৰীয়ে। অনুষ্ঠানত ভাগ লৈ হাগ্ৰামা মহিলাৰীৰ মন্তব্য - ঐতিহাসিক বি টি চি চুক্তি দিৱস বি পি এফ দলে প্ৰতিবছৰে পালন কৰি যাব ৷

উল্লেখ্য যে ২৩ সংখ্যক বড়োলেণ্ড চুক্তি দিৱস উপলক্ষে আজি পুৱা ফকিৰাগ্ৰাম, দোতমা, বনৰগাঁও, নাৰাবাৰী, ছালাকাটি, তিনালী বি পি এফৰ ব্লক কাৰ্যালয়ৰ পৰা দেৱৰগাঁৱলৈ মটৰচাইকেল ৰেলী বাহিৰ কৰা হয় ।

লগতে পঢ়ক: অক্টোবৰত অনুষ্ঠিত হ'ব বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : ডাঃ ৰণোজ পেগু

দহ লক্ষাধিক বড়ো জনগোষ্ঠীৰ সমস্য়া সমাধানৰ দাবী

Last Updated : Feb 10, 2025, 5:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.