গুৱাহাটী: ভোগালীৰ পূৰ্বে গাহৰিপ্ৰেমীসকললৈ আশাৰ খবৰ দিলে মুখ্যমন্ত্ৰীয়ে । আকৌ হেঁপাহ পলুৱাই ল'ব পাৰিব গাহৰি মাংসৰ সোৱাদ । গুৱাহাটী পৌৰ নিগমৰ পূৰ্বে জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোনো কাৰণতে গাহৰি মাংস বিক্ৰী বা কটা বন্ধ নহয় বুলি সামাজিক মাধ্যমত উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।
গুৱাহাটী মহানগৰীত গাহৰিৰ মাংস বিক্ৰী বন্ধ কৰাৰ সন্দৰ্ভত ব্যাপক চৰ্চা লাভ কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত গাহৰিৰ মাংস বিক্ৰী আৰু মাংস কটা সম্পৰ্কত স্পষ্টীকৰণ দিয়ে । মুখ্যমন্ত্ৰীৰ ছ’চিয়েল মিডিয়া পেজৰ জৰিয়তে তেওঁ এই স্পষ্টীকৰণ দিয়ে ।
Pork is a cherished delicacy for our tribal population as well as many other communities in our region, and reflects a rich cultural and culinary significance. In Guwahati, there is no restriction on the sale and slaughter of pork, except for the need to maintain proper hygiene…
— Chief Minister Assam (@CMOfficeAssam) January 9, 2025
ছ'চিয়েল মিডিয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "আমাৰ জনজাতীয় সম্প্ৰদায়সমূহৰ প্ৰিয়, পৰম্পৰাগত আৰু সুস্বাদু খাদ্য হৈছে গাহৰি মাংস । ৰাজ্যখনৰ থলুৱা ব্যঞ্জন আৰু সংস্কৃতিৰ সৈতে ইয়াৰ ওতঃপ্ৰোত সম্পৰ্ক আছে । গাহৰিৰ মাংস বিক্ৰী আৰু মাংস কটা সম্পৰ্কীয় কোনো বাধা-নিষেধ গুৱাহাটীত আৰোপ কৰা হোৱা নাই । এনে স্থানত সঠিক পৰিচ্ছন্নতা আৰু অনাময় মান অটুট ৰখাটোহে প্ৰয়োজনীয়, যাতে জনস্বাস্থ্য আৰু সুৰক্ষা নিশ্চিত হয় ।"
তেওঁ লগতে কয়, "অসম চৰকাৰে সকলো সম্প্ৰদায়ৰ অধিকাৰ আৰু পৰম্পৰাক সন্মান জনাবলৈ প্ৰতিশ্ৰুতিবদ্ধ । সেয়েহে গুৱাহাটী পৌৰ নিগমে জাৰি কৰা কোনো বিজ্ঞপ্তিত গাহৰিৰ মাংস বিক্ৰী বা বধ সম্পৰ্কে যদি প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে, তেন্তে তাক তৎকালীনভাৱে প্ৰত্যাহাৰ কৰা হ'ব ।"
উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমে গুৱাহাটীত গাহৰি মাংস বিক্ৰী আৰু কটাত বাধা আৰোপ কৰা বুলি চৰ্চা হৈছিল । ইয়াকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । তাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত গাহৰিৰ মাংস বিক্ৰী আৰু মাংস কটা সম্পৰ্কত স্পষ্টীকৰণ দিয়ে ।