ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু - PREPARATION FOR BHOGALI BIHU
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-01-2025/640-480-23296061-thumbnail-16x9-bihu-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 10, 2025, 3:50 PM IST
গুৱাহাটী: সমাগত হেঁপাহৰ ভোগালী বিহু । অসমীয়াৰ বাপতি সাহোন ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী । বিগত বৰ্ষৰ দৰে এইবেলিও মহানগৰীৰ পাথৰকোঁৱাৰী ভোগালী বিহু উদযাপন সমিতিয়ে ৭ জানুৱাৰীৰ পৰা ১৪ জানুৱাৰীলৈ ৮ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছে ভোগালী উৎসৱ । আনহাতে ভোগালী বিহুৰ লগত সংগতি ৰাখি ইতিমধ্যে আৰম্ভ হৈছে ভোগালী মেলা । বিহুৰ বাকৰিত প্ৰতিদিনে সন্ধিয়া আমন্ত্ৰিত শিল্পীৰ গীত-মাতৰ অনুষ্ঠানৰে জীপাল হৈ পৰে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ ।
বিহু উপলক্ষে উদযাপন সমিতিয়ে বিহু বাকৰিত গাঁৱৰ আৰ্হিত নিৰ্মাণ কৰিছে এখন অস্থায়ী অসমীয়া গাঁও, গাঁওখনতে আছে এটা গোহালি ঘৰ, ভঁৰাল ঘৰ, ঢেঁকী শাল, নামঘৰ, এটা কুঁৱা, মাছ, বগলী, ঘৰিয়াল মেটেকাৰে ভৰি থকা পুখুৰী, বাঁহৰ দলং আদি । লগতে সু-উচ্চ মেজী, আকৰ্ষণীয় ভেলাঘৰ । আনহাতে থলুৱা তথা জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ জুতি ল'বলৈ আছে বিভিন্ন থলুৱা বিপনী । ১৪ জানুৱাৰীৰ দিনা পুৱাৰ ভাগত মেজি প্ৰজ্বলন, সৰুৱে জ্যেষ্ঠজনৰ চৰণ চুই আশীৰ্বাদ লোৱা, পৰম্পৰাগত বিভিন্ন খেল-ধেমালি আদি অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ কৰ্মকৰ্তাই ।