নিউজ ডেস্ক, ২৪ জুলাই : বহু প্ৰতীক্ষিত বিশ্ব ক্ৰীড়া মহাৰণৰ বাবে আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা । আনহাতে, অলিম্পিক দৰ্শনাৰ্থীসকলৰ বৃহৎ মাত্ৰাত আগমনৰ বাবে নিজকে প্ৰস্তুত বুলি ঘোষণা কৰিছে ফ্ৰান্সে । ইফালে পেৰিছৰ ড্ৰাগছ ব্যৱসায়ীসকলেও নিজকে সম্পূৰ্ণ সাজু বুলি ঘোষণা কৰিছে । ড্ৰাগছৰ ডীলাৰসকলে সামগ্ৰীৰ সুস্থিৰ যোগানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । কিন্তু তাৰ মাজতে এইটোও সতৰ্ক কৰি দিছে যে অলিম্পিকৰ সময়ত ব্যাপক চাহিদাৰ বাবে ড্ৰাগছৰ মূল্যবৃদ্ধি হ'ব পাৰে । লগতে ব্যাপক নিৰাপত্তা বেষ্টনীৰ বাবে ড্ৰাগছ বিতৰণৰ বাবে প্ৰয়োজনীয় সময় প্ৰভাৱিত হ'ব পাৰে । কিয়নো সেই সময়ত হাজাৰ হাজাৰ নিৰাপত্তা বাহিনীয়ে সমগ্ৰ চহৰখন আৱৰি ৰাখিব ।
ইফালে পেৰিছবাসীয়ে তেওঁলোকৰ এপাৰ্টমেণ্ট ভাড়াত দিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । আনহাতে, পৰিবহণ ব্যৱস্থাত টিকটৰ মূল্য বৃদ্ধি কৰি হ'লেও সকলোৱে অলিম্পিক গেমছৰ সময়ত ধন উপাৰ্জন কৰিব বিচাৰিছে । ইয়াত আণ্ডাৰৱৰ্ল্ডো অন্তৰ্ভুক্ত আছে । পেৰিছৰ এগৰাকী ব্যৱসায়ীয়ে এ এফ পিক কয়, "আমি এইক্ষেত্ৰত সদায় সাজু ।" চলিত সপ্তাহত ফ্ৰান্সৰ নেতা ইমানুৱেল মেক্ৰ'নৰ দাবী পুনৰ উত্থাপন কৰি তেওঁ কয় যে ৰাষ্ট্ৰখন অলিম্পিকৰ বাবে সম্পূৰ্ণ সাজু ।