অসম

assam

ETV Bharat / sports

হকীৰ পিছত এইবাৰ খো খো; ওড়িশাই 3 বছৰৰ বাবে পৃষ্ঠপোষকতা কৰিব ৰাষ্ট্ৰীয় খো খো দলক - ODISHA TO SPONSOR NATIONAL KHO KHO

২০২৫ চনৰ জানুৱাৰীৰ পৰা ২০২৭ চনৰ ডিচেম্বৰলৈ ওড়িশাই ৰাষ্ট্ৰীয় খো খোক প্ৰষ্ঠপোষকতা কৰিব ।

Odisha to sponsor national Kho Kho
ওড়িশাই 3 বছৰৰ বাবে পৃষ্ঠপোষকতা কৰিব ৰাষ্ট্ৰীয় খো খো দলক (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 2:07 PM IST

ভুৱনেশ্বৰ : দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে ওড়িশা চৰকাৰৰ আন এক পদক্ষেপ । ওড়িশা চৰকাৰে আগন্তুক ৩ বছৰৰ বাবে ৰাষ্ট্ৰীয় খো খো দলৰ পৃষ্ঠপোষকতা কৰিব । এই পৃষ্ঠপোষকতাৰ সময়সীমা ২০২৫ চনৰ জানুৱাৰীৰ পৰা ২০২৭ চনৰ ডিচেম্বৰলৈ হ'ব ।

ওড়িশা চৰকাৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ বিবৃতি অনুসৰি, ৰাজ্য চৰকাৰে তিনি বছৰৰ বাবে বছৰি ৫ কোটি টকা ব্যয় কৰিব । এই ধন ওড়িশা খনিজ নিগমৰ দ্বাৰা প্ৰদান কৰা হ'ব । ইয়াৰ দ্বাৰা ভাৰতীয় খো খো খেলুৱৈসকলক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে । ইয়াৰ উপৰি ওড়িশাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলত ব্ৰেণ্ডিঙৰ জৰিয়তে বিশ্বৰ মানসপটত ৰাজ্যখনৰ প্ৰতিচ্ছবি উজ্জ্বল কৰিবলৈ প্ৰচেষ্টা চলাব ।

উল্লেখ্য যে, খো খো হৈছে ওড়িশাৰ যুৱচামৰ মাজত এক জনপ্ৰিয় খেল । এই সিদ্ধান্তৰ জৰিয়তে ৰাজ্য চৰকাৰে ক্ৰীড়াৰ ক্ষেত্ৰখনক অধিক প্ৰচাৰ কৰা আৰু অধিকসংখ্যক যুৱ খেলুৱৈক ক্ৰীড়ালৈ আকৰ্ষিত কৰাৰ লক্ষ্য ৰাখিছে । আনহাতে, এই প্ৰচেষ্টাৰ ফলত ৰাজ্যখনত এটা শক্তিশালী প্ৰতিভা দল সৃষ্টি কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে ।

ইয়াৰ উপৰিও খো খোৰ সৈতে ৰাজ্যখনৰ যি অংশীদাৰিত্ব, সেয়া দেশৰ ক্ৰীড়াৰ পুনৰুজ্জীৱিতকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । ই ৰাজ্যখনৰ ক্ৰীড়া ব্যৱসায় আৰু পৰ্যটন খণ্ডতো অৰিহণা যোগাব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে, ২০৩৬ চনলৈকে ভাৰতীয় হকী দলৰো পৃষ্ঠপোষক হৈছে ওড়িশা । অৱশ্যে 2018 চনৰ পৰা 2033 চনলৈ ওড়িশা ভাৰতীয় হকীৰ পৃষ্ঠপোষক আছিল যদিও মোহন সৰকাৰে ইয়াক আৰু 3 বছৰৰ বাবে সম্প্ৰসাৰিত কৰাৰ উদ্যোগ লৈছিল । কিয়নো ওড়িশা চৰকাৰে ২০৩৬ চনত ওড়িশাৰ স্বাধীন ৰাজ্য গঠনৰ শতবাৰ্ষিকী উদযাপন কৰিবলৈ আগবাঢ়িছে ।

লগতে পঢ়ক :টেষ্টৰ পৰা অৱসৰ ? নীৰৱতা ভংগ কৰিলে ৰোহিত শৰ্মাই - ROHIT SHARMA ON TEST RETIREMENT
লগতে পঢ়ক :ছিডনীত ইতিহাস সৃষ্টি ঋষভ পণ্টৰ - RISHABH PANT CREATES HISTORY

ABOUT THE AUTHOR

...view details