অসম

assam

ETV Bharat / sports

ক্ৰীড়াত পুৰস্কাৰ হিচাপে প্ৰদান কৰা বিশ্বৰ সৰ্বাধিক ব্যয়বহুল ট্ৰফীসমূহ... - MOST EXPENSIVE SPORTS TROPHIES

ক্ৰীড়াক্ষেত্ৰত এনে কিছুমান বঁটা প্ৰদান কৰা হয়, যাৰ ট্ৰফীটোৰে মূল্য বহু লক্ষাধিক টকা ৷ তেনে একাংশ মূল্যবান ট্ৰফীৰ বিষয়ৰে প্ৰস্তুত কৰা হৈছে এই বিশেষ প্ৰতিবেদন-

MOST EXPENSIVE SPORTS TROPHIES
বিশ্বৰ সৰ্বাধিক ব্যয়বহুল ট্ৰফীসমূহ... (Getty Images)

By ETV Bharat Sports Team

Published : Nov 29, 2024, 6:17 PM IST

স্প’ৰ্টছ ডেস্ক:খেলৰ জগতখনৰ আকৰ্ষণ সঁচাকৈয়ে সুকীয়া ৷ আন্তঃৰাষ্ট্ৰীয় কোনো খেলত যেনেকৈ ধনৰ বৰষুণ কৰা হয়, তেনেকৈয়ে পুৰস্কাৰসমূহ প্ৰদান কৰাৰ ক্ষেত্ৰতো একে হোৱা দেখা যায় ৷

ক্ৰীড়াক্ষেত্ৰত এনে কিছুমান বঁটা প্ৰদান কৰা হয়, যাৰ ট্ৰফীটোৰে মূল্য বহু লক্ষাধিক টকা ৷ বিশ্বৰ কেইখনমান প্ৰতিযোগিতাত প্ৰদান কৰা এনে কেইটামান মূল্যবান তথা দামী ট্ৰফী হৈছে-

ফিফা বিশ্বকাপ ট্ৰফী: ফিফা বিশ্বকাপ ট্ৰফী হৈছে ফুটবল জগতৰ সৰ্বাধিক সন্মানীয় বঁটা । এই ট্ৰফীটো প্ৰায় 36.8 ছেণ্টিমিটাৰ ওখ হোৱাৰ লগতে ইয়াৰ ওজন প্ৰায় 6.1 কিল’গ্ৰাম ৷ আপুনি জানিলে আচৰিত হ’ব যে, এই ট্ৰফীটো 18 কেৰেট সোণেৰে নিৰ্মিত । ট্ৰফীটোৰ বেছটোত মালাকাইটৰ দুটা স্তৰ থকাৰ লগতে এটা মূল্যৱান শিলো ব্যৱহাৰ কৰা হৈছে । 1974 চনত ইটালীৰ শিল্পী চিলভিঅ’ গাজ্জানিগাৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল এই ট্ৰফীটো, যাৰ বৰ্তমানৰ আনুমানিক মূল্য প্ৰায় 20 নিযুত ডলাৰ ৷ কেৱল সোণ ব্যৱহাৰৰ বাবে নহয়, বৰং ঐতিহাসিক মূল্য থকাৰ বাবেই ট্ৰফীটোৰ দাম সৰ্বাধিক হোৱা দেখা যায় ৷

ফিফা বিশ্বকাপ ট্ৰফী (Getty Images)

কোপা লিবেৰ্টাডোৰেছ ট্ৰফী: এই ট্ৰফীটোৰ উচ্চতা 60 ছেণ্টিমিটাৰ হোৱাৰ লগতে ওজনৰ পৰিমাণ হৈছে 2.7 কিল’গ্ৰাম ৷ ফুটবল প্ৰতিযোগিতাত প্ৰদান কৰা এই ট্ৰফীটো ৰূপ, ব্ৰঞ্জ আৰু প্লাইউডৰে নিৰ্মিত । এই ট্ৰফীটো 1960 চনত দক্ষিণ আমেৰিকাত প্ৰিমিয়াৰ ক্লাবৰ দ্বাৰা অনুষ্ঠিত কোপা লিবেৰ্টাডোৰেছ প্ৰতিযোগিতাত প্ৰৱৰ্তন কৰা হৈছিল ৷ এই প্ৰতিযোগিতাত 18 টা ক্লাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল । ষ্টাৰ্লিঙৰে নিৰ্মিত ৰূপালী আৱৰণযুক্ত ব্ৰঞ্জৰ পয়োভৰ থকা ট্ৰফীটোৰ মূল্য হৈছে 8.5 নিযুত ডলাৰ ।

কোপা লিবেৰ্টাডোৰেছ ট্ৰফী (Getty Images)

উডলন ভেছ:ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ বিজয়ী প্ৰাৰ্থীক 4 নিযুত ডলাৰ মূল্যযুক্ত এই ট্ৰফী বঁটা হিচাপে প্ৰদান কৰা হয় ৷ যাৰ উচ্চতা হৈছে 91 ছেণ্টিমিটাৰ আৰু ওজন 13 কিল’গ্ৰাম ৷ কঠিন ষ্টাৰ্লিং চিলভাৰৰে নিৰ্মিত ট্ৰফীটোৰ আছে এক ৰঙীন ইতিহাস ৷ বছৰে বছৰে অনুষ্ঠিত আমেৰিকাৰ প্ৰেক্সন ষ্টেক্স শীৰ্ষক ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ বিজয়ীক এই ট্ৰফী প্ৰদান কৰা হয় ৷ 1860 চনত নিউয়ৰ্কৰ টিফানি এণ্ড কোম্পানীয়ে প্ৰস্তুত কৰা উডলন ভেছ ট্ৰফীটো প্ৰথমবাৰৰ বাবে 1861 চনত পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয় ৷

ইউ ই এফ এ ইউৰোপা লীগ ট্ৰফী: এইটো ট্ৰফী 65 ছেণ্টিমিটাৰ ওখ, 33 ছেণ্টিমিটাৰ বহল আৰু 23 ছেণ্টিমিটাৰ গভীৰ । ইউৰোপৰ দ্বিতীয় স্তৰৰ ক্লাব প্ৰতিযোগিতাত বিজয়ী প্ৰাৰ্থীক প্ৰদান কৰা হয় ইউ ই এফ এ ইউৰোপা লীগ ট্ৰফী ৷ ৰূপালী আৰু হালধীয়া আধাৰৰে নিৰ্মিত ট্ৰফীটোৰ মূল্য হৈছে 4.5 নিযুত ডলাৰ ।

ইউ ই এফ এ ইউৰোপা লীগ ট্ৰফী (Getty Images)

বি এন পি পৰিবাছ ফৰ্টিছ ডায়মণ্ড ট্ৰফী: টেনিছ খেলৰ প্ৰতিযোগিতাত প্ৰদান কৰা এই ট্ৰফীৰ মূল্য হৈছে 1.3 নিযুত ডলাৰ । তদুপৰি ইয়াৰ ওজন হৈছে 4.5 কিল’গ্ৰাম ৷ বি এন পি পৰিবাছ ফৰ্টিছ ডায়মণ্ড গেমছ ট্ৰফী হৈছে বিশ্বৰ চতুৰ্থ সৰ্বাধিক মূল্যৱান ক্ৰীড়া ট্ৰফী । এই সন্মানীয় ট্ৰফীটো ডায়মণ্ড গেমছ টেনিছ টুৰ্ণামেণ্টৰ চেম্পিয়নসকলক প্ৰদান কৰা হয় । অধিকাংশ সোণ আৰু 1,700 ৰো অধিক উজ্জ্বল হীৰাৰে সজ্জিত ট্ৰফীটোৰ কেন্দ্ৰত ৰখা আছে এটা টেনিছ বল, যাৰ চাৰিওফালে টেনিছ ৰেকেট আকৃতিৰ মোটিফ আছে ।

বেলন ডি’অৰ ট্ৰফী: ফুটবলৰ ক্ষেত্ৰত প্ৰদান কৰা এই ট্ৰফীটোৰ উচ্চতা হৈছে 31 ছেণ্টিমিটাৰ আৰু ওজন 7 কিল’গ্ৰাম ৷ সোণৰে নিৰ্মিত দ্য বেলন ডি'অৰ ট্ৰফী হৈছে 1956 চনৰ পৰা ফৰাচী সংবাদ আলোচনী ফ্ৰান্স ফুটবলে প্ৰদান কৰি অহা বাৰ্ষিক বঁটা ৷ ট্ৰফীটোৰ পৃষ্ঠভাগ পাঁচ কিল’গ্ৰাম 18 কেৰেটযুক্ত সোণেৰে আৱৰি আছে । 2007 চনৰ পৰা এই বঁটা সমগ্ৰ বিশ্বৰ পেছাদাৰী ফুটবল জগতৰ সৈতে জড়িত খেলুৱৈসকলক প্ৰদান কৰা হৈ আহিছে ৷

বেলন ডি’অৰ ট্ৰফী (Getty Images)

এফ এ কাপ ট্ৰফী - পৃথিৱীৰ আটাইতকৈ পুৰণি এছ'চিয়েচন ফুটবলৰ বিজয়ীক প্ৰদান কৰা হয় এই ট্ৰফী ৷ ট্ৰফীটোৰ মূল্য হৈছে 1.18 নিযুত ডলাৰ ৷ তদুপৰি ইয়াৰ উচ্চতা 61.5 ছেণ্টিমিটাৰ হোৱাৰ বিপৰীতে ওজন হৈছে 6.3 কিল’গ্ৰাম ৷ 1872 চনত পোনপ্ৰথমবাৰৰ বাবে ফুটবলৰ ক্ষেত্ৰত বঁটা হিচাপে প্ৰদান কৰা হৈছিল এই ট্ৰফী ৷ 2014 চনত ট্ৰফীটোৰ নিৰ্মাণত কিছু সালসলনি ঘটাই ৰূপৰ ব্যৱহাৰ কৰা হৈছে ৷

ষ্টেনলী কাপ: আইচ হকী খেলুৱৈসকলক প্ৰদান কৰা এই ট্ৰফীৰ উচ্চতা হৈছে 89.54 ছেণ্টিমিটাৰ আৰু ওজন 15.5 কিল’গ্ৰাম ৷ ৰূপ আৰু নিকেলৰে নিৰ্মিত ষ্টেনলী কাপ হৈছে পেছাদাৰী ক্ৰীড়াত প্ৰদান কৰা আটাইতকৈ পুৰণি ট্ৰফী ৷ 1892 চনৰ পৰা আইচ হকীৰ সৈতে জড়িত খেলুৱৈসকলৰ মাজত এই ট্ৰফী প্ৰদান কৰা হৈ আহিছে । ট্ৰফীটোত থকা ৰূপৰ আঙুঠি এটাত ক্লাবৰ নাম আৰু বছৰ খোদিত কৰাৰ সুবিধাও আছে । ষ্টেনলী কাপ উত্তৰ আমেৰিকাৰ চাৰিটা মুখ্য পেছাদাৰী ক্ৰীড়া লীগৰ আটাইতকৈ মূল্যৱান ট্ৰফী, যাৰ মূল্য 6,50,000 ডলাৰ ৷

দ্য আফ্ৰিকা কাপ অৱ নেশ্যনছ (এফকন) ট্ৰফী: 60 ছেণ্টিমিটাৰ উচ্চ আৰু 8 কিল’গ্ৰাম ওজনৰ এই ট্ৰফীটোৰ সোণ খটোৱা হৈছে ৷ আফ্ৰিকাৰ মুখ্য আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ বিজয়ীক এই ট্ৰফী প্ৰদান কৰা হয় ৷ প্ৰতিযোগিতাখন প্ৰতি দুবছৰৰ মূৰে মূৰে কনফেডাৰেচন অৱ আফ্ৰিকান ফুটবল (চি এ এফ)ৰ দ্বাৰা আয়োজন কৰা হয় ৷

দ্য আফ্ৰিকা কাপ অৱ নেশ্যনছ ট্ৰফী (Getty Images)

বৰ্গ-ৱাৰ্ণাৰ ট্ৰফী: সম্ভৱতঃ ক্ৰীড়াজগতৰ সৰ্বাধিক বৃহৎ ট্ৰফী হৈছে বৰ্গ-ৱাৰ্ণাৰ ট্ৰফী ৷ যাৰ উচ্চতা 1.625 ছেণ্টিমিটাৰ আৰু ওজন 45 কিল’গ্ৰাম ৷ ট্ৰফীটোৰ ওপৰত এজন মানুহে উলংগ অৱস্থাত (প্ৰাচীন গ্ৰীক খেলুৱৈসকলৰ পৰম্পৰাৰ পিছত) চেক গণৰাজ্যৰ এখন পতাকা উৰুৱাই থকা দেখা গৈছে ৷ 1936 চনত ট্ৰফীটো ইণ্ডিয়ানা পলিছ 500 ৰ বিজয়ীক প্ৰথমবাৰৰ বাবে পুৰস্কাৰ হিচাপে প্ৰদান কৰা হৈছিল ৷ সেই সময়ত ইয়াৰ মূল্য আছিল 10,000 ডলাৰ, কিন্তু বৰ্তমান সময়ত ট্ৰফীটোৰ মূল্য হৈছে 1.3 নিযুত ডলাৰ ৷

লগতে পঢ়ক:বিশ্বৰ সৰ্বাধিক দামী ষ্টেডিয়াম কোনখন ? যাৰ মূল্য নৰেন্দ্ৰ মোদী ষ্টেডিয়ামতকৈ দহ গুণ বেছি

ABOUT THE AUTHOR

...view details