অসম

assam

ETV Bharat / sports

ইডেনত কলকাতাৰ হাতত 8 উইকেটত পৰাস্ত লক্ষ্ণৌ - IPL 2024 - IPL 2024

ইডেন গাৰ্ডেনত কলকাতাই লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 8 উইকেটত পৰাস্ত কৰে ৷ ফিলিপ ছল্টেৰ 89 ৰাণৰ অপৰাজিত ইনিংছ ৷

KKR VS LSG
কলকাতাৰ বিৰুদ্ধে পৰাস্ত লক্ষ্ণৌ

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 7:54 PM IST

স্পৰ্টছ ডেস্ক, 14 এপ্ৰিল : দেওবাৰে কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত বিয়লি কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হয় লক্ষ্ণৌ ছুপাৰ জায়েন্টছ ৷ এই মেচত ঘৰুৱা দল কলকাতাই লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 8 উইকেটত পৰাস্ত কৰে ৷

162 ৰাণৰ লক্ষ্য আগত লৈ কলকাতা দলটোৱে উইকেট কীপাৰ ফিলিপ ছল্টৰ বিস্ফোৰক বেটিঙৰ সহায়ত মাত্ৰ 15.4 অভাৰতে 2 টা উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ৷ ফিলিপ ছল্টে মাত্ৰ 47 টা বলতে 89 ৰাণৰ এক অপৰাজিত ইনিংছ খেলি দলৰ বিজয়ত মুখ্য ভূমিকা পালন কৰে ৷ ছল্টে 89 ৰাণৰ এই ইনিংছত 14 টা চাৰি আৰু 3 টা ছয় কোবাই ৷ আনহাতে দলৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে 38 টা বলত 38 ৰাণৰ এক অপৰাজিত ইনিংছ খেলে ৷ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ মহছীন খানে 2 টা উইকেট দখল কৰে ৷

আজিৰ মেচত টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় কলকাতা নাইট ৰাডাৰ্ছে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি লক্ষ্ণৌ ছুপাৰ জায়েন্টছে নিৰ্ধাৰিত 20 অভাৰত 7 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 161 ৰাণ ৷ দলৰ হৈ নিকোলাছ প’ৰাণে সৰ্বাধিক 45 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে অধিনায়ক কে.এল ৰাহুলে 39 ৰাণৰ এক ইনিংছ খেলে ৷ কলকাতাৰ হৈ মিছেল ষ্টাৰ্কে সৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ ইফালে বৈভৱ আৰোৰা, সুনীল নাৰিন, বৰুণ চক্ৰৱৰ্তী আৰু আন্দ্ৰে ৰাছেলে দখল কৰে এটাকৈ উইকেট ৷

উল্লেখ্য যে, চলিত সংস্কৰণৰ আই পি এলত এতিয়ালৈকে খেলা 5 খন মেচৰ 4 খনত জয়লাভ কৰি 8 পইন্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছ ৷ ইফালে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ এইয়া তৃতীয়টো পৰাজয় ৷ দলটোৱে চলিত সংস্কৰণত এতিয়ালৈকে খেলা 6 খন মেচৰ 3 খনত জয়লাভ কৰি 6 পইন্টেৰে তালিকাৰ পঞ্চম স্থানত আছে ৷ ইয়াৰ পূৰ্বৰ মেচখনতো দিল্লী কেপিটেলছৰ হাতত পৰাজয় স্বীকাৰ কৰিছিল কে.এল ৰাহুল নেতৃত্বাধীন লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৷

আনহাতে আজিৰ মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ দলটোক নতুন ৰঙৰ জাৰ্চীত দেখা গ’ল ৷ মেচখনত লক্ষ্ণৌ দলক সেউজীয়া আৰু মেৰুণ ৰঙৰ জাৰ্চি পিন্ধা দেখা যায় ৷ এই পোছাকৰ ৰং ভাৰতীয় ফুটবল ক্লাব মোহন বাগানৰ পৰা অনুপ্ৰাণিত ৷ অৱশ্যে এই মেচখনতহে লক্ষ্ণৌ দলটোক এই জাৰ্চীত দেখা গ’ল ৷ পৰৱৰ্তী মেচৰ সমূহত পুনৰ তেওঁলোকক সাধাৰণ গাঢ় নীলা ৰঙৰ পোছাকত দেখা যাব ৷ 2022 চনত আই পি এল সম্প্ৰসাৰণৰ পিছত লক্ষ্ণৌ ফ্ৰেঞ্চাইজি ক্ৰয় কৰিছিল আৰ পি সঞ্জীৱ গোৱেংকা গ্ৰুপে ৷ মোহন বাগানৰ মূল মালিকীস্বত্বও তেওঁৰ ৷

লগতে পঢ়ক :টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান নিশ্চিত বিৰাট কোহলীৰ ! - T20 World Cup 2024

ABOUT THE AUTHOR

...view details