ETV Bharat / sports

চেম্পিয়নছ ট্ৰফী ২০২৫; নিউজীলেণ্ড আৰু বাংলাদেশৰ দল ঘোষণা - CHAMPIONS TROPHY 2025

১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে নিউজীলেণ্ড আৰু বাংলাদেশে দল ঘোষণা কৰিছে ।

Champions Trophy 2025
চেম্পিয়নছ ট্ৰফীৰ বাবে নিউজীলেণ্ড আৰু বাংলাদেশৰ দল ঘোষণা (Getty Image)
author img

By ETV Bharat Assamese Team

Published : Jan 13, 2025, 7:14 AM IST

হায়দৰাবাদ : নিউজীলেণ্ডে পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া ত্ৰিদেশীয় ছিৰিজ আৰু চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে স্কোৱাডৰ ঘোষণা কৰিছে । নিউজীলেণ্ড দলৰ নেতৃত্ব মিচেল চেণ্টনাৰৰ হাতত থাকিব । দলে কেন উইলিয়ামছন আৰু টম লেথামৰ দৰে অভিজ্ঞ বেটছমেনৰ লগতে উইল অৰুৰ্কে, বেন চিয়াৰ্ছ, নাথন স্মিথৰ দৰে যুৱ ফাষ্ট বলাৰো দলত অন্তৰ্ভুক্ত কৰিছে ।

মিচেল চেণ্টনাৰক গুৰু দায়িত্ব

বাওঁ হাতৰ স্পিনাৰ চেণ্টনাৰ প্ৰথমবাৰৰ বাবে কোনো বৃহৎ আইচিচি ইভেণ্টত নিউজীলেণ্ড দলৰ অধিনায়কৰ দায়িত্ব পালন কৰিব । চেণ্টনাৰক যোৱা মাহত নিউজীলেণ্ডৰ বগা বলৰ ক্ষেত্ৰত দলৰ স্থায়ী অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল । লেথামে উইকেটকিপিঙৰ দায়িত্ব ল'ব । স্পিনৰ বিভাগত চেণ্টনাৰৰ সৈতে মাইকেল ব্ৰেছৱেল, গ্লেন ফিলিপছ আৰু অলৰাউণ্ডাৰ ৰচিন ৰৱীন্দ্ৰ থাকিব । ফাষ্ট বলিঙৰ নেতৃত্ব মেট হেনৰীৰ সৈতে অভিজ্ঞ লকি ফাৰ্গুছনে কৰিব । বেটিঙত ৰচিন ৰৱীন্দ্ৰ, ডেভন কনৱে, উইল ইয়াং আৰু ডেৰিল মিচেলৰ দৰে বিশ্বাসযোগ্য খেলুৱৈসমূহ অন্তৰ্ভুক্ত আছে ।

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ত্ৰিদেশীয় ছিৰিজ

নিউজীলেণ্ড দল ৩ ফেব্ৰুৱাৰীত পাকিস্তানলৈ যাত্ৰা কৰিব । য'ত তেওঁলোকে চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কাৰাচী আৰু লাহোৰত ত্ৰিদেশীয় ছিৰিজ খেলিব । নিউজীলেণ্ডৰ দলে ৮ ফেব্ৰুৱাৰীত পাকিস্তান আৰু ১০ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ সৈতে খেলিব । ছিৰিজৰ ফাইনেল ১৪ ফেব্ৰুৱাৰীত কাৰাচীত অনুষ্ঠিত হ'ব ।

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে নিউজীলেণ্ডৰ দলে ১৬ ফেব্ৰুৱাৰীত কাৰাচীত আফগানিস্তানৰ বিৰুদ্ধেও অনুশীলন মেচ খেলিব । চেম্পিয়নছ ট্ৰফীৰ উদ্বোধনী মেচ ১৯ ফেব্ৰুৱাৰীত কাৰাচীত পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজতে অনুষ্ঠিত হ'ব ।

চেম্পিয়নছ ট্ৰফীৰ বাবে বাংলাদেশৰ স্কোৱাড

বাংলাদেশেও চেম্পিয়নছ ট্ৰফীৰ বাবে নিজৰ দল ঘোষণা কৰিছে । নাজমুল হুছেইনে দলটোক নেতৃত্ব দিব আনহাতে অলৰাউণ্ডাৰ ছাকিব আল হাছান চেম্পিয়নছ ট্ৰফীৰ দলৰ অংশ নহ'ব । শান্তোৰ উপৰিও মুছফিকুৰ ৰহিম, তোহিদ হৃদয় আৰু মুস্তাফিজুৰ ৰহমানো বাংলাদেশ দললৈ উভতি আহিছে ।

কেইবাজনো খেলুৱৈ দলৰ পৰা বাহিৰ

কিছু সময়ৰ ধৰি বগা বলৰ ক্ৰিকেটত দুৰ্বল ফৰ্মত থকা লিটন দাস, আফিফ হুছেইন, শ্বৰিফুল ইছলাম আৰু হাছান মাহমুদক দলৰ পৰা বাহিৰ হোৱাৰ পথ দেখুওৱা হৈছে । বাংলাদেশ, ভাৰত, পাকিস্তান আৰু নিউজীলেণ্ড চেম্পিয়নছ ট্ৰফীত গ্ৰুপ 'A'ত আছে আৰু বাংলাদেশে ২০ ফেব্ৰুৱাৰীত ভাৰতৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব লাগিব ।

চেম্পিয়নছ ট্ৰফীৰ বাবে বাংলাদেশ দল

নাজমুল হুছেইন শান্তো (অধিনায়ক), মুছফিকুৰ ৰহিম, তৌহিদ হৃদয়, সৌম্য সৰকাৰ, তানজিদ হাছান, মাহমুদুল্লাহ, জাকিৰ আলী, মেহদী হাছান মিৰাজ, ৰিশ্বাদ হুছেইন, তাস্কিন আহমেদ, মুস্তাফিজুৰ ৰহমান, পাৰভেজ হুছেইন, নাচুম আহমেদ, তানজিম হাছান, নাহিদ ৰাণা ।

চেম্পিয়নছ ট্ৰফীৰ বাবে নিউজীলেণ্ডৰ দল

মিচেল চেণ্টনাৰ (অধিনায়ক), টম লেথাম, উইল অৰুৰ্কে, বেন চিয়াৰ্ছ, নাথান স্মিথ, ডেৰিল মিচেল, মাইকেল ব্ৰেছৱেল, মাৰ্ক চেপমেন, ডেভন কনৱে, লকি ফাৰ্গুচন, মেট হেনৰী, গ্লেন ফিলিপছ, ৰাচিন ৰবীন্দ্ৰ, উইল ইয়াং ।

লগতে পঢ়ক :BCCIৰ নতুন সচিব অসম সন্তান দেৱজিৎ লন শ‍‍ইকীয়া - DEVAJIT LON SAIKIA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.