গুৱাহাটী : অসমবাসীৰ বাবে ভাল খবৰ । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বি চি চি আই) স্থায়ী সচিব পদত অধিষ্ঠিত হ'ল অসম সন্তান দেৱজিৎ লন শইকীয়া । বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ এই পদত অধিষ্ঠিত হয় । পূৰ্বে দেৱজিৎ লন শইকীয়া বি চি চি আইৰ অন্তৱৰ্তীকালীন সচিব হিচাপে কৰ্মৰত আছিল ।
আজি (দেওবাৰ) তেওঁক বি চি চি আই স্থায়ী সচিব হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব দিয়া হয় । বি চি চি আইৰ সচিব পদত অধিষ্ঠিত হোৱা দেৱজিৎ লন শইকীয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি ।
![Devajit Lon Saikia officially elected as the BCCI secretary](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-01-2025/as-ghy-02-debjit-lawn-saikia-new-secretary-of-bcci-7209925_12012025140511_1201f_1736670911_302.jpg)
উল্লেখ্য যে, দেৱজিৎ লন শইকীয়া বি চি চি আইৰ সচিব পদত অধিষ্ঠিত হোৱাটো নিশ্চিত আছিল যদিও আনুষ্ঠানিক ঘোষণা বাকী আছিল । কাৰণ বি চি চি আইৰ সচিব পদত মনোনয়ন-পত্ৰ দাখিল কৰা দেৱজিৎ লন শইকীয়া আছিল একমাত্ৰ প্ৰার্থী । আনহাতে কোষাধ্যক্ষ পদতো একমাত্ৰ প্ৰভতেজ ভাটিয়াই মনোনয়ন-পত্ৰ দাখিল কৰিছিল ।
১২ জানুৱাৰী অৰ্থাৎ আজি অনুষ্ঠিত বি চি চি আইৰ বিশেষ সাধাৰণ বৈঠকত বি চি চি আইৰ সচিব হিচাপে দেৱজিৎ লন শইকীয়াৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় । বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ নিৰ্বাচিত হয় ।
![Devajit Lon Saikia officially elected as the BCCI secretary](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-01-2025/as-ghy-02-debjit-lawn-saikia-new-secretary-of-bcci-7209925_12012025140511_1201f_1736670911_841.jpg)
উল্লেখ্য যে, জয় শ্বাহে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি) অধ্যক্ষৰ পদ গ্ৰহণ কৰাৰ পাছত বি চি চি আইৰ সচিব পদটো খালী হৈ আছিল । যাৰ বাবে বি চি চি আইৰ সভাপতি ৰ'জাৰ বিন্নীয়ে দেৱজিৎ লন শইকীয়াক বি চি চি আইৰ অন্তৱৰ্তী সচিবৰূপে নিযুক্ত কৰিছিল । বি চি চি আইৰ ভাৰপ্ৰাপ্ত সচিবৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে তেওঁ বি চি চি আইৰ যুটীয়া সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল ।
জয় শ্বাহে আই চি চিৰ অধ্যক্ষৰ দায়িত্ব ১ ডিচেম্বৰত গ্ৰহণ কৰাৰ পাছত তেওঁ পূৰ্বতে অধিষ্ঠিত হৈ থকা বি চি চি আইৰ সচিব পদটো খালী হৈছিল । সেয়েহে বি চি চি আইৰ সভাপতি ৰ’জাৰ বিন্নীয়ে এই পদৰ ভাৰপ্ৰাপ্ত দায়িত্ব অসমৰ দেৱজিৎ লন শইকীয়াৰ হাতত অৰ্পণ কৰিছিল । প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলুৱৈ দেৱজিৎ লন শইকীয়াক ইতিমধ্যে আই চি চিৰ ব’ৰ্ড অৱ ডাৰেক্টৰ্ছৰ ভাৰতৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হৈছে । এনে দায়িত্ব পোৱা তেওঁ হৈছে প্ৰথম অসমীয়া ।
এগৰাকী প্ৰতিষ্ঠিত অধিবক্তা দেৱজিৎ লন শইকীয়াই অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈ অসম ক্ৰিকেট উত্তৰণৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছিল । প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ দেৱজিৎ লন শইকীয়া গুৱাহাটী ক্ৰীড়া সন্থা আৰু গুৱাহাটী টাউন ক্লাবৰো সম্পাদকৰ দায়িত্বত আছে ।
আজি বি চি চি আইৰ দায়িত্ব লাভৰ পাছতে দেৱজিৎ লন শইকীয়াই বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নীৰ সৈতে এখন বৈঠকত মিলিত হয় । ইফালে বি চি চি আইৰ সচিবৰ দায়িত্ব লাভৰ পাছতে বিভিন্নজনে দেৱজিৎ লন শইকীয়াক শুভেচ্ছা জ্ঞাপন কৰিছে ।
লগতে পঢ়ক : দেৱজিৎ লন শইকীয়াৰ কান্ধত গুৰু দায়িত্ব... |