কলিয়াবৰ : ঐতিহ্যমণ্ডিত কলিয়াবৰ, সত্ৰৰ নিজস্ব চৰ্চাৰ সম্পদখিনিৰ ব্যতিৰেকেও অলেখ লোক-সাংস্কৃতিক সম্পদ, পৰিৱেশ্য কলাৰ ৰূপ কলিয়াবৰৰ অৰঙে-দৰঙে সিঁচৰতি হৈ আছে । ভোগালীৰ বতৰত হেৰলি ঘৰ বা ঢেৰা ঘৰৰ চিনাকি হেঁচানাম, ব’ৰাগী নামৰ লগতে কলীবুঢ়ীৰ নৃত্য আদিয়ে এসময়ত কলিয়াবৰ ৰজনজনাই আছিল । সকলোৰে মনত কৌতুহল আৰু উল্লাসৰ সৃষ্টি কৰিছিল -
"মাধৈমালতী ফুল চালত শুকাল/হৰিনাম লওঁতেই ৰাতি পুৱাল" বুলি মাঘৰ বিহুৰ হাৰলিঘৰৰ জুইৰ কাষতে ৰাতি পুৱাই দিছিল ।
ঐতিহ্যমণ্ডিত কলিয়াবৰ সাংস্কৃতিকভাৱে চহকী । বিভিন্ন উৎসৱ পালন হোৱা এই কলিয়াবৰত বিহুৰো এক সুকীয়া স্থান আছে । তিনিওটা বিহু অতি উলহ-মালহেৰে পালন কৰা হয় । বিহু উৎসৱৰ আন সাংস্কৃতিক বৈশিষ্ট্যৰ লগতে কলিয়াবৰত তিনিওটা বিহুতে সত্ৰীয়া সংস্কৃতিৰে পৰিপুষ্ট ‘‘নাম কীৰ্তন’’ৰ প্ৰভাৱ সুস্পষ্ট ৰূপত দেখা যায় ।
কথিত আছে- মদন মোহন শ্ৰীকৃষ্ণই জগতৰ সমাজক চাৰি প্ৰকাৰৰ মাধুৰ্যৰে মুহি ৰাখিবলৈ সক্ষম হৈছে - ৰূপ মাধুৰ্য, লীলা মাধুৰ্য, বেণু মাধুৰ্য আৰু নাম মাধুৰ্য । এই সকলো মাধুৰ্যৰ ভিতৰত নাম মাধুৰ্যকে শ্ৰেষ্ঠ স্থান দিয়া হৈছে । গুৰুজনাৰ নামধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ পৰাই নামৰ গুৰুত্বই অসমীয়া সমাজ জীৱন প্ৰভাৱিত কৰি আহিছে ।
ব’হাগ বিহুত হুঁচৰি নাম, কাতি বিহুত তুলসী তলৰ নাম আৰু মাঘ বিহুত হেঁচানাম, ব’ৰাগী নাম । ‘‘ছ-অৰা এখন সত্ৰ’’ৰে কলিয়াবৰ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ হোৱাৰ বাবেও সত্ৰীয়া সংস্কৃতিৰ উপকৰণসমূহে কলিয়াবৰৰ জাতীয় উৎসৱতো অতীজৰে পৰা প্ৰভাৱ বিস্তাৰ কৰি আহিছে । সেয়ে ব’হাগ আৰু কাতি বিহুৰ দৰে ভোগৰ উৎসৱ ভোগালী বিহু পালনৰো সুকীয়া বৈশিষ্ট্য আছে ।
কলিয়াবৰত ভোগালী বিহু পালনৰ নিয়ম আন ঠাইৰ তুলনাত কিছু পৃথক । কলিয়াবৰত ভোগৰ উৎসৱ ভোগালী বিহুত উল্লেখযোগ্য সমলটি হ'ল হেৰালি ঘৰ । হেৰালি ঘৰ গাঁৱৰ ৰাইজে পথাৰত বা গাঁৱৰ মুকলি ঠাইত সাজি উৰুকাৰ নিশা ধৰ্মীয় নিয়মেৰে মুকলি কৰাৰ নিয়ম । এই হেৰালি ঘৰতে এক বিশেষ বৈশিষ্ট্যৰ নামৰ প্ৰচলন আছে । উৰুকাৰ পৰা কেইবাদিন এই হেৰালি ঘৰত গাঁৱৰ ৰাইজে মিলি ভোজ-ভাত খাই আনন্দ-স্ফূৰ্তি কৰে ।
হেৰালি ঘৰ জ্বলোৱাৰ আগনিশা আয়োজিত ‘‘বৰ-সবাহ’’ত ধৰ্মীয় পৰম্পৰাৰে ধূপ-দীপ-নৈবদ্যৰে প্ৰসাদ আগবঢ়াই নাম গায় । ভোগালী বিহু উপলক্ষে নৰা-খেৰ-বাঁহেৰে সাজি উলিওৱা হেৰালি ঘৰত গোৱা নামক ‘হেঁচানাম’ বুলি কোৱা হয় । খোল-তাল সংগত কৰি গোৱা এই নাম ওৰে নিশা চলে ।
প্ৰধানতঃ শ্ৰীকৃষ্ণৰ প্ৰধান্য থকা নামসমূহ প্ৰথমে হেৰালি ঘৰৰ সভাসদসকলে একেলগে আৰম্ভ কৰে যদিও শেষৰফালে দুটা পক্ষৰ মাজতে নামেৰেই অৰিয়া-অৰি পৰ্যায়লৈ যায়গৈ, যি অতি আমোদজনক আৰু হৃদয়স্পৰ্শী হৈ উঠে । কিন্তু শেহতীয়াকৈ কলিয়াবৰীয়া সংস্কৃতিৰ অমূল্য সম্পদবিধ পূৰ্বৰ তুলনাত চৰ্চা কমি আহিছে ।
কলিয়াবৰত হেৰালি ঘৰ সজা হয় যদিও ই একমাত্ৰ ভোজ-ভাত খোৱা, স্ফুৰ্তি-তামাচাৰ স্থান হৈ পৰিলেও দুই এঠাইত এতিয়াও ‘হেঁচানাম’ৰ প্ৰচলন আছে । এই বিশেষ পদ্ধতিৰ নামৰ বিষয়ে কলিয়াবৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সত্ৰীয়া কলা-কৃষ্টিৰ বিশিষ্ট শিল্পী তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ যজ্ঞোৰাম বৰাই অতীতৰ স্মৃতি সোঁৱৰণ কৰি কয়, ‘‘পুহৰ শেষৰ ফালে ভোগালী বিহুলৈ চাৰি-পাঁচদিন থাকোতে গাঁৱৰ ডেকা-বুঢ়া সকলোৰে গাত তৎ নাইকিয়া হৈছিল । অৱশ্যে কমকৈ হ'লেও এতিয়াও আছে ।’’
‘‘কলিয়াবৰত এই হেৰালি ঘৰতে আমি হেঁচা নাম গাইছিলো । আমাৰ দেউতা, বৰ্তা তথা গাঁৱৰ জ্যেষ্ঠসকলে গোৱা শুনিছিলো । এই নাম গাওঁতে আমি সৰুতে বৰ আনন্দ পাইছিলো । এই নামসমূহ এতিয়াও আমাৰ মনত আছে । ইয়াক ৰখাৰ চেষ্টা চলাই আছো ।’’ তেওঁ কয় ৷
‘‘বিভিন্ন প্ৰকাৰৰ নাম আছে, কিন্তু এই হেঁচা নাম হেৰালি ঘৰতে গোৱা হয় । এই নাম সাধাৰণতে উৰুকাৰ নিশা আৰু বৰসবাহ পাতি গোৱা হয় । আমাৰ দলিবাৰী গাঁৱত এই পৰম্পৰা ধাৰাবাহিকভাৱে ৰখা হৈছিল যদিও মাজে-মধ্যে যতি নপৰা নহয় । উঠি অহা প্ৰজন্মই যদি এই বিশেষ নামভাগ ৰখাৰ চেষ্টা কৰে আমি নিশ্চয় সহযোগ কৰিম ।" শিল্পী পেঞ্চনাৰ যজ্ঞোৰাম বৰাই কয় ৷
লগতে পঢ়ক : মাছৰ সোমবাৰ ! কেৱল মাছ আৰু মাছ... ক'ত ওলাল কিমান ওজনৰ ? লগতে পঢ়ক : ৪৬ হাজাৰ টকাৰ এটা চিতল মাছ |