ডিব্ৰুগড় : ভোগালীৰ উৰুকা, পৰিয়ালৰ সৈতে মিলি হাঁহি-ফূৰ্তিৰে মাছে-মঙহে খোৱাৰ দিন আজি ৷ কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস ! গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালৰ লোকে চকুপানীৰে বাট নেদেখা হৈছে ৷
উৰুকাৰ দিনাই নেদেখাজনে কাঢ়ি লৈ গ’ল জাতি-মাটিৰ গান গাই ভাল পোৱা শিল্পী ৰাজীৱ শদিয়াক ৷ উকা হৈ পৰিল অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন । জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া যে আৰু নাই বিশ্বাস কৰিলৈয়ে টান হৈছে ।
অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ সময়তে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পী ৰাজীৱ শদিয়াই । দেওবাৰে তিনিচুকীয়া জিলাৰ দুৱাৰমৰাৰ ‘ৰসবাৰী পৰ্যটন মেলা’ত গীত গাই থকাৰ মাজতে হঠাৎ ঢলি পৰি অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী । তাৰ পাছত ততাতৈয়াকৈ ৰাজীৱ শদিয়াক ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷
হৃদক্ৰিয়া বন্ধ হৈ পৰাত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল । ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত এদল জ্যেষ্ঠ চিকিৎসকে আপ্ৰাণ চেষ্টা কৰিও জীয়াই ৰাখিবলৈ সক্ষম নহ’ল জাতীয়তাবাদী গীত লিখি-গাই ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা শিল্পীগৰাকীক ।
উল্লেখ্য যে ৰসবাৰী গাঁৱত আয়োজন কৰা ‘ৰসবাৰী পৰ্যটন মেলা’ ৰ সাংস্কৃতিক অনুষ্ঠানত দেওবাৰে নিশা গীত পৰিৱেশন কৰি থকা সময়তে মঞ্চৰ পৰা বাগৰি পৰিছিল শিল্পী ৰাজীৱ শদিয়া ৷ মঞ্চত গীত পৰিৱেশন কৰাৰ পাছতে হঠাৎ মঞ্চৰ পৰা অসুস্থ হৈ তললৈ বাগৰি পৰা শিল্পীগৰাকীক নিশাই ভৰ্তি কৰোৱা হৈছিল ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ।
মঞ্চত দুটা গান গোৱাৰ পাছতে বাগৰি পৰিছিল ৰাজীৱ শদিয়া :
শিল্পীগৰাকীৰ অকাল বিয়োগে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত এক শূন্যৰ সৃষ্টি কৰিলে ৷ পৰিয়ালৰ লগতে সহশিল্পীসকল শোকত ভাগি পৰিছে । শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে সহশিল্পীসকলে জানিবলৈ দিয়ে যে অনুষ্ঠানটোত দুটা গান গাই তৃতীয়টো গান গাবলৈ লোৱাৰ আগত মঞ্চতেই অলপ আগলৈ গৈ ছাউণ্ডৰ মানুহ কেইজনক কিবা এটা ক’বলৈ লওঁতেই বাগৰি পৰে ।
ঘটনাৰ পাছতে স্থানীয় তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে ডিব্ৰুগড়লৈ নিয়াৰ পৰামৰ্শ দিয়ে । অৱশেষত ডিব্ৰুগড়তে জীৱন যাত্ৰাৰ সামৰণি পেলাই শিল্পীগৰাকীয়ে ।
লগতে পঢ়ক : জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ শেষ নিশ্বাস