কাজিৰঙা : আজি ভোগালীৰ উৰুকা । উদুলি-মুদুলি হৈ পৰিছে ৰাজ্যৰ চৌদিশ । ভোগৰ উৎসৱ ভোগালী বুলি মাছৰ বজাৰতো অসংখ্য গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে । বিৰ দি বাট নোপোৱা হৈছে ৰাজ্যৰ প্ৰতিখন বজাৰত । পুৱতি নিশাৰে পৰা মন পছন্দৰ মাছ বিচাৰি মাছৰ বজাৰত খাপ পিটিছে গ্ৰাহকে ।
ইফালে প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাৰ পাছতো উৰুকাৰ নিশা এসাঁজ উদৰ পুৰাই খোৱাৰ উদ্দেশ্যে উৰুকাৰ দিনাই সমূহীয়া মৎস্য চিকাৰ কৰিবলৈ কাজিৰঙালৈ আহিল অগণন মাছুৱৈ ৷ পুৱতি নিশাৰ পৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া কালমুখত মাছ ধৰিবলৈ স্থানীয় ৰাইজৰ লগতে কাষৰীয়া অঞ্চলৰ লোকেও ভিৰ কৰা দেখা যায় ৷
উল্লেখ্য যে, পৰম্পৰাৰ দোহাই দি কাজিৰঙাত অভিজ্ঞ মাছুৱৈৰ দ্বাৰা মৎস্য চিকাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল বোকাখাত প্ৰশাসনে ৷ বোকাখাত সমজিলাৰ আয়ুক্ত শিৱানী জেৰ্ঙ্গাল স্বাক্ষৰিত এক নিৰ্দেশনাযোগে মাঘ বিহুৰ উৰুকাৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া মৰি ডিফলু নৈত অৰ্থাৎ কালমুখত মাছ ধৰিব নোৱাৰিব বুলি স্পষ্ট কৰিছিল ৷ কাৰণ সমূহীয়া মাছ ধৰাৰ নামত একাংশই বেপাৰ আৰম্ভ কৰে ৷
![Traditional Community fishing in Kaziranga during Bhogali uruka](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-01-2025/23315731_kazi.jpg)
অভিযোগ অনুসৰি, বোকাখাত মহকুমাৰ অধীনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্ত এলেকা হালধিবাৰীৰ মৰি ডিফলু নৈ, তিনিচুকী বিল আৰু কলিয়াবৰ মহকুমাৰ অধীনত বান্দৰডুবি, পতাহী বিল, বুঢ়াপাহাৰ, দেওচুৰ, দেওপানী আদিত একাংশই পৰম্পৰাৰ দোহাই দি মাছৰ বেপাৰ কৰে ।
কিন্তু এইবাৰ প্ৰশাসনে বন্যপ্ৰাণী প্ৰতিৰোধ আইন, ১৯৭২ চনৰ ২৭ আৰু ২৯ ধাৰা তথা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অনাধিকাৰ প্ৰৱেশ কৰি মাছ ধৰা কাৰ্য নিষিদ্ধ ঘোষণা কৰিছিল । ১৩ৰ পৰা ১৬ জানুৱাৰীলৈকে প্ৰশাসনৰ এই নিষেধাজ্ঞা বাহাল থকাৰ কথা স্পষ্ট কৰিছিল ।
![community fishing during Magh Bihu celebrations](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-01-2025/23315731_kaziiiii.jpg)
প্ৰশাসনে জাৰি কৰা নিষেধাজ্ঞা যদি কোনো লোকে ভংগ কৰি অবৈধভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰে, তেন্তে জামিন বিহীন গোচৰৰ আওতালৈ আনি গোচৰ পঞ্জীয়ন কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও প্ৰশাসনে নিৰ্দেশনা দিয়ে । আনহাতে, প্ৰশাসনে জাননীখনত উল্লেখ কৰা মতে, এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ ধৰা কাৰ্যত বাধা দিবলৈ আৰক্ষী আৰু বন সুৰক্ষা কৰ্মীয়ে অতি তৎপৰতাৰে কৰ্তব্য পালন কৰিব ৷
লক্ষণীয়ভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৰ একাংশ বিলত উৰুকাৰ দিনা স্থানীয় ৰাইজে মাছ ধৰি খোৱাৰ পৰম্পৰা দীৰ্ঘদিনীয়া ৷ প্ৰতি বছৰেই স্থানীয় ৰাইজে মাছ ধৰি খোৱাৰ ক্ষেত্ৰত অৱশ্যে বন বিভাগে পূৰ্বে বিশেষ বাধা আৰোপ কৰা নাছিল ৷ কিন্তু শেহতীয়াকৈ কিছু বছৰৰ পৰা স্থানীয় লোকে মাছ ধৰি খোৱাৰ ক্ষেত্ৰত বন বিভাগে আপত্তি দৰ্শাই আহিছে ৷ এই লৈ স্থানীয় ৰাইজে বনবিভাগৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি আহিছে ৷
ৰাইজৰ মতে, কেৱল উৰুকাৰ দিনা ৰাইজে মাত্ৰ দুঘণ্টাৰ বাবে পৰম্পৰাগতভাৱে মাছ ধৰি ভোগালীৰ উৰুকাৰ নিশাৰ ভোজ পালন কৰি আহিছে ৷ উদ্যানৰ দাঁতি কাষৰীয়া গঞাই উদ্যানৰ সুৰক্ষাৰ লগতে নিজ খেতি-খোলাৰ শস্য বন্যপ্ৰাণীৰ সৈতে আধিয়াৰী কৰি এক সহাৱস্থানৰ নিদৰ্শন দাঙি ধৰিছে ৷
তেনেক্ষেত্ৰত বন বিভাগে উৰুকাৰ দিনা কেৱল দুঘণ্টাৰ বাবে মাছ ধৰা বিষয়টো জটিল কৰি তুলি দীৰ্ঘদিনীয়া পৰম্পৰা সমূলি ভাঙি পেলোৱাৰ চেষ্টা কৰাটো উচিত নহয় বুলিও স্থানীয় ৰাইজে মতপোষণ কৰিছে ৷ এনে বাদ-বিবাদ অৱশ্যে প্ৰতি বছৰেই চলে ৷
গুৰুত্বপূৰ্ণ কথাটো হ’ল, বোকাখাত নিৱাসী যুৱ পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে যোৱা ৭ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি একাংশ লোকে পৰস্পৰাৰ নামত অবৈধভাৱে প্ৰবেশ কৰি প্ৰতি বছৰে ৰাষ্ট্ৰীয় উদ্যানৰ বিল খাল, জলাশয় আদিত মাছ চিকাৰ কৰাৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ উপৰিও বন্যপ্ৰাণীৰ বিচৰণ, পৰিৱেশ বিনষ্ট কৰি আহিছে বুলি এক অভিযোগ উত্থাপন কৰি ৰাজ্যখনৰ মুখ্য সচিবলৈ এক আবেদনৰ জৰিয়তে এইবাৰ এনে ধৰণৰ অবৈধ কাৰ্য বন্ধ কৰিবলৈ আবেদন কৰিছিল ।
এই আবেদনৰ প্ৰতিলিপিৰ জৰিয়তে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সংশ্লিষ্ট সকলোকে অবগত কৰিছিল । ফলত বোকাখাত সমজিলা প্ৰশাসনে উক্ত নিৰ্দেশনা জাৰি কৰিবলৈ বাধ্য হয় ৷ অৱশ্যে প্ৰশাসনৰ নিষেধাজ্ঞাৰ পাছত এইবাৰ বেপাৰৰ উদ্দেশ্যত অহাৰ বিপৰীতে একাংশ লোক ওলাই আহে সমূহীয়া মাছ ধৰিবৰ বাবে ৷ ইয়াৰ পাতেই আজি দিনৰ ৮ বজাৰ পৰা দুঘণ্টাৰ বাবে মাছ ধৰাৰ অনুমতি দিয়ে প্ৰশাসনে ৷