স্পৰ্টছ ডেস্ক, ১ জুন : ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা চতুৰ্থ ভাৰতীয় আৰু প্ৰথম পুৰুষ বক্সাৰ হিচাপে পৰিগণিত হৈছে নিশান্ত দেৱ । শুকুৰবাৰে থাইলেণ্ডৰ বেংককত অনুষ্ঠিত বক্সিং ৱৰ্ল্ড কোৱালিফায়াৰত তেওঁ মলডোভাৰ ৱাচিল চেবোটাৰীক ৫-০ ব্যৱধানত পৰাস্ত কৰি ৭১ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত উপনীত হয় । এই জয়েৰে নিশান্ত দেৱে পেৰিছ অলিম্পিকত তেওঁৰ স্থান নিশ্চিত কৰে ।
আনহাতে, আন দুগৰাকী বক্সাৰ শচীন চিৱাচ আৰু অন্তিম পংঘালে অলিম্পিক কোটা সুৰক্ষিত কৰাৰ পৰা মাত্ৰ এটা জয় দূৰৈত আছে । ৫৭ কিলোগ্ৰামৰ কোৱাৰ্টাৰ ফাইনেলত চিৱাচে ফ্ৰান্সৰ চেমুৱেল কিষ্টোহুৰীক ৪-১ ব্যৱধানত পৰাস্ত কৰে । আনহাতে, ২০২২ চনৰ কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী অন্তিম পংঘালে ৫১ কিলোগ্ৰাম ওজন শাখাত দক্ষিণ কোৰিয়াৰ ইনকু কিমক ৫-০ ব্যৱধানত পৰাস্ত কৰি ৰাউণ্ড অব ৮-ত প্ৰৱেশ কৰে আৰু তেওঁৰ যোগ্যতা অৰ্জনৰ আশা সজীৱ কৰি ৰাখে ।
উল্লেখ্য যে, ভাৰতে ইতিমধ্যে পেৰিছ গেমছৰ বাবে তিনিটা কোটা লাভ কৰিছে । ইয়াৰ ভিতৰত আছে নিখাত জাৰিন (মহিলাৰ ৫০ কিলোগ্ৰাম), প্ৰীতি (৫৪ কিলোগ্ৰাম) আৰু টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোঁহাই (৭৫ কিলোগ্ৰাম) । তেওঁলোকে ২০২২ এছিয়ান গেমছত পদক জয় কৰি নিজৰ স্থান নিশ্চিত কৰে ।
আনহাতে, ২০২১ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী আমেৰিকাৰ অ'মাৰী জোনছৰ হাতত পৰাস্ত হোৱাৰ পিচত নিশান্ত দেৱে ইটালীত অনুষ্ঠিত প্ৰথম কোৱালিফায়াৰত পেৰিছ অলিম্পিকত স্থান লাভ কৰাৰ পৰা বঞ্চিত হৈছিল । কিন্তু বৰ্তমান এই জয়েৰে পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় পুৰুষ বক্সাৰ হিচাপে পৰিগণিত হয় ।