ছিডনী: ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পঞ্চম আৰু অন্তিম টেষ্ট মেচত তৃতীয় দিনা ভাৰতক পৰাস্ত কৰে অষ্ট্ৰেলিয়াই । অষ্ট্ৰেলিয়াই ৪টা উইকেট হেৰুৱাই ১৬২ ৰাণৰ লক্ষ্যত উপনীত হয় । যাৰ সহায়ত অষ্ট্ৰেলিয়াই ১০ বছৰৰ পাছত ১-৩ ত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী দখল কৰে । ২০১৪-১৫ চনৰ পিছত অষ্ট্ৰেলিয়াই ঘৰুৱা মাটিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী লাভ কৰা নাছিল । স্কট ব’লেণ্ডক খেলৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু যশপ্ৰীত বুমৰাহক ছিৰিজৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান প্ৰদান কৰা হয় ।
ছিডনী টেষ্টত জয়ী হোৱাৰ বাবে অষ্ট্ৰেলিয়াৰ ১৬২ ৰাণৰ লক্ষ্য
তৃতীয় দিনা ১৪১/৬ ত অগ্ৰগতি লাভ কৰি থকা ভাৰতে নিজৰ নিশাৰ স্ক’ৰত মাত্ৰ ১৬ ৰাণহে সংযোজন কৰিব পাৰিলে আৰু তৃতীয় দিনটোৰ প্ৰথম ৪৫ মিনিটত দ্বিতীয় ইনিংছ ১৫৭ ৰাণত সমাপ্ত হয় । যাৰবাবে ভাৰতে ১৬১ ৰাণৰ অগ্ৰগতি লাভ কৰে আৰু অষ্ট্ৰেলিয়াই ১৬২ ৰাণৰ লক্ষ্য লাভ কৰি জয়লাভ কৰে । আনহাতে অষ্ট্ৰেলিয়াৰ স্কট ব’লেণ্ডে ৬টা উইকেট দখল কৰাত সফল হোৱাৰ বিপৰীতে অধিনায়ক পেট কামিন্সে ৩টা উইকেট দখল কৰে ।
A spirited effort from #TeamIndia but it's Australia who win the 5th Test and seal the series 3-1
— BCCI (@BCCI) January 5, 2025
Scorecard - https://t.co/NFmndHLfxu#AUSvIND pic.twitter.com/xKCIrta5fB
বলিং কৰিবলৈ খেলপথাৰলৈ নাহিল বুমৰাহ
১৬২ ৰাণৰ সৰু লক্ষ্য ৰক্ষা কৰিবলৈ ভাৰতীয় বলাৰৰ পৰা অলৌকিকতাৰ আশা কৰা হৈছিল যদিও ভাৰতৰ বাবে চিন্তাৰ বিষয় আছিল যে বুমৰাহ খেলপথাৰলৈ বলিং কৰিবলৈ অহা নাছিল । যাৰবাবে অষ্ট্ৰেলিয়াৰ বাবে এই মেচত জয়ী হোৱাটো বৰ কঠিন নাছিল । অষ্ট্ৰেলিয়াই ২৭ অভাৰত চেজ সম্পূৰ্ণ কৰাৰ লগতে ওছমান খোৱাজা (৪১), বিউ ৱেবষ্টাৰ (৩৯ নট আউট) আৰু ট্ৰেভিছ হেড (৩৪ নট আউট) বিশেষ অৰিহণা যোগায় ।
দ্বিতীয় ইনিংছত প্ৰসিদ্ধ কৃষ্ণই তিনিটা উইকেট দখল কৰে যদিও ভাৰতৰ বাবে সেয়া যথেষ্ট নাছিল ৷ কিয়নো তেওঁৰ বলিং প্ৰদৰ্শন অতি দুৰ্বল আছিল আৰু কামিন্স এণ্ড কোম্পানীয়ে পাৰ্থত ২৯৫ ৰাণত পৰাস্ত হোৱাৰ পিছতো দীৰ্ঘ বিৰতিৰ পাছত ট্ৰফীটো লাভ কৰিবলৈ সক্ষম হয় ৷
ডব্লিউ টি চিৰ ফাইনেলত প্ৰৱেশ অষ্ট্ৰেলিয়া
এই জয়ৰ অৰ্থ এইটোও যে ২০২৩ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ বিজয়ী অষ্ট্ৰেলিয়াই সৰ্বগুৰুত্বপূৰ্ণ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে, য’ত জুন মাহত লৰ্ডছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব । ১১ জুনত লৰ্ডছত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন ।
Ready to defend their World Test Championship mace 👊
— ICC (@ICC) January 5, 2025
Australia qualify for the #WTC25 Final at Lord's 🏏
More 👉 https://t.co/EanY9jFouE pic.twitter.com/xcpTrBOsB8
১০ হাজাৰ টেষ্ট ৰাণ ক্লাৱত প্ৰৱেশত ব্যৰ্থ ষ্টীভ স্মিথ
ষ্টীভ স্মিথে ১০ হাজাৰ টেষ্ট ৰাণ ক্লাবত প্ৰৱেশ কৰিবলৈ এটা ৰাণৰ কাৰণে ব্যৰ্থ হয় । তেওঁ টেষ্টত ৯,৯৯৯ ৰাণত উপনীত হয় ৷ ১০ হাজাৰ ৰাণ সম্পূৰ্ণ কৰিবলৈ তেওঁক মাত্ৰ ৫ ৰাণৰ প্ৰয়োজন আছিল যদিও মাত্ৰ ৪ ৰাণ সংগ্ৰহ কৰি তেওঁ পেভিলিয়নমুখী হয় ।
ছিৰাজে নিজৰ ১০০ সংখ্যক টেষ্ট উইকেট ল’লে
খোৱাজাই ছিৰিজৰ দ্বিতীয়টো অৰ্ধশতক অৰ্জন কৰিব যেন লগা সময়তে তেওঁ ছিৰাজৰ বলিঙত ঋষভ পন্তলৈ পুল শ্বট মাৰি ৪৫টা বলত ৪১ ৰাণ সংগ্ৰহ কৰি আউট হৈ বেগী বলাৰগৰাকীক টেষ্টৰ ১০০ সংখ্যক উইকেট দিছিল ।
উল্লেখ্য যে, অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ১৮১ ৰাণ সংগ্ৰহ কৰি আউট হৈছিল যাৰ বাবে ভাৰতে ৪ ৰাণৰ অগ্ৰগতি লাভ কৰিছিল । ভাৰতে প্ৰথম ইনিংছত ১৮৫ ৰাণ সংগ্ৰহ কৰিছিল । ভাৰতৰ হৈ বলিঙত প্ৰসিদ্ধ কৃষ্ণ আৰু ছিৰাজে তিনিটাকৈ উইকেট দখল কৰে । বুমৰাহ আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে দুটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল ৷ যশপ্ৰীত বুমৰাহে শেষৰখন টেষ্ট মেচত ভাৰতক নেতৃত্ব দিছিল ।
লগতে পঢ়ক: ছিডনী টেষ্টত ভাৰতীয় দলত মোক্ষম আঘাত; আঘাতৰ বাবে খেলপথাৰৰ পৰা বাহিৰ যশপ্ৰীত বুমৰাহ